--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ এই বাৰখনলৈ গৈ মহিলাসকলে কেৱল মদ্যপানতে সন্তুষ্ট নহয়। বৰঞ্চ বহুতে মদ্যপান কৰি নিজৰ দামী অন্তৰ্বাস খুলি পেলায়। নিচাগ্ৰস্ত অৱস্থাত বাৰত জমা কৰি দিয়ে অন্তৰ্বাসসমূহ। পিছদিনা যেতিয়া নিচা শেষ হয়, তেতিয়াহে বাৰখনত খুলি অহা অন্তৰ্বাসটোলৈ মনত পৰে মহিলাসকলৰ।

নিউয়ৰ্কৰ অভিজাত এৰিয়া মানহাটানৰ ইষ্ট ভিলেজত ‘কয়টে আগ্লী চেলন’ (coyote ugly) নামৰ বাৰ এখন আছে। বাৰখনৰ মালিক লিলিয়ানা "লিল" লাভেল। ২০০০ চনত একে নামেৰে এখন হলিউডৰ ছবিও মুক্তি পাইছিল।

সেই ছবিখনত সফল গায়িকা হোৱাৰ সপোন দেখা সৰু চহৰৰ ছোৱালী এজনীৰ কাহিনী এটা আছে। ‘কয়টে আগ্লী চেলন’খনক কেন্দ্ৰ কৰি কাহিনীটো সজোৱা হৈছিল। এখন ডাঙৰ চহৰৰ গায়িকা হোৱাৰ লক্ষ্যৰে তাই এই বাৰখনত কাম কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পিছত বাৰখনক ছোৱালীজনীৰ প্ৰেম, ভগ্ন সপোন ইত্যাদি উপস্থাপন কৰা হৈছে।

৪৫ লাখ ডলাৰৰ কম বাজেটৰ ছবি ‘কয়টে আগ্লী’। পাইপাৰ পেৰাবো নামৰ অভিনেত্ৰীগৰাকীয়ে ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত কোনো হলিউডৰ ছুপাৰষ্টাৰ নাছিল। কিন্তু মুক্তিৰ পিছতে ই হলিউডক জোকাৰি গৈছিল।

ছৱিখনৰ জৰিয়তেই বাৰখন জনপ্ৰিয় হৈ পৰে। দেশে-বিদেশে বাৰখন এটা ‘ব্ৰেণ্ড’ত পৰিণত হৈছে। তাৰপাছতে বাৰখনৰ মালিক লিলিয়ানে বিশ্বৰ ২৭খনকৈ ঠাইত এই নামেৰে বাৰ খুলিছে। মধ্য এচিয়াৰ কিৰ্গিস্তানতো ‘কয়টে আগ্লী’ বাৰ আছে।

বাৰখনত মদ পৰিৱেশন কৰা মহিলা কৰ্মীসকলে  অলিখিত ‘নিয়ম’ মানি চলিব লগা হয়। বাৰৰ ‘কাষ্টম’ অনুসৰি কাউবয় বুট পিন্ধি কাউণ্টাৰত নাচি গান গাব লগা হয়। হলিউডৰ ছৱিখনতো তাক দেখা পোৱা গৈছিল।

কেৱল সেয়াই নহয়! বহু মহিলাই সুৰাসক্ত অৱস্থাত ঘৰলৈ উভতি অহাৰ আগতে নিজৰ অন্তৰ্বাস এৰি থৈ আহে বাৰখনত। অন্তৰ্বাসসমূহ প্ৰদৰ্শনৰ বাবে বাৰৰ বেৰত ওলোমাই থোৱা হয়। এটা অন্তৰ্বাসৰ মূল্য ভাৰতীয় মুদ্ৰাত ৭ হাজাৰ টকাতকৈও অধিক!

বাৰখনৰ গৰাকী লিলিয়ানে কয় যে ১৯৯৩ চনত তেওঁ স্বামী টনি পিচিৰিলোৰ সৈতে এই বাৰখন মুকলি কৰিছিল। স্বামীৰ লগত বিচ্ছেদ ঘটিলেও লিলিয়ানে বাৰখন চলাই যাব ধৰে। ২০২১ চনত বাৰখনে নিউয়ৰ্কৰ মানহাটনৰ ইষ্ট ভিলেজ এৰি ইষ্ট মানহাটানৰ ৪৪ নং ষ্ট্ৰীটলৈ স্থানান্তৰিত হয়।

আমেৰিকাৰ সংবাদ সংস্থাৰ মতে, লিলিয়ানে বিশ্বজুৰি ২৭ খন ‘কয়টে আগ্লী’ৰ পৰা ১০০ কোটি ডলাৰৰ ব্যৱসায় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ