--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোষ্ঠী সংঘৰ্ষত বিধ্বস্ত মণিপুৰত বিগত দুমাহ ধৰি বন্ধ হৈ আছে বিদ্যালয়। ফলত ভয়ংকৰ ক্ষতিৰ সন্মুখীন হৈছে ৰাজ্য খনৰ শিক্ষাৰ্থীসকল। এনে সময়তে বুধবাৰৰ পৰা ৰাজ্য খনৰ বিদ্যালয়সমূহ পুনৰ খুলি দিয়া হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে।  মুখ্যমন্ত্ৰী বীৰেন সিঙে কয় যে  ৫ জুলাইৰ পৰা বিদ্যালয় সমূহ পুনৰ খোলাৰ সিদ্ধান্ত লোৱা হৈছে। 

এক সংবাদমেল সম্বোধন কৰি বীৰেণ সিঙে কয় যে  ৰাজ্যৰ পৰিস্থিতি এতিয়া শান্ত হোৱাৰ দিশে আগবাঢ়িছে। উল্লেখ্য  পূৰ্বেও মণিপুৰত বিদ্যালয় খোলাৰ চেষ্টা কৰা হৈছিল। প্ৰশাসনে বিদ্যালয়  পুনৰ খোলাৰ তাৰিখ ঘোষণা কৰা স্বত্বেও শিক্ষাৰ্থীসকলে নিৰ্ধাৰিত দিনটোত বিদ্যালয়লৈ যাব  পৰা নাছিল। কাৰণ  পৰিস্থিতি অধিক  উত্তপ্ত হৈ পৰিছিল।

ৰাজ্য খনত  মেইটেই আৰু কুকি সম্প্ৰদায়ৰ কৃষকসকলক সুৰক্ষা দিবলৈ অতিৰিক্ত সুৰক্ষা কৰ্মী মোতায়েন কৰা হৈছে। পাহাৰ আৰু উপত্যকা অঞ্চলত স্বাভাৱিক জীৱন উভতি আহিবলৈ ধৰা বুলিও মুখ্যমন্ত্ৰী সিঙে প্ৰকাশ কৰে। 

উল্লেখ্য সোমবাৰে কুকিসকলে মণিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-২ বা ইম্ফল-ডিমাপুৰ ৰাষ্ট্ৰীয় ঘাইপথত  দুমাহ ধৰি চলি থকা অৱৰোধ প্ৰত্যাহাৰ কৰিছিল। তেওঁলোকে কৈছিল যে গৃহমন্ত্ৰীয়ে মণিপুৰত শান্তিৰ বাবে আবেদন কৰাৰ পিছতে অৱৰোধ উঠাই লোৱাৰ সিদ্ধান্ত লোৱা হৈছে। ফলস্বৰূপে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথটোত যান-বাহন চলাচল স্বাভাৱিক হৈ পৰিছে।

মণিপুৰত যোৱা দুমাহধৰি চলি থকা হিংসাত্মক ঘটনাত নিহত লোকৰ সংখ্যা ১০০  অতিক্ৰম কৰিছে। প্ৰায় ৫ হাজাৰ লোক গৃহহীন হৈছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিছিল, কিন্তু পৰিস্থিতি এতিয়াও  সলনি হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস