--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোষ্ঠী সংঘৰ্ষত বিধ্বস্ত মণিপুৰত বিগত দুমাহ ধৰি বন্ধ হৈ আছে বিদ্যালয়। ফলত ভয়ংকৰ ক্ষতিৰ সন্মুখীন হৈছে ৰাজ্য খনৰ শিক্ষাৰ্থীসকল। এনে সময়তে বুধবাৰৰ পৰা ৰাজ্য খনৰ বিদ্যালয়সমূহ পুনৰ খুলি দিয়া হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে।  মুখ্যমন্ত্ৰী বীৰেন সিঙে কয় যে  ৫ জুলাইৰ পৰা বিদ্যালয় সমূহ পুনৰ খোলাৰ সিদ্ধান্ত লোৱা হৈছে। 

এক সংবাদমেল সম্বোধন কৰি বীৰেণ সিঙে কয় যে  ৰাজ্যৰ পৰিস্থিতি এতিয়া শান্ত হোৱাৰ দিশে আগবাঢ়িছে। উল্লেখ্য  পূৰ্বেও মণিপুৰত বিদ্যালয় খোলাৰ চেষ্টা কৰা হৈছিল। প্ৰশাসনে বিদ্যালয়  পুনৰ খোলাৰ তাৰিখ ঘোষণা কৰা স্বত্বেও শিক্ষাৰ্থীসকলে নিৰ্ধাৰিত দিনটোত বিদ্যালয়লৈ যাব  পৰা নাছিল। কাৰণ  পৰিস্থিতি অধিক  উত্তপ্ত হৈ পৰিছিল।

ৰাজ্য খনত  মেইটেই আৰু কুকি সম্প্ৰদায়ৰ কৃষকসকলক সুৰক্ষা দিবলৈ অতিৰিক্ত সুৰক্ষা কৰ্মী মোতায়েন কৰা হৈছে। পাহাৰ আৰু উপত্যকা অঞ্চলত স্বাভাৱিক জীৱন উভতি আহিবলৈ ধৰা বুলিও মুখ্যমন্ত্ৰী সিঙে প্ৰকাশ কৰে। 

উল্লেখ্য সোমবাৰে কুকিসকলে মণিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-২ বা ইম্ফল-ডিমাপুৰ ৰাষ্ট্ৰীয় ঘাইপথত  দুমাহ ধৰি চলি থকা অৱৰোধ প্ৰত্যাহাৰ কৰিছিল। তেওঁলোকে কৈছিল যে গৃহমন্ত্ৰীয়ে মণিপুৰত শান্তিৰ বাবে আবেদন কৰাৰ পিছতে অৱৰোধ উঠাই লোৱাৰ সিদ্ধান্ত লোৱা হৈছে। ফলস্বৰূপে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথটোত যান-বাহন চলাচল স্বাভাৱিক হৈ পৰিছে।

মণিপুৰত যোৱা দুমাহধৰি চলি থকা হিংসাত্মক ঘটনাত নিহত লোকৰ সংখ্যা ১০০  অতিক্ৰম কৰিছে। প্ৰায় ৫ হাজাৰ লোক গৃহহীন হৈছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিছিল, কিন্তু পৰিস্থিতি এতিয়াও  সলনি হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান