--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসকক পৃথিৱীৰ ঈশ্বৰ বুলি কোৱা হয়। যদি চিকিৎসক নিজৰ কৰ্তব্যত সৎ হয়, তেন্তে তেওঁ নিজৰ সমস্ত শক্তি ব্যৱহাৰ কৰি ৰোগীক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰি আনিব পাৰে। বাংগালুৰুৰ এগৰাকী চিকিৎসকে পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে ৰোগীৰ প্ৰতি চিকিৎসকৰ থকা দায়বদ্ধতাৰ কথা। বাংগালুৰুৰ ৰাজপথত ট্ৰেফিক জামৰ বাবে আৱদ্ধ হৈ পৰা চিকিৎসকগৰাকীয়ে সময়মতে অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ ৩ কিলোমিটাৰ পথ দৌৰি হাস্পতালত উপস্থিত হয়। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত বিশেষভাৱে চৰ্চিত হৈ পৰিছে চিকিৎসক গোবিন্দ নন্দকুমাৰৰ কথা। 

ডাঃ গোবিন্দ নন্দকুমাৰে তেওঁৰ এজন ৰোগীৰ অস্ত্ৰোপচাৰৰ বাবে ঘৰৰ পৰা হাস্পতাললৈ ৰাওনা হৈছিল। ৰাজপথত তেওঁৰ গাড়ীখন ট্ৰেফিক জামত আবদ্ধ হৈ পৰে। কিছু সময় তেওঁ ট্ৰেফিক খোলাৰ বাবে অপেক্ষা কৰি থাকিল যদিও সময় শেষ হৈ গৈ আছিল। এই পাৰ হৈ যোৱা সময়খিনি তেওঁৰ ৰোগীৰ বাবে ভাবুকি হৈ উঠাৰ সম্ভাৱনা আছিল। এই কথা ভাবি তেওঁ নিজৰ গাড়ীখন এৰি সময়মতে পোৱাৰ বাবে ট্ৰেফিকৰ মাজেৰে দৌৰিবলৈ ধৰিলে।

মণিপাল হাস্পতালৰ গেষ্ট্ৰ’এণ্টেৰ’লজী চাৰ্জন ডাঃ গোবিন্দ নন্দকুমাৰৰ গাড়ীখন সৰ্জাপুৰ-মাৰাঠাহল্লী অংশত যান-জঁটৰ মাজত আবদ্ধ হৈ পৰে।  ডাঃ গোবিন্দ নন্দকুমাৰে ট্ৰেফিক খোলাৰ বাবে অপেক্ষা কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ তেনে নকৰিলে। এনে অৱস্থাত ডাক্তৰ গোবিন্দ নন্দকুমাৰে নিজৰ ৰোগীৰ জীৱনৰ কথা চিন্তা কৰি গাড়ীখন ৰাস্তাতে এৰি দৌৰিবলৈ ধৰে।

ইতিমধ্যে তেওঁৰ ৰোগীজন অস্ত্ৰোপচাৰৰ বাবে সাজু হৈ আছিল। ইয়াৰ লগতে আন কিছুমান ৰোগীও আছিল যিয়ে অস্ত্ৰোপচাৰৰ পাছত তেওঁৰ বাবে অপেক্ষা কৰি আছিল। সেই সকলোবোৰৰ কথা ভাবি ডাক্তৰ গোবিন্দে যান-জঁটত আবদ্ধ হৈ থকা গাড়ীৰ পৰা নামি দৌৰিবলৈ ধৰিলে। প্ৰায় ৪৫ মিনিট সময় দৌৰি ডাঃ গোবিন্দ নন্দকুমাৰে প্ৰায় ৩ কিলোমিটাৰ দূৰৈৰ হস্পিতালখনত উপস্থিত হয়। অৱশেষত নিৰ্ধাৰিত সময়মতে ডাঃ গোবিন্দ নন্দকুমাৰে ৰোগীজনৰ সুকলমে অস্ত্ৰোপচাৰ সম্পন্ন কৰে। এতিয়া ৰোগীজনো সম্পূৰ্ণ সুস্থ হৈ আছে।

গেষ্ট্ৰ’এণ্টেৰ’লজি চাৰ্জন ডাঃ গোবিন্দ নন্দকুমাৰে বিগত ১৮ বছৰ ধৰি মণিপাল হাস্পতালত চিকিৎসা সেৱা আগবঢ়াই আছে। চিকিৎসকগৰাকীৰ এই কৰ্তব্যনিষ্ঠা তথা ৰোগীৰ প্ৰতি থকা দায়িত্বশীলতাক সকলোৱে একমুখে প্ৰশংসা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী