--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমহাৰাষ্ট্ৰত সম্পূৰ্ণ ৰূপে সফল হোৱাৰ পিছত বিজেপিয়ে দলটোৰ অপাৰেছন লোটাছ দিল্লী, তেলেংগানাৰ দৰে ৰাজ্যতো সফল কৰিব বিচাৰিছিল বুলি  অভিযোগ উঠিছিল। এনে অভিযোগৰ মাজতে এতিয়া গোৱাতো কংগ্ৰেছৰ আঠজনকৈ বিধায়কক ৰাজ্য খনৰ শাসনাধিষ্ঠিত দল বিজেপিয়ে হাত কৰি ল’বলৈ সক্ষম হোৱা বুলি বিভিন্ন মাধ্যমত চৰ্চা চলিছে।

জানিব পৰা মতে কংগ্ৰেছৰ আঠজন বিধায়কে শেহতীয়াকৈ গোৱা বিধানসভাত অধ্যক্ষৰ সৈতে  বৈঠকত বহিছে ।  এই সন্দৰ্ভত, বিজেপিৰ সূত্ৰই  সংবাদ সংস্থাৰ ওচৰত দাবী কৰে যে আঠজন বিধায়কেই বিজেপিত যোগদান কৰাটো নিশ্চিত হৈ পৰিছে।

কংগ্ৰেছৰ আঠজন বিধায়কে বিজেপি চৰকাৰত মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ সৈতে যোগাযোগ কৰি আছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰে।  গোৱা বিজেপিৰ ৰাজ্যিক সভাপতি সদানন্দ তানাভাদে সংবাদ সংস্থাৰ আগত কয় যে উক্ত আঠ জন কংগ্ৰেছ বিধায়কে ইতিমধ্যে বিজেপিত যোগদান কৰিব বুলি নিশ্চিত দিছে।

অৱশ্যে কংগ্ৰেছে গোৱা বিজেপিৰ নেতাগৰাকীৰ  মন্তব্যত কোনো প্ৰতিক্ৰিয়া দিয়া নাছিল।
উল্লেখ্য  কংগ্ৰেছ নেতৃত্বই দিগম্বৰ কামাত আৰু মাইকেল লোবোৰ বিৰুদ্ধে বিধায়কসকলকহৰ্ছ ট্ৰেডিং  কৰি বিজেপিত যোগদান কৰোৱাৰ  ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।  বিজেপিয়ে কংগ্ৰেছৰ বিধায়কসকলক প্ৰত্যেককে  ৪০ কোটি টকাকৈ আগবঢ়াইছে বুলি অভিযোগ উঠিছে। 

বিজেপি এতিয়া গোৱাত শাসনত আছে। বিজেপিয়ে এই বছৰ গোৱাত ৪০ খন বিধানসভা আসনৰ ভিতৰত ২০ খন আসন জিকি ক্ষমতালৈ আহিছে। বিৰোধী কংগ্ৰেছৰ মাত্ৰ ১১ জন বিধায়ক আছে। কংগ্ৰেছে আগতে অভিযোগ কৰিছিল যে বিজেপিয়ে ১১ জন বিধায়কৰ সংখ্যা হ্ৰাস  কৰাৰ পৰিকল্পনা কৰিছে। 

সূত্ৰ অনুসৰি কংগ্ৰেছৰ কেইবাজনো নেতাই গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তক সাক্ষাৎ কৰিছে আৰু বিজেপিত যোগদান কৰিব বিচাৰিছে। যদি এনে হয় তেন্তে ৰাহুল গান্ধীয়ে আৰম্ভ কৰা 'ভাৰত জোড়ো যাত্ৰা' ৰ সময়তে কংগ্ৰেছত ভাঙনৰ  সম্ভাৱনা স্পষ্ট হৈ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী