--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ ফেডাৰেল ইনভেষ্টিগেচন এজেঞ্চীয়ে (এফআইএ) নিউজ এংকৰ ইমৰান ৰিয়াজ খানক 'ঘৃণামূলক ভাষণ' ৰ বাবে গ্ৰেপ্তাৰ কৰিছে। নিউজ এংকৰগৰাকীয়ে  পাকিস্তানৰ শ্বাহবাজ শ্বৰীফ নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰি আহিছিল৷

 ইমৰান ৰিয়াজ খানক লাহোৰত "সাধাৰণ জনতা আৰু সামাজিক  প্ৰতিষ্ঠানসমূহৰ মাজত বিভেদ" সৃষ্টি কৰাৰ লক্ষ্যৰে "হিংসা বৃদ্ধি কৰিব পৰা  বিবৃতি" দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰা হয়৷ । ডনৰ বাতৰি অনুসৰি ইমৰান ৰিয়াজ খানৰ অধিবক্তাই কৈছে যে নিউজ এংকৰজনক এফআইএৰ চাইবাৰ ক্ৰাইম শাখাই আল্লামা ইকবাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা নিজৰ জিম্মাত লৈছে৷  

সাংবাদিক জনৰ এটা  ভাষণ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সামাজিক মাধ্যমৰ মঞ্চত ভাইৰেল  হৈছিল।  অৱশ্যে, লাহোৰ উচ্চ ন্যায়ালয়ে ইমৰান ৰিয়াজ খানক জামিন প্ৰদান কৰে। এজাহাৰখনত এইটোও কোৱা হৈছে যে ইমৰান ৰিয়াজ খানে তেওঁৰ ভাষণত সেনাক অভিযুক্ত কৰিছে  আৰু কৈছে  যে তেওঁলোকে পাকিস্তানৰ সততা বিপদত পেলাইছে ।উল্লেখ্য যোৱা বছৰো ইমৰান ৰিয়াজ খানক দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ