--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইমতিয়াজ আলীয়ে সদায় নিজৰ ব্যক্তিগত জীৱনক লাইমলাইটৰ পৰা আঁতৰাই ৰাখিছে। জব উই মেট, লাভ আজ কাল, তামাছা আৰু ৰকষ্টাৰ ছবিৰে ইণ্ডিয়ান চিনেমাক ৰোমান্টিক, অগতানুগতিক, আৰু জটিল প্ৰেম কাহিনী দিয়াৰ বাবে পৰিচিত ইমতিয়াজৰ নিজৰ প্ৰেম জীৱনো চিনেমাতকৈ কম নহয়।

 ১৯৯৫ চনত প্ৰীতিৰ সৈতে বিবাহপাশত আবদ্ধ হয় ছবি নিৰ্মাতা গৰাকীয়ে যদিও ২০১২ চনত দুয়োৰে মাজত বিচ্ছেদ ঘটে।উৰাবাতৰি প্ৰচাৰ হৈছিল যে পৰিচালকজনে তেতিয়া অষ্ট্ৰেলিয়াৰ এজন চেফৰ লগত ডেটিং কৰিছিল যদিও ইমটিয়াজৰ পৰা কোনো আনুষ্ঠানিক নিশ্চিতকৰণ পোৱা নাছিল। বিচ্ছিন্ন পত্নী প্ৰীতিৰ সৈতে ইদা আলী নামৰ এগৰাকী কন্যাও আছে ছবি নিৰ্মাতা গৰাকীৰ। এতিয়া শেহতীয়া খবৰ অনুসৰি দম্পতীহালে পুনৰ একত্ৰিত হৈছে আৰু দম্পতী হিচাপে একেলগে থাকিবলৈ লৈছে বুলি অনুমান কৰা হৈছে।

ইটাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ইমতিয়াজ আলী আৰু প্ৰীতিয়ে দুটা পাৰিবাৰিক ভ্ৰমণলৈ গৈছিল, ২০২১ চনৰ জানুৱাৰী মাহত এটা মালদ্বীপলৈ আৰু তাৰ পাছত ২০২১ চনৰ জুলাই মাহত তেওঁলোকৰ কন্যাৰ সৈতে  কেৰেলালৈ, । খবৰ অনুসৰি এই সময়তে দম্পতীহালে পুনৰ মিলিত হোৱাৰ সিদ্ধান্ত লয় । ২০২২ চনৰ জুন মাহত তেওঁলোকৰ মাজত মতানৈক্য সমাধান হৈছিল।

পূৰ্বতে ইমটিয়াজে লকডাউনৰ সময়ত বিচ্ছিন্ন পত্নীৰ সৈতে মুম্বাইৰ ঘৰত থাকিবলৈ আৰম্ভ কৰা বুলিও খবৰ ওলাইছিল। তদুপৰি বিশ্বত বৃদ্ধি পোৱা ক’ভিড-১৯ৰ সংক্ৰমণৰ বাবে তেওঁলোকৰ কন্যাক আমেৰিকাৰ পৰা মুম্বাইলৈ মাতি অনা বাতৰিও প্ৰকাশ হৈছিল।

ইমতিয়াজ আলীয়ে তেওঁৰ পত্নী প্ৰীতিৰ পৰা ছয় বছৰ বিচ্ছিন্নতাৰ পিছত মাষ্টাৰচেফ অষ্ট্ৰেলিয়াৰ ৬ নং ছিজনৰ প্ৰতিযোগী চাৰা টডৰ সৈতে ডেটিং কৰাৰ উৰাবাতৰি প্ৰচাৰ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ