--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বৰা ভাস্কৰ। বলীউডৰ অভিনেত্ৰী স্বৰাই আজিলৈকে যিমান ছবি কৰিছে তাতকৈ বেতৰ্কই বেছি হৈছে। শেহতীয়াকৈ স্বৰাৰ বিয়াকলৈ বিতৰ্কৰ সৃষ্টি হৈছে। ইমানৰ পিছতো অৱশ্যে ধন-সম্পত্তিৰ ফালৰ পৰা স্বৰা আন বহু আগশাৰীৰ তাৰকাৰ সমানেই ধনী। এয়া কেনেকৈ সম্ভৱ হৈছে? দৰ্শকে তেওঁক মুখ্যতঃ পাৰ্শ্ব চৰিত্ৰতেই দেখি আহিছে। বিয়াৰ পিছতে  নিন্দুকসকলৰ তীব্ৰ বাক্যবাণৰ সন্মুখীন হৈছে স্বৰা।  স্বৰা কেনেকৈ ইমান সম্পত্তিৰ গৰাকী হ'ল তাকেলৈয়ো বহুতে প্ৰশ্ন কৰিছে। 

'বীৰে দি ৱেডিং' নামৰ ছবি খনত  স্বৰাই এক আধুনিক, নাৰীবাদী চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ চৰিত্ৰটোৱে  পৰ্দাত এনে কিছুমান কাৰ্য কৰি দেখুৱাইছিল যিবোৰ সভ্য সমাজে সহজে মানি ল’ব নিবিোৰে।  স্বৰাই চিত্ৰনাট্যৰ দাবী পূৰণ কৰি এক তেনে কাৰ্যবোৰ কৰিছিল।ছবি খন কৰোতে তেওঁ তথাকথিত সংস্কাৰৰ বিষয়ে গুৰুত্ব দিয়া নাছিল। অপবাদকাৰীসকলে স্বৰাক সেই সময়ত  'নিৰ্লজ্জ', 'গণিকা' বুলি অভিহিত কৰি  অপমান কৰা আৰম্ভ কৰিছিল।স্বৰা দীৰ্ঘদিন ধৰি দিল্লীৰ এটা নাট্য গোষ্ঠীৰ সৈতে   জড়িত হৈ  আছিল।

 তেওঁ ২০০৮ চনত মুম্বাইলৈ আহিছিল। তেওঁ ২০০৯ চনত 'মাধোলাল কিপ ৱাকিং' ছবি খনৰ  জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। স্বৰাই 'তনু ৱেডছ মনু ৰিটাৰ্ণছ' ছবি খনতো মনপৰশা অভিনয় কৰিছিল। ইয়াৰ উপৰি স্বৰাই 'নীল বাটে সন্নাটা', 'আৰাহৰ অনাৰকলি'ৰ দৰে কেইবাখনো ছবিত অভিন? কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

অৱশ্যে যোৱা কেইবছৰমানত স্বৰাৰ কোনো ছবি বা ৱেব শৃংখলাই দৰ্শকৰ মনত প্ৰভাৱ পেলাব পৰা নাই।কিন্তু স্বৰাৰ জীৱনশৈলীত ইয়াৰ কোনো প্ৰভাৱ পৰিছে নেকি? একেবাৰে নহয়।

সূত্ৰ অনুসৰি স্বৰাৰ জীৱন বিলাসিতাৰ মাজৰেই  অতিবাহিত হয়। দিল্লী আৰু মুম্বাইত তেওঁৰ নিজা ঘৰ আছে। অভিনয় হৈছে স্বৰাৰ উপাৰ্জনৰ উৎস। এয়া জনা গৈছে  যে তেওঁ এখন চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে চাৰিৰ পৰা পাঁচ কোটি টকা পাৰিশ্ৰমিক  লয়। যদিও বলীউডত এতিয়াও পাৰিশ্ৰমিকত লিংগৰ ব্যৱধান আছে, তথাপি  স্বৰাই কম  পাৰিশ্ৰমিক কেতিয়াও কাম নকৰে। 

স্বৰাৰ সম্পত্তিৰ মূল্য ৪০  কোটি টকা হ’ব বুলি বহুতে অনুমান কৰিছে।!চলচ্চিত্ৰৰ উপৰি স্বৰাই বিজ্ঞাপনতো কাম কৰে। তেওঁ সামাজিক মাধ্যমতো সক্ৰিয়। বিজ্ঞাপনৰ পৰাও স্বৰাই এক বুজন পৰিমাণৰ ধন উপাৰ্জন কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী