--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন দৰাৰ ফটোৱে ছ'চিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কাৰণ দৰাৰ দেহত পৰম্পৰাগত সাজ-পোছাকৰ বিপৰীতে আছিল এজন দেশী ছুপাৰহিৰ'ৰ সাজ। কেৰেলাৰ এই দৰাজনৰ নাম অমল ৰবীন্দ্ৰন। ভাৰতীয় চিনেমাৰ এটা দেশী ছুপাৰহিৰোৰ চৰিত্ৰ ইমানেই জনপ্ৰিয় হৈ পৰিল যে সেই চৰিত্ৰৰ পোছাক পিন্ধি বিয়া পাতিলে ২৯ বছৰীয়া যুৱকজনে। ২০২১ বৰ্ষৰ ১৬ ডিচেম্বৰত নেটফ্লিক্সত মুক্তি লাভ কৰে মালায়লাম ছবি 'মিন্নাল মুৰলী'-য়ে। 'মিন্নাল মুৰলী'ৰ ছুপাৰহিৰ'ৰ চৰিত্ৰটোৱে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। এখন জনপ্ৰিয় চিনেমা হিচাপে বিবেচিত হয় 'মিন্নাল মুৰলী'। চিনেমাখনত এজন দৰ্জীৰ কাহিনী দেখুওৱা হৈছে। তেওঁ বজ্ৰপাতৰ দ্বাৰা আহত হোৱাৰ পাছত ছুপাৰ পাৱাৰ লাভ কৰি ছুপাৰহিৰ' হৈ উঠে। এই চৰিত্ৰটোত অভিনয় কৰিছে টোভিনো থমাছে। অমল ৰবীন্দ্ৰন মিন্নাল মুৰলী চাই ইমানেই প্ৰভাৱিত হয় যে নিজৰ বিয়াৰ দিনা সেই পোচাক পিন্ধাৰ সিদ্ধান্ত লয়। বিবাহৰ পূৰ্বে দৰা-কইনা প্ৰি ৱেডিং ফটোশ্বুট আৰু ভিডিঅ' কৰিছিল, তাত অমল ৰবীন্দ্ৰনে ছুপাৰহিৰ'ৰ পোচাক পৰিধান কৰিছিল, সেইবোৰত সকলোৰে পৰা ইতিবাচক সঁহাৰি পোৱাৰ পাছত দৰাৰ সাজতো মিন্নাল মুৰলীৰ ছুপাৰহিৰ'ৰ সাজ পৰিধান কৰাৰ সিদ্ধান্ত লয় যুৱকজনে। অমল ৰবীন্দ্ৰনে কয় যে তেওঁৰ পৰিয়ালৰ লোকে আৰু আত্মীয়সকলে তেওঁক ছুপাৰহিৰ' হিচাপে পোছাক পিন্ধাৰ ধাৰণাটোৰ সমৰ্থন কৰিছিল। অৱশ্যে কইনা অঞ্জুৱে পৰম্পৰাগত পোচাকেই পৰিধান কৰে। এই বিয়াখনৰ খবৰ এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগতে সংবাদ শিৰোনামো দখল কৰে। আৰু পঢ়কঃ ‘এওঁক নিজৰ কৰি পাব বিচাৰোঁ’! নীৰজ চোপ্ৰাৰ প্ৰেমত হাবুডুবু খাই ক’লে অভিনেত্ৰীয়ে

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ