--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বৰা ভাস্কৰ। বলীউডৰ অভিনেত্ৰী স্বৰাই আজিলৈকে যিমান ছবি কৰিছে তাতকৈ বেতৰ্কই বেছি হৈছে। শেহতীয়াকৈ স্বৰাৰ বিয়াকলৈ বিতৰ্কৰ সৃষ্টি হৈছে। ইমানৰ পিছতো অৱশ্যে ধন-সম্পত্তিৰ ফালৰ পৰা স্বৰা আন বহু আগশাৰীৰ তাৰকাৰ সমানেই ধনী। এয়া কেনেকৈ সম্ভৱ হৈছে? দৰ্শকে তেওঁক মুখ্যতঃ পাৰ্শ্ব চৰিত্ৰতেই দেখি আহিছে। বিয়াৰ পিছতে  নিন্দুকসকলৰ তীব্ৰ বাক্যবাণৰ সন্মুখীন হৈছে স্বৰা।  স্বৰা কেনেকৈ ইমান সম্পত্তিৰ গৰাকী হ'ল তাকেলৈয়ো বহুতে প্ৰশ্ন কৰিছে। 

'বীৰে দি ৱেডিং' নামৰ ছবি খনত  স্বৰাই এক আধুনিক, নাৰীবাদী চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ চৰিত্ৰটোৱে  পৰ্দাত এনে কিছুমান কাৰ্য কৰি দেখুৱাইছিল যিবোৰ সভ্য সমাজে সহজে মানি ল’ব নিবিোৰে।  স্বৰাই চিত্ৰনাট্যৰ দাবী পূৰণ কৰি এক তেনে কাৰ্যবোৰ কৰিছিল।ছবি খন কৰোতে তেওঁ তথাকথিত সংস্কাৰৰ বিষয়ে গুৰুত্ব দিয়া নাছিল। অপবাদকাৰীসকলে স্বৰাক সেই সময়ত  'নিৰ্লজ্জ', 'গণিকা' বুলি অভিহিত কৰি  অপমান কৰা আৰম্ভ কৰিছিল।স্বৰা দীৰ্ঘদিন ধৰি দিল্লীৰ এটা নাট্য গোষ্ঠীৰ সৈতে   জড়িত হৈ  আছিল।

 তেওঁ ২০০৮ চনত মুম্বাইলৈ আহিছিল। তেওঁ ২০০৯ চনত 'মাধোলাল কিপ ৱাকিং' ছবি খনৰ  জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। স্বৰাই 'তনু ৱেডছ মনু ৰিটাৰ্ণছ' ছবি খনতো মনপৰশা অভিনয় কৰিছিল। ইয়াৰ উপৰি স্বৰাই 'নীল বাটে সন্নাটা', 'আৰাহৰ অনাৰকলি'ৰ দৰে কেইবাখনো ছবিত অভিন? কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

অৱশ্যে যোৱা কেইবছৰমানত স্বৰাৰ কোনো ছবি বা ৱেব শৃংখলাই দৰ্শকৰ মনত প্ৰভাৱ পেলাব পৰা নাই।কিন্তু স্বৰাৰ জীৱনশৈলীত ইয়াৰ কোনো প্ৰভাৱ পৰিছে নেকি? একেবাৰে নহয়।

সূত্ৰ অনুসৰি স্বৰাৰ জীৱন বিলাসিতাৰ মাজৰেই  অতিবাহিত হয়। দিল্লী আৰু মুম্বাইত তেওঁৰ নিজা ঘৰ আছে। অভিনয় হৈছে স্বৰাৰ উপাৰ্জনৰ উৎস। এয়া জনা গৈছে  যে তেওঁ এখন চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে চাৰিৰ পৰা পাঁচ কোটি টকা পাৰিশ্ৰমিক  লয়। যদিও বলীউডত এতিয়াও পাৰিশ্ৰমিকত লিংগৰ ব্যৱধান আছে, তথাপি  স্বৰাই কম  পাৰিশ্ৰমিক কেতিয়াও কাম নকৰে। 

স্বৰাৰ সম্পত্তিৰ মূল্য ৪০  কোটি টকা হ’ব বুলি বহুতে অনুমান কৰিছে।!চলচ্চিত্ৰৰ উপৰি স্বৰাই বিজ্ঞাপনতো কাম কৰে। তেওঁ সামাজিক মাধ্যমতো সক্ৰিয়। বিজ্ঞাপনৰ পৰাও স্বৰাই এক বুজন পৰিমাণৰ ধন উপাৰ্জন কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ