--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৰা হ’বলৈ সাজু হৈছে হৃত্বিক ৰোশন। ৰণবীৰ কাপুৰৰ পিছত এইবাৰ বলীউডত হৃত্বিক ৰোশনৰ বিয়াৰ গুঞ্জন উঠিছে। তেওঁতকৈ ১২ বছৰৰ সৰু প্ৰেমিকা ছাবা আজাদৰ সৈতে হৃত্বিক ৰোশন বিবাহপাশত আৱদ্ধ হ’ব বুলি ইতিমধ্যেই বলীউডৰ ভিতৰচৰাত গুণগুণনি উঠিছে। হৃত্বিক ৰোশনে কেইবামাহো ধৰি অভিনেত্ৰী ছাবা আজাদৰ লগত ডেটিং কৰি আছে। তেওঁলোকে নিজৰ সম্পৰ্কক কেতিয়াও লুকুৱাই ৰখা নাই। দুয়োকে ভিন্ন স্পটত একেলগে দেখা যায়। 

শেহতীয়াকৈ প্ৰকাশ পোৱা খবৰ অনুসৰি দুয়ো অতি সোনকালে বিবাহপাশত আবদ্ধ হ’ব। কিছুদিন পূৰ্বে হৃত্বিক আৰু ছাবা বিদেশলৈ ছুটীত গৈছিল আৰু তেওঁলোকৰ ফটোও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। তেওঁলোকৰ বিয়া কেতিয়া এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য নাই যদিও বহু সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে অতি শীঘ্ৰেই হৃত্বিক ৰোশন আৰু ছাবা আজাদে সাত ফেৰে ল’ব। 

শেহতীয়াকৈ ফিল্মফেয়াৰে এটা পোষ্ট শ্বেয়াৰ কৰিছে য’ত লিখা আছে যে হৃতিকে হয়তো অতি সোনকালে ছাবাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। এই খবৰ মিডিয়া ইণ্ডাষ্ট্ৰীত অতি দ্ৰুতগতিত বিয়পি পৰিছে। বিখ্যাত জ্যোতিষী বেজন দাৰুৱালাই ভৱিষ্যদ্বাণী কৰিছিল যে হৃত্বিকে দ্বিতীয়বাৰৰ বাবে বিয়া পাতিব। এই ভৱিষ্যদ্বাণী তেওঁ তেতিয়া কৰিছিল যেতিয়া হৃত্বিকে তেওঁৰ প্ৰথম পত্নী চুজান খানক বিবাহ বিচ্ছেদ কৰিছিল। 

উল্লেখ্য যে প্ৰথমে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ পৰা ছাবাৰ লগত ওলাই যোৱা দেখিবলৈ পোৱা গৈছিল হৃত্বিকক। আৰু তেতিয়াৰ পৰা দুয়োজনে ইজনে সিজনৰ লগত ডেটিং কৰাৰ খবৰ প্ৰকাশ পাই আহিছিল। ইয়াৰ পিছতে প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত দুয়ো একেলগে আনুষ্ঠানিকভাৱে প’জ দিছিল কৰণ জোহৰৰ জন্মদিনৰ পাৰ্টিত। হৃত্বিকৰ সকলো পাৰিবাৰিক কাৰ্য্যত ছাবাক উপস্থিত হোৱা দেখা যায়। হৃত্বিকৰ পৰিয়ালৰ সৈতেও ঘনিষ্ঠ হৈ পৰিছে ছাবা আজাদ। এতিয়া মাঁথো অপেক্ষা কেতিয়া বাজিব হৃত্বিক-ছাবাৰ বিয়াৰ ছেহনাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ