--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন দৰাৰ ফটোৱে ছ'চিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কাৰণ দৰাৰ দেহত পৰম্পৰাগত সাজ-পোছাকৰ বিপৰীতে আছিল এজন দেশী ছুপাৰহিৰ'ৰ সাজ। কেৰেলাৰ এই দৰাজনৰ নাম অমল ৰবীন্দ্ৰন। ভাৰতীয় চিনেমাৰ এটা দেশী ছুপাৰহিৰোৰ চৰিত্ৰ ইমানেই জনপ্ৰিয় হৈ পৰিল যে সেই চৰিত্ৰৰ পোছাক পিন্ধি বিয়া পাতিলে ২৯ বছৰীয়া যুৱকজনে। ২০২১ বৰ্ষৰ ১৬ ডিচেম্বৰত নেটফ্লিক্সত মুক্তি লাভ কৰে মালায়লাম ছবি 'মিন্নাল মুৰলী'-য়ে। 'মিন্নাল মুৰলী'ৰ ছুপাৰহিৰ'ৰ চৰিত্ৰটোৱে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। এখন জনপ্ৰিয় চিনেমা হিচাপে বিবেচিত হয় 'মিন্নাল মুৰলী'। চিনেমাখনত এজন দৰ্জীৰ কাহিনী দেখুওৱা হৈছে। তেওঁ বজ্ৰপাতৰ দ্বাৰা আহত হোৱাৰ পাছত ছুপাৰ পাৱাৰ লাভ কৰি ছুপাৰহিৰ' হৈ উঠে। এই চৰিত্ৰটোত অভিনয় কৰিছে টোভিনো থমাছে। অমল ৰবীন্দ্ৰন মিন্নাল মুৰলী চাই ইমানেই প্ৰভাৱিত হয় যে নিজৰ বিয়াৰ দিনা সেই পোচাক পিন্ধাৰ সিদ্ধান্ত লয়। বিবাহৰ পূৰ্বে দৰা-কইনা প্ৰি ৱেডিং ফটোশ্বুট আৰু ভিডিঅ' কৰিছিল, তাত অমল ৰবীন্দ্ৰনে ছুপাৰহিৰ'ৰ পোচাক পৰিধান কৰিছিল, সেইবোৰত সকলোৰে পৰা ইতিবাচক সঁহাৰি পোৱাৰ পাছত দৰাৰ সাজতো মিন্নাল মুৰলীৰ ছুপাৰহিৰ'ৰ সাজ পৰিধান কৰাৰ সিদ্ধান্ত লয় যুৱকজনে। অমল ৰবীন্দ্ৰনে কয় যে তেওঁৰ পৰিয়ালৰ লোকে আৰু আত্মীয়সকলে তেওঁক ছুপাৰহিৰ' হিচাপে পোছাক পিন্ধাৰ ধাৰণাটোৰ সমৰ্থন কৰিছিল। অৱশ্যে কইনা অঞ্জুৱে পৰম্পৰাগত পোচাকেই পৰিধান কৰে। এই বিয়াখনৰ খবৰ এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগতে সংবাদ শিৰোনামো দখল কৰে। আৰু পঢ়কঃ ‘এওঁক নিজৰ কৰি পাব বিচাৰোঁ’! নীৰজ চোপ্ৰাৰ প্ৰেমত হাবুডুবু খাই ক’লে অভিনেত্ৰীয়ে

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু