--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
জনপ্ৰিয় টেলিভিশ্বন ধাৰাবাহিক  পৰিচালক একতা কাপুৰ আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে জাৰি কৰা হৈছে এক গ্ৰেপ্তাৰী পৰোৱানা৷  এটা ৱেব চিৰিজত সৈনিকক অপমান কৰা গোচৰত এই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে৷  বেগুচাৰাইৰ এখন আদালতে এই গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে।

এই গ্ৰেপ্তাৰী পৰোৱানা  একতা কাপুৰ আৰু তেওঁৰ মাতৃ বাবে যেন এক ডাঙৰ বিপদ হৈ পৰিছে।সূত্ৰ অনুসৰি  একতাৰ ৱেব চিৰিজ ‘XXX’ (চীজন–২)ত সৈনিকক অপমান কৰা আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ অনুভূতিক আঘাত কৰাৰ গোচৰত এই গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে। ন্যায়াধীশ বিকাশ কুমাৰৰ আদালতে প্ৰাক্তন সৈনিক আৰু বেগুচাৰাইৰ নিৱাসী শম্ভু কুমাৰৰ গোচৰৰ ওপৰত ভিত্তি কৰি এই পাৰোৱানা জাৰি কৰে।

এই গোচৰ ৰুজু কৰিছিল প্ৰাক্তন সৈনিক শম্ভু কুমাৰে৷ শম্ভু কুমাৰৰ মতে,  ২০২০ চনত এক গোচৰ ৰুজু কৰিছিল যে ৱেব চিৰীজ ‘XXX’ (চীজন–২)ত এজন সৈনিকৰ পত্নীৰ সৈতে সম্বন্ধিত বহু আপত্তিজনক কথা দেখুওৱা প্ৰদৰ্শন কৰা হৈছে।

শম্ভু কুমাৰৰ অধিবক্তা হৃষীকেশ পাঠকে কয় যে, ৱেব চিৰীজটো একতা কাপুৰৰ বালাজী টেলিফিল্মছ লিমিটেডৰ মালিকানাধীন অ'টিটি প্লেটফৰ্ম অল্ট বালাজীত সম্প্ৰচাৰিত হৈছিল। লগতে তেওঁ কয় যে শোভা কাপুৰ বালাজী টেলিফিল্মছৰ সৈতে জড়িত।

অধিবক্তা হৃষীকেশ পাঠকে কয় যে, আদালতে একতা আৰু শোভা কাপুৰক চমন জাৰি কৰিছিল আৰু গোচৰটোৰ সন্দৰ্ভত হাজিৰ হ'বলৈ কৈছিল। কাপুৰৰ ফালৰ পৰা আদালতক জনোৱা হৈছিল যে, আপত্তিৰ পিছত কিছুমান দৃশ্য বিলোপ কৰা হৈছিল। আনহাতে, এই কথা সঁচা নহয় বুলি  অধিবক্তা হৃষীকেশ পাঠকে জানিবলৈ দিয়ে৷  ইয়াৰ পাছতেই একতা আৰু শোভা কাপুৰৰ বিৰুদ্ধে আদালতে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু