--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ এই বাৰখনলৈ গৈ মহিলাসকলে কেৱল মদ্যপানতে সন্তুষ্ট নহয়। বৰঞ্চ বহুতে মদ্যপান কৰি নিজৰ দামী অন্তৰ্বাস খুলি পেলায়। নিচাগ্ৰস্ত অৱস্থাত বাৰত জমা কৰি দিয়ে অন্তৰ্বাসসমূহ। পিছদিনা যেতিয়া নিচা শেষ হয়, তেতিয়াহে বাৰখনত খুলি অহা অন্তৰ্বাসটোলৈ মনত পৰে মহিলাসকলৰ।

নিউয়ৰ্কৰ অভিজাত এৰিয়া মানহাটানৰ ইষ্ট ভিলেজত ‘কয়টে আগ্লী চেলন’ (coyote ugly) নামৰ বাৰ এখন আছে। বাৰখনৰ মালিক লিলিয়ানা "লিল" লাভেল। ২০০০ চনত একে নামেৰে এখন হলিউডৰ ছবিও মুক্তি পাইছিল।

সেই ছবিখনত সফল গায়িকা হোৱাৰ সপোন দেখা সৰু চহৰৰ ছোৱালী এজনীৰ কাহিনী এটা আছে। ‘কয়টে আগ্লী চেলন’খনক কেন্দ্ৰ কৰি কাহিনীটো সজোৱা হৈছিল। এখন ডাঙৰ চহৰৰ গায়িকা হোৱাৰ লক্ষ্যৰে তাই এই বাৰখনত কাম কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পিছত বাৰখনক ছোৱালীজনীৰ প্ৰেম, ভগ্ন সপোন ইত্যাদি উপস্থাপন কৰা হৈছে।

৪৫ লাখ ডলাৰৰ কম বাজেটৰ ছবি ‘কয়টে আগ্লী’। পাইপাৰ পেৰাবো নামৰ অভিনেত্ৰীগৰাকীয়ে ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত কোনো হলিউডৰ ছুপাৰষ্টাৰ নাছিল। কিন্তু মুক্তিৰ পিছতে ই হলিউডক জোকাৰি গৈছিল।

ছৱিখনৰ জৰিয়তেই বাৰখন জনপ্ৰিয় হৈ পৰে। দেশে-বিদেশে বাৰখন এটা ‘ব্ৰেণ্ড’ত পৰিণত হৈছে। তাৰপাছতে বাৰখনৰ মালিক লিলিয়ানে বিশ্বৰ ২৭খনকৈ ঠাইত এই নামেৰে বাৰ খুলিছে। মধ্য এচিয়াৰ কিৰ্গিস্তানতো ‘কয়টে আগ্লী’ বাৰ আছে।

বাৰখনত মদ পৰিৱেশন কৰা মহিলা কৰ্মীসকলে  অলিখিত ‘নিয়ম’ মানি চলিব লগা হয়। বাৰৰ ‘কাষ্টম’ অনুসৰি কাউবয় বুট পিন্ধি কাউণ্টাৰত নাচি গান গাব লগা হয়। হলিউডৰ ছৱিখনতো তাক দেখা পোৱা গৈছিল।

কেৱল সেয়াই নহয়! বহু মহিলাই সুৰাসক্ত অৱস্থাত ঘৰলৈ উভতি অহাৰ আগতে নিজৰ অন্তৰ্বাস এৰি থৈ আহে বাৰখনত। অন্তৰ্বাসসমূহ প্ৰদৰ্শনৰ বাবে বাৰৰ বেৰত ওলোমাই থোৱা হয়। এটা অন্তৰ্বাসৰ মূল্য ভাৰতীয় মুদ্ৰাত ৭ হাজাৰ টকাতকৈও অধিক!

বাৰখনৰ গৰাকী লিলিয়ানে কয় যে ১৯৯৩ চনত তেওঁ স্বামী টনি পিচিৰিলোৰ সৈতে এই বাৰখন মুকলি কৰিছিল। স্বামীৰ লগত বিচ্ছেদ ঘটিলেও লিলিয়ানে বাৰখন চলাই যাব ধৰে। ২০২১ চনত বাৰখনে নিউয়ৰ্কৰ মানহাটনৰ ইষ্ট ভিলেজ এৰি ইষ্ট মানহাটানৰ ৪৪ নং ষ্ট্ৰীটলৈ স্থানান্তৰিত হয়।

আমেৰিকাৰ সংবাদ সংস্থাৰ মতে, লিলিয়ানে বিশ্বজুৰি ২৭ খন ‘কয়টে আগ্লী’ৰ পৰা ১০০ কোটি ডলাৰৰ ব্যৱসায় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়