--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল জেএনইউৰ প্ৰাক্তন ছাত্ৰনেতা তথা কংগ্ৰেছৰ যুৱ নেতা কানহায়া কুমাৰ। লক্ষ্ণৌত এজন লোকে তেওঁলৈ সন্দেহজনক সামগ্ৰী নিক্ষেপ কৰে। সংবাদ মাধ্যমত সেয়া চিঞাহী আছিল বুলি কোৱা হৈছে যদিও দলীয় সূত্ৰই লোকজনে কানহায়ালৈ এচিড নিক্ষেপ কৰা বুলি দাবী কৰিছে। দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে লক্ষ্ণৌত উপস্থিত হৈছিল কানহায়া। কিন্তু তেওঁৰ প্ৰচাৰ অভিযানৰ মাজতে এনে অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয়। দেশৰ মোদী বিৰোধী শিবিৰৰ অতি অগ্ৰণী প্ৰতিনিধি হিচাপে বিবেচিত কানহায়া কুমাৰ জেএনইউত থকা সময়ৰে পৰা একাংশ লোকৰ আক্ৰমণৰ লক্ষ্য হৈ আহিছে। দেশদ্ৰোহৰ দৰে গোচৰতো কানহায়াক কাৰাবন্দী কৰাৰ চেষ্টা চলিছিল তেওঁ জেএনইউৰ ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি হৈ থকা সময়তে। ছাত্ৰ ৰাজনীতিৰ পৰা ওলাই আহি দেশৰ ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হৈ পৰা কানহায়াই প্ৰথমে বাঁও শিবিৰৰ সৈতে যুক্ত হৈছিল যদিও শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদান কৰিছে। আজি উত্তৰ প্ৰদেশত কংগ্ৰেছৰ হৈ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবলৈ যোৱাৰ সময়তে তেওঁ আক্ৰমণৰ সন্মুখীন হয়। কংগ্ৰেছৰ এগৰাকী নেতাই এই ঘটনা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এজন লোকে কানহায়া কুমাৰলৈ এচিড নিক্ষেপ কৰাৰ বাবে চেষ্টা কৰিছিল যদিও তেওঁ তেনে কৰাত ব্যৰ্থ হয়। তেওঁৰ আশে-পাশে ঠিয় হৈ থকা দুইঅ এজন যুৱকৰ্মীৰ গাত কানহায়ালৈ নিক্ষেপ কৰা এচিডৰ ছিটিকনি পৰে। কংগ্ৰেছ কৰ্মীসকলে আক্ৰমণকাৰী লোকজনক আটক কৰে যদিও তেওঁৰ বিষয়ে বিতং একো প্ৰকাশ কৰা নাই। উল্লেখ্য যে, কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বৃহৎ সাফল্য অৰ্জন কৰিবলৈ গৈ আছে বুলি দাবী কৰিছে কানহায়া কুমাৰে। তেওঁ কয়, হাথৰছ, উন্নাও, লখিমপুৰ খেৰীৰ দৰে কাণ্ড সংঘটিত হোৱাৰ পাছৰে পৰা কংগ্ৰেছে ন্যায়ৰ দাবীত ৰাজপথত অৱস্থান কৰি আছে। যিসকলৰ দেশ গঢ়াত অকণো অৰিহনা নাই তেওঁলোকে দেশ বিক্ৰী কৰি আছে। কংগ্ৰেছে ভাৰত গঢ়িছে আৰু সেইবাবে সেইসকল লোকৰ পৰা দেশক সুৰক্ষা দিয়াৰ কামো কৰি আছে। কানহায়া কুমাৰ কংগ্ৰেছৰ ইয়ং ব্ৰিগেডৰ অন্যতম গুৰি ধৰোঁতা হ’ব বুলি  চৰ্চা চলিছিল। ৰাহুল গান্ধী শিবিৰৰ কেইবাজনো নেতাই ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছত কানহায়া কুমাৰৰ দৰে নেতাৰ প্ৰয়োজন হৈছিল কংগ্ৰেছক। দলটোৱে কানহায়াৰ লগতে গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীকো দললৈ ৰঙা দলিচা পাৰি দিছে। জিগনেছে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগ নিদিলেও তেওঁ দলটোৰে আদৰ্শগতভাৱে চামিল হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ