--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
জনপ্ৰিয় টেলিভিশ্বন ধাৰাবাহিক  পৰিচালক একতা কাপুৰ আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে জাৰি কৰা হৈছে এক গ্ৰেপ্তাৰী পৰোৱানা৷  এটা ৱেব চিৰিজত সৈনিকক অপমান কৰা গোচৰত এই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে৷  বেগুচাৰাইৰ এখন আদালতে এই গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে।

এই গ্ৰেপ্তাৰী পৰোৱানা  একতা কাপুৰ আৰু তেওঁৰ মাতৃ বাবে যেন এক ডাঙৰ বিপদ হৈ পৰিছে।সূত্ৰ অনুসৰি  একতাৰ ৱেব চিৰিজ ‘XXX’ (চীজন–২)ত সৈনিকক অপমান কৰা আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ অনুভূতিক আঘাত কৰাৰ গোচৰত এই গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে। ন্যায়াধীশ বিকাশ কুমাৰৰ আদালতে প্ৰাক্তন সৈনিক আৰু বেগুচাৰাইৰ নিৱাসী শম্ভু কুমাৰৰ গোচৰৰ ওপৰত ভিত্তি কৰি এই পাৰোৱানা জাৰি কৰে।

এই গোচৰ ৰুজু কৰিছিল প্ৰাক্তন সৈনিক শম্ভু কুমাৰে৷ শম্ভু কুমাৰৰ মতে,  ২০২০ চনত এক গোচৰ ৰুজু কৰিছিল যে ৱেব চিৰীজ ‘XXX’ (চীজন–২)ত এজন সৈনিকৰ পত্নীৰ সৈতে সম্বন্ধিত বহু আপত্তিজনক কথা দেখুওৱা প্ৰদৰ্শন কৰা হৈছে।

শম্ভু কুমাৰৰ অধিবক্তা হৃষীকেশ পাঠকে কয় যে, ৱেব চিৰীজটো একতা কাপুৰৰ বালাজী টেলিফিল্মছ লিমিটেডৰ মালিকানাধীন অ'টিটি প্লেটফৰ্ম অল্ট বালাজীত সম্প্ৰচাৰিত হৈছিল। লগতে তেওঁ কয় যে শোভা কাপুৰ বালাজী টেলিফিল্মছৰ সৈতে জড়িত।

অধিবক্তা হৃষীকেশ পাঠকে কয় যে, আদালতে একতা আৰু শোভা কাপুৰক চমন জাৰি কৰিছিল আৰু গোচৰটোৰ সন্দৰ্ভত হাজিৰ হ'বলৈ কৈছিল। কাপুৰৰ ফালৰ পৰা আদালতক জনোৱা হৈছিল যে, আপত্তিৰ পিছত কিছুমান দৃশ্য বিলোপ কৰা হৈছিল। আনহাতে, এই কথা সঁচা নহয় বুলি  অধিবক্তা হৃষীকেশ পাঠকে জানিবলৈ দিয়ে৷  ইয়াৰ পাছতেই একতা আৰু শোভা কাপুৰৰ বিৰুদ্ধে আদালতে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক