--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল জেএনইউৰ প্ৰাক্তন ছাত্ৰনেতা তথা কংগ্ৰেছৰ যুৱ নেতা কানহায়া কুমাৰ। লক্ষ্ণৌত এজন লোকে তেওঁলৈ সন্দেহজনক সামগ্ৰী নিক্ষেপ কৰে। সংবাদ মাধ্যমত সেয়া চিঞাহী আছিল বুলি কোৱা হৈছে যদিও দলীয় সূত্ৰই লোকজনে কানহায়ালৈ এচিড নিক্ষেপ কৰা বুলি দাবী কৰিছে। দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে লক্ষ্ণৌত উপস্থিত হৈছিল কানহায়া। কিন্তু তেওঁৰ প্ৰচাৰ অভিযানৰ মাজতে এনে অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয়। দেশৰ মোদী বিৰোধী শিবিৰৰ অতি অগ্ৰণী প্ৰতিনিধি হিচাপে বিবেচিত কানহায়া কুমাৰ জেএনইউত থকা সময়ৰে পৰা একাংশ লোকৰ আক্ৰমণৰ লক্ষ্য হৈ আহিছে। দেশদ্ৰোহৰ দৰে গোচৰতো কানহায়াক কাৰাবন্দী কৰাৰ চেষ্টা চলিছিল তেওঁ জেএনইউৰ ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি হৈ থকা সময়তে। ছাত্ৰ ৰাজনীতিৰ পৰা ওলাই আহি দেশৰ ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হৈ পৰা কানহায়াই প্ৰথমে বাঁও শিবিৰৰ সৈতে যুক্ত হৈছিল যদিও শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদান কৰিছে। আজি উত্তৰ প্ৰদেশত কংগ্ৰেছৰ হৈ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবলৈ যোৱাৰ সময়তে তেওঁ আক্ৰমণৰ সন্মুখীন হয়। কংগ্ৰেছৰ এগৰাকী নেতাই এই ঘটনা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এজন লোকে কানহায়া কুমাৰলৈ এচিড নিক্ষেপ কৰাৰ বাবে চেষ্টা কৰিছিল যদিও তেওঁ তেনে কৰাত ব্যৰ্থ হয়। তেওঁৰ আশে-পাশে ঠিয় হৈ থকা দুইঅ এজন যুৱকৰ্মীৰ গাত কানহায়ালৈ নিক্ষেপ কৰা এচিডৰ ছিটিকনি পৰে। কংগ্ৰেছ কৰ্মীসকলে আক্ৰমণকাৰী লোকজনক আটক কৰে যদিও তেওঁৰ বিষয়ে বিতং একো প্ৰকাশ কৰা নাই। উল্লেখ্য যে, কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বৃহৎ সাফল্য অৰ্জন কৰিবলৈ গৈ আছে বুলি দাবী কৰিছে কানহায়া কুমাৰে। তেওঁ কয়, হাথৰছ, উন্নাও, লখিমপুৰ খেৰীৰ দৰে কাণ্ড সংঘটিত হোৱাৰ পাছৰে পৰা কংগ্ৰেছে ন্যায়ৰ দাবীত ৰাজপথত অৱস্থান কৰি আছে। যিসকলৰ দেশ গঢ়াত অকণো অৰিহনা নাই তেওঁলোকে দেশ বিক্ৰী কৰি আছে। কংগ্ৰেছে ভাৰত গঢ়িছে আৰু সেইবাবে সেইসকল লোকৰ পৰা দেশক সুৰক্ষা দিয়াৰ কামো কৰি আছে। কানহায়া কুমাৰ কংগ্ৰেছৰ ইয়ং ব্ৰিগেডৰ অন্যতম গুৰি ধৰোঁতা হ’ব বুলি  চৰ্চা চলিছিল। ৰাহুল গান্ধী শিবিৰৰ কেইবাজনো নেতাই ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছত কানহায়া কুমাৰৰ দৰে নেতাৰ প্ৰয়োজন হৈছিল কংগ্ৰেছক। দলটোৱে কানহায়াৰ লগতে গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীকো দললৈ ৰঙা দলিচা পাৰি দিছে। জিগনেছে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগ নিদিলেও তেওঁ দলটোৰে আদৰ্শগতভাৱে চামিল হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু