--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইমতিয়াজ আলীয়ে সদায় নিজৰ ব্যক্তিগত জীৱনক লাইমলাইটৰ পৰা আঁতৰাই ৰাখিছে। জব উই মেট, লাভ আজ কাল, তামাছা আৰু ৰকষ্টাৰ ছবিৰে ইণ্ডিয়ান চিনেমাক ৰোমান্টিক, অগতানুগতিক, আৰু জটিল প্ৰেম কাহিনী দিয়াৰ বাবে পৰিচিত ইমতিয়াজৰ নিজৰ প্ৰেম জীৱনো চিনেমাতকৈ কম নহয়।

 ১৯৯৫ চনত প্ৰীতিৰ সৈতে বিবাহপাশত আবদ্ধ হয় ছবি নিৰ্মাতা গৰাকীয়ে যদিও ২০১২ চনত দুয়োৰে মাজত বিচ্ছেদ ঘটে।উৰাবাতৰি প্ৰচাৰ হৈছিল যে পৰিচালকজনে তেতিয়া অষ্ট্ৰেলিয়াৰ এজন চেফৰ লগত ডেটিং কৰিছিল যদিও ইমটিয়াজৰ পৰা কোনো আনুষ্ঠানিক নিশ্চিতকৰণ পোৱা নাছিল। বিচ্ছিন্ন পত্নী প্ৰীতিৰ সৈতে ইদা আলী নামৰ এগৰাকী কন্যাও আছে ছবি নিৰ্মাতা গৰাকীৰ। এতিয়া শেহতীয়া খবৰ অনুসৰি দম্পতীহালে পুনৰ একত্ৰিত হৈছে আৰু দম্পতী হিচাপে একেলগে থাকিবলৈ লৈছে বুলি অনুমান কৰা হৈছে।

ইটাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ইমতিয়াজ আলী আৰু প্ৰীতিয়ে দুটা পাৰিবাৰিক ভ্ৰমণলৈ গৈছিল, ২০২১ চনৰ জানুৱাৰী মাহত এটা মালদ্বীপলৈ আৰু তাৰ পাছত ২০২১ চনৰ জুলাই মাহত তেওঁলোকৰ কন্যাৰ সৈতে  কেৰেলালৈ, । খবৰ অনুসৰি এই সময়তে দম্পতীহালে পুনৰ মিলিত হোৱাৰ সিদ্ধান্ত লয় । ২০২২ চনৰ জুন মাহত তেওঁলোকৰ মাজত মতানৈক্য সমাধান হৈছিল।

পূৰ্বতে ইমটিয়াজে লকডাউনৰ সময়ত বিচ্ছিন্ন পত্নীৰ সৈতে মুম্বাইৰ ঘৰত থাকিবলৈ আৰম্ভ কৰা বুলিও খবৰ ওলাইছিল। তদুপৰি বিশ্বত বৃদ্ধি পোৱা ক’ভিড-১৯ৰ সংক্ৰমণৰ বাবে তেওঁলোকৰ কন্যাক আমেৰিকাৰ পৰা মুম্বাইলৈ মাতি অনা বাতৰিও প্ৰকাশ হৈছিল।

ইমতিয়াজ আলীয়ে তেওঁৰ পত্নী প্ৰীতিৰ পৰা ছয় বছৰ বিচ্ছিন্নতাৰ পিছত মাষ্টাৰচেফ অষ্ট্ৰেলিয়াৰ ৬ নং ছিজনৰ প্ৰতিযোগী চাৰা টডৰ সৈতে ডেটিং কৰাৰ উৰাবাতৰি প্ৰচাৰ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু