--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৰা হ’বলৈ সাজু হৈছে হৃত্বিক ৰোশন। ৰণবীৰ কাপুৰৰ পিছত এইবাৰ বলীউডত হৃত্বিক ৰোশনৰ বিয়াৰ গুঞ্জন উঠিছে। তেওঁতকৈ ১২ বছৰৰ সৰু প্ৰেমিকা ছাবা আজাদৰ সৈতে হৃত্বিক ৰোশন বিবাহপাশত আৱদ্ধ হ’ব বুলি ইতিমধ্যেই বলীউডৰ ভিতৰচৰাত গুণগুণনি উঠিছে। হৃত্বিক ৰোশনে কেইবামাহো ধৰি অভিনেত্ৰী ছাবা আজাদৰ লগত ডেটিং কৰি আছে। তেওঁলোকে নিজৰ সম্পৰ্কক কেতিয়াও লুকুৱাই ৰখা নাই। দুয়োকে ভিন্ন স্পটত একেলগে দেখা যায়। 

শেহতীয়াকৈ প্ৰকাশ পোৱা খবৰ অনুসৰি দুয়ো অতি সোনকালে বিবাহপাশত আবদ্ধ হ’ব। কিছুদিন পূৰ্বে হৃত্বিক আৰু ছাবা বিদেশলৈ ছুটীত গৈছিল আৰু তেওঁলোকৰ ফটোও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। তেওঁলোকৰ বিয়া কেতিয়া এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য নাই যদিও বহু সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে অতি শীঘ্ৰেই হৃত্বিক ৰোশন আৰু ছাবা আজাদে সাত ফেৰে ল’ব। 

শেহতীয়াকৈ ফিল্মফেয়াৰে এটা পোষ্ট শ্বেয়াৰ কৰিছে য’ত লিখা আছে যে হৃতিকে হয়তো অতি সোনকালে ছাবাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। এই খবৰ মিডিয়া ইণ্ডাষ্ট্ৰীত অতি দ্ৰুতগতিত বিয়পি পৰিছে। বিখ্যাত জ্যোতিষী বেজন দাৰুৱালাই ভৱিষ্যদ্বাণী কৰিছিল যে হৃত্বিকে দ্বিতীয়বাৰৰ বাবে বিয়া পাতিব। এই ভৱিষ্যদ্বাণী তেওঁ তেতিয়া কৰিছিল যেতিয়া হৃত্বিকে তেওঁৰ প্ৰথম পত্নী চুজান খানক বিবাহ বিচ্ছেদ কৰিছিল। 

উল্লেখ্য যে প্ৰথমে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ পৰা ছাবাৰ লগত ওলাই যোৱা দেখিবলৈ পোৱা গৈছিল হৃত্বিকক। আৰু তেতিয়াৰ পৰা দুয়োজনে ইজনে সিজনৰ লগত ডেটিং কৰাৰ খবৰ প্ৰকাশ পাই আহিছিল। ইয়াৰ পিছতে প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত দুয়ো একেলগে আনুষ্ঠানিকভাৱে প’জ দিছিল কৰণ জোহৰৰ জন্মদিনৰ পাৰ্টিত। হৃত্বিকৰ সকলো পাৰিবাৰিক কাৰ্য্যত ছাবাক উপস্থিত হোৱা দেখা যায়। হৃত্বিকৰ পৰিয়ালৰ সৈতেও ঘনিষ্ঠ হৈ পৰিছে ছাবা আজাদ। এতিয়া মাঁথো অপেক্ষা কেতিয়া বাজিব হৃত্বিক-ছাবাৰ বিয়াৰ ছেহনাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু