--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্ষণৰ গোচৰত নাম সাঙোৰ খাই পৰাৰ পিছতে বিপদৰ মুখলৈ গতি কৰা সম্ভাৱনাপূৰ্ণ নেপালী স্পীন তাৰকা তথা নেপাল ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সন্দীপ লামিচানেলৈ এইবাৰ জাননী জাৰি কৰিছে ইণ্টাৰপ'লে। লামিচানেৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰাৰ পিছতে নেপাল আৰক্ষীয়ে ক্ৰিকেটাৰ গৰাকীক আটক কৰাৰ বাবে ইণ্টাৰপ’লৰ পৰা সহায় বিচাৰে আৰু নেপাল আৰক্ষীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইণ্টাৰপ'লে লামিচানেৰ নামত এক জাননী জাৰি কৰে। 

ইফালে বৰ্তমান কেৰিবিয়ান প্ৰিমিয়াৰ লীগত ব্যস্ত হৈ থকা ২২ বছৰীয়া তাৰকাগৰাকীয়ে এই জাননীৰ পাছতে সামাজিক মাধ্যম যোগে এক আবেগিক পোষ্ট শ্বেয়াৰ কৰিছে। অনুৰাগীসকলক উদ্দেশ্যি লামিচানেই পোষ্টটোত তেওঁৰ বিৰুদ্ধে উত্থাপিত গোচৰটোৱে তেওঁক অসুস্থ কৰি তুলিছে বুলি মন্তব্য কৰে। বৰ্তমান তেওঁ মানসিক আৰু শাৰীৰিকভাৱে ভাগি পৰা বুলি উল্লেখ কৰি স্বাস্থ্যৰ অৱস্থা উন্নত হ'লেই নেপাললৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে বুলি উল্লেখ কৰে।

দেশৰ শীৰ্ষ ক্ৰিকেট সংস্থাৰ দ্বাৰা নিলম্বিত নেপালৰ প্ৰাক্তন অধিনায়কজনে কয় যে ঘটনাটোৱে তেওঁৰ মানসিক আৰু শাৰীৰিক সুস্থতাৰ ওপৰত প্ৰভাৱ পেলাইছে। সন্দীপে লগতে কৈছিল যে তেওঁৰ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাৰ পিছত তেওঁ নেপাললৈ উভতি আহিব। 

লামিচানেই লগতে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগক পুনৰবাৰ নস্যাৎ কৰি এনে অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰে। পোষ্টটোত লামিচানেই কয়, "মই এই মিছা অভিযোগৰ বিৰুদ্ধে আইনী যুঁজ দিম। মই যিমান দূৰ বুজিছো, নেপালৰ সংবিধান অনুসৰি দোষী প্ৰমাণিত নোহোৱালৈকে মই নিৰ্দোষ।” 

উল্লেখ্য যে কেইদিনমান পূৰ্বে এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে লামিচানেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পাছতেই বিতৰ্কৰ মাজত সোমাই পৰিছিল তাৰকাগৰাকী। অভিযোগ সন্মুখলৈ অনা  ১৭ বছৰীয়া কিশোৰী গৰাকীৰ ভাষ্যৰ আধাৰত তেওঁৰ অভিভাৱকে লামিচানেই  যোৱা মাহত কাঠমাণ্ডুৰ এখন হোটেলৰ কোঠাত কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল বুলি দাবী কৰিছে। এই বিস্ফোৰক অভিযোগ উত্থাপনৰ পিছতে নেপাল আৰক্ষীয়ে লামিচানেৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল। 

তাৰ পাছতেই তাৰকাগৰাকীৰ নেপালৰ এখন আদালতে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছিল।  তাৰ পিছত নেপালৰ এখন আদালতে তেওঁৰ গ্ৰেপ্তাৰৰ বাবে এটা ৱাৰেণ্ট জাৰি কৰিছিল। অভিযোগৰ তদন্ত সুচাৰুৰূপে সম্পন্ন হোৱাৰ স্বাৰ্থত শুকুৰবাৰে নেপাল ক্ৰিকেট ব’ৰ্ডে লামিচানেক নিলম্বন কৰিছিল।

বৰ্তমান বিশ্বৰ সকলো প্ৰধান টি-২০ লীগত অংশগ্ৰহণৰ সুযোগ লাভ কৰা লামিচানে ২০১৮ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ জৰিয়তে প্ৰথম চৰ্চালৈ আহিছিল। সেইবৰ্ষত দিল্লী কেপিটেলছ ফ্ৰেঞ্চাইজীয়ে লামিচানেক চুক্তিবদ্ধ কৰিছিল। তাৰ পাছতে লামিচানেই আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী তাৰকা হিচাপে খ্যাতি লাভ কৰে। সম্প্ৰতি নেপাল ক্ৰিকেটৰ ‘পোষ্টাৰ বয়’ হৈ পৰা লামিচানেক যোৱা বছৰ নেপালৰ ৰাষ্ট্ৰীয় দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক