--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক বিজয়ী ভাৰতীয় জেভলিন থ্ৰ’ খেলুৱৈ নীৰজ চোপ্ৰা বৰ্তমান সময়ত কিমান জনপ্ৰিয় সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বিশেষকৈ যুৱতীসকলৰ স্বপ্নৰ পুৰুষ হৈ পৰিছে নীৰজ চোপ্ৰা। নায়ক সুলভ চেহেৰা, সুন্দৰ শাৰীৰিক গঠন, শক্তিশালী ব্যক্তিত্ব, অমায়িক ব্যৱহাৰ, সহজ-সৰল গুণৰ অধিকাৰী নীৰজে কেৱল যুৱতী বুলিয়েই নহয় সমাজৰ সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁক বৰ্তমান সময়ৰ 'মষ্ট ইলিজিবেল বেচ্চলৰ' বুলি অভিহিত কৰা হৈছে। নীৰজ চোপ্ৰাৰ প্ৰেমত পৰা বুলি মুকলিকৈ ব্যক্ত কৰিছে এগৰাকী অভিনেত্ৰীয়ে। অভিনেত্ৰীগৰাকীৰ নাম জয়িতা চেতাৰ্জী। জয়িতাই কয় যে ''অলিম্পিকত স্বৰ্ণ পদক জয় কৰাৰ পাছৰে পৰা মই তেওঁক ফ'ল' কৰিবলৈ লওঁ। মই ক'ব নোৱাৰাকৈয়ে তেওঁৰ প্ৰতি দিনক দিনে আকৰ্ষিত হৈ পৰিছো। যেতিয়া মই তেওঁৰ ভিডিঅ'বোৰ চাবলৈ আৰম্ভ কৰিছিলোঁ, মই অনুভৱ কৰিছিলো যে ল'ৰাজনৰ এক বেলেগ ধৰণৰ সৰলতা আছে। ইমানখিনি সফলতা অৰ্জন কৰাৰ পাছতো তেওঁৰ ভৰি মাটিত আছে। তেওঁ নিজে যেনেকুৱা তেনেকুৱাকৈ নিজক উপস্থাপন কৰে, কেতিয়াও ভুৱাৰ আশ্ৰয় লোৱা নাই আৰু তেওঁ মহিলাসকলৰ সৈতে কৰা ব্যৱহাৰ দেখি মই ভাল পাওঁ। ছোৱালীবোৰে তেওঁৰ পিছত পৰি থকা দেখোঁ কিন্তু তেওঁ সকলোকে নমস্কাৰ এটা দি মিঠাকৈ হাঁহি এটা মাৰি আঁতৰি যায়। নীৰজে মোৰ হৃদয় গলাইছে।'' জয়িতাই লগতে কয় যে ''নীৰজৰ সকলোখিনিয়ে মোৰ ভাল লাগে।এজন আদৰ্শ ল'ৰাৰ থাকিবলগা সকলো বৈশিষ্ট্য নীৰজ চোপ্ৰাৰ আছে। তেওঁ লগতে কয় যে, নীৰজ চোপ্ৰাৰ এক চুম্বকীয় আকৰ্ষণ আছে আৰু এই কথাটোৱে মোক তেওঁৰ ফালে টানি আনে। মই ইনষ্টাগ্ৰামত নীৰজৰ ফেন ক্লাৱে পষ্ট কৰা বহুতো ভিডিঅ' দেখিছো য'ত তেওঁ কাৰোবাৰ বিয়াত 'দেশী' নৃত্য কৰি আছে। তেওঁ দেশক সকলো ক্ষেত্ৰতে গুৰুত্ব দিয়ে। এনেকুৱা কথাবোৰ মই বৰ ভাল পাওঁ। নীৰজক নিজৰ কৰি পাব বিচাৰোঁ কিন্তু তেওঁক মই পাওঁ নে নাপাওঁ নাজানো, যিজনী ছোৱালীয়ে নীৰজক নিজৰ কৰি পাব সেই ছোৱালীজনী বহুত ভাগ্যৱতী হ'ব।'' উল্লেখ্য যে অভিনেত্ৰীগৰাকী নীৰজ চোপ্ৰাৰ দ্বাৰা ইমানেই প্ৰভাৱিত হৈছে যে তেওঁ নিজৰ জীৱনটো সৰলভাৱে জীয়াবলৈ আৰম্ভ কৰিছে। জয়িতাই কয় যে যিদিনা নীৰজ চোপ্ৰাক মোৰ সন্মুখত দেখিম সেইদিনা হয়তো মই বহুত নাৰ্ভাছ ফিল কৰিম। নীৰজ চোপ্ৰাই পাছে জয়িতা চেতাৰ্জীৰ প্ৰতি আকৰ্ষিত হ'ব নে নাই সেয়া হে হ'ব লক্ষ্যণীয়। আৰু পঢ়কঃ ৩০ কোটি টকাৰ সম্পত্তি দান কৰি আঢ্যৱন্ত পৰিয়ালৰ সন্ন্যাস ধৰ্ম গ্ৰহণ! আটায়ে ল’লে দীক্ষা

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু