--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক বিজয়ী ভাৰতীয় জেভলিন থ্ৰ’ খেলুৱৈ নীৰজ চোপ্ৰা বৰ্তমান সময়ত কিমান জনপ্ৰিয় সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বিশেষকৈ যুৱতীসকলৰ স্বপ্নৰ পুৰুষ হৈ পৰিছে নীৰজ চোপ্ৰা। নায়ক সুলভ চেহেৰা, সুন্দৰ শাৰীৰিক গঠন, শক্তিশালী ব্যক্তিত্ব, অমায়িক ব্যৱহাৰ, সহজ-সৰল গুণৰ অধিকাৰী নীৰজে কেৱল যুৱতী বুলিয়েই নহয় সমাজৰ সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁক বৰ্তমান সময়ৰ 'মষ্ট ইলিজিবেল বেচ্চলৰ' বুলি অভিহিত কৰা হৈছে। নীৰজ চোপ্ৰাৰ প্ৰেমত পৰা বুলি মুকলিকৈ ব্যক্ত কৰিছে এগৰাকী অভিনেত্ৰীয়ে। অভিনেত্ৰীগৰাকীৰ নাম জয়িতা চেতাৰ্জী। জয়িতাই কয় যে ''অলিম্পিকত স্বৰ্ণ পদক জয় কৰাৰ পাছৰে পৰা মই তেওঁক ফ'ল' কৰিবলৈ লওঁ। মই ক'ব নোৱাৰাকৈয়ে তেওঁৰ প্ৰতি দিনক দিনে আকৰ্ষিত হৈ পৰিছো। যেতিয়া মই তেওঁৰ ভিডিঅ'বোৰ চাবলৈ আৰম্ভ কৰিছিলোঁ, মই অনুভৱ কৰিছিলো যে ল'ৰাজনৰ এক বেলেগ ধৰণৰ সৰলতা আছে। ইমানখিনি সফলতা অৰ্জন কৰাৰ পাছতো তেওঁৰ ভৰি মাটিত আছে। তেওঁ নিজে যেনেকুৱা তেনেকুৱাকৈ নিজক উপস্থাপন কৰে, কেতিয়াও ভুৱাৰ আশ্ৰয় লোৱা নাই আৰু তেওঁ মহিলাসকলৰ সৈতে কৰা ব্যৱহাৰ দেখি মই ভাল পাওঁ। ছোৱালীবোৰে তেওঁৰ পিছত পৰি থকা দেখোঁ কিন্তু তেওঁ সকলোকে নমস্কাৰ এটা দি মিঠাকৈ হাঁহি এটা মাৰি আঁতৰি যায়। নীৰজে মোৰ হৃদয় গলাইছে।'' জয়িতাই লগতে কয় যে ''নীৰজৰ সকলোখিনিয়ে মোৰ ভাল লাগে।এজন আদৰ্শ ল'ৰাৰ থাকিবলগা সকলো বৈশিষ্ট্য নীৰজ চোপ্ৰাৰ আছে। তেওঁ লগতে কয় যে, নীৰজ চোপ্ৰাৰ এক চুম্বকীয় আকৰ্ষণ আছে আৰু এই কথাটোৱে মোক তেওঁৰ ফালে টানি আনে। মই ইনষ্টাগ্ৰামত নীৰজৰ ফেন ক্লাৱে পষ্ট কৰা বহুতো ভিডিঅ' দেখিছো য'ত তেওঁ কাৰোবাৰ বিয়াত 'দেশী' নৃত্য কৰি আছে। তেওঁ দেশক সকলো ক্ষেত্ৰতে গুৰুত্ব দিয়ে। এনেকুৱা কথাবোৰ মই বৰ ভাল পাওঁ। নীৰজক নিজৰ কৰি পাব বিচাৰোঁ কিন্তু তেওঁক মই পাওঁ নে নাপাওঁ নাজানো, যিজনী ছোৱালীয়ে নীৰজক নিজৰ কৰি পাব সেই ছোৱালীজনী বহুত ভাগ্যৱতী হ'ব।'' উল্লেখ্য যে অভিনেত্ৰীগৰাকী নীৰজ চোপ্ৰাৰ দ্বাৰা ইমানেই প্ৰভাৱিত হৈছে যে তেওঁ নিজৰ জীৱনটো সৰলভাৱে জীয়াবলৈ আৰম্ভ কৰিছে। জয়িতাই কয় যে যিদিনা নীৰজ চোপ্ৰাক মোৰ সন্মুখত দেখিম সেইদিনা হয়তো মই বহুত নাৰ্ভাছ ফিল কৰিম। নীৰজ চোপ্ৰাই পাছে জয়িতা চেতাৰ্জীৰ প্ৰতি আকৰ্ষিত হ'ব নে নাই সেয়া হে হ'ব লক্ষ্যণীয়। আৰু পঢ়কঃ ৩০ কোটি টকাৰ সম্পত্তি দান কৰি আঢ্যৱন্ত পৰিয়ালৰ সন্ন্যাস ধৰ্ম গ্ৰহণ! আটায়ে ল’লে দীক্ষা

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ