--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসকক পৃথিৱীৰ ঈশ্বৰ বুলি কোৱা হয়। যদি চিকিৎসক নিজৰ কৰ্তব্যত সৎ হয়, তেন্তে তেওঁ নিজৰ সমস্ত শক্তি ব্যৱহাৰ কৰি ৰোগীক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰি আনিব পাৰে। বাংগালুৰুৰ এগৰাকী চিকিৎসকে পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে ৰোগীৰ প্ৰতি চিকিৎসকৰ থকা দায়বদ্ধতাৰ কথা। বাংগালুৰুৰ ৰাজপথত ট্ৰেফিক জামৰ বাবে আৱদ্ধ হৈ পৰা চিকিৎসকগৰাকীয়ে সময়মতে অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ ৩ কিলোমিটাৰ পথ দৌৰি হাস্পতালত উপস্থিত হয়। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত বিশেষভাৱে চৰ্চিত হৈ পৰিছে চিকিৎসক গোবিন্দ নন্দকুমাৰৰ কথা। 

ডাঃ গোবিন্দ নন্দকুমাৰে তেওঁৰ এজন ৰোগীৰ অস্ত্ৰোপচাৰৰ বাবে ঘৰৰ পৰা হাস্পতাললৈ ৰাওনা হৈছিল। ৰাজপথত তেওঁৰ গাড়ীখন ট্ৰেফিক জামত আবদ্ধ হৈ পৰে। কিছু সময় তেওঁ ট্ৰেফিক খোলাৰ বাবে অপেক্ষা কৰি থাকিল যদিও সময় শেষ হৈ গৈ আছিল। এই পাৰ হৈ যোৱা সময়খিনি তেওঁৰ ৰোগীৰ বাবে ভাবুকি হৈ উঠাৰ সম্ভাৱনা আছিল। এই কথা ভাবি তেওঁ নিজৰ গাড়ীখন এৰি সময়মতে পোৱাৰ বাবে ট্ৰেফিকৰ মাজেৰে দৌৰিবলৈ ধৰিলে।

মণিপাল হাস্পতালৰ গেষ্ট্ৰ’এণ্টেৰ’লজী চাৰ্জন ডাঃ গোবিন্দ নন্দকুমাৰৰ গাড়ীখন সৰ্জাপুৰ-মাৰাঠাহল্লী অংশত যান-জঁটৰ মাজত আবদ্ধ হৈ পৰে।  ডাঃ গোবিন্দ নন্দকুমাৰে ট্ৰেফিক খোলাৰ বাবে অপেক্ষা কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ তেনে নকৰিলে। এনে অৱস্থাত ডাক্তৰ গোবিন্দ নন্দকুমাৰে নিজৰ ৰোগীৰ জীৱনৰ কথা চিন্তা কৰি গাড়ীখন ৰাস্তাতে এৰি দৌৰিবলৈ ধৰে।

ইতিমধ্যে তেওঁৰ ৰোগীজন অস্ত্ৰোপচাৰৰ বাবে সাজু হৈ আছিল। ইয়াৰ লগতে আন কিছুমান ৰোগীও আছিল যিয়ে অস্ত্ৰোপচাৰৰ পাছত তেওঁৰ বাবে অপেক্ষা কৰি আছিল। সেই সকলোবোৰৰ কথা ভাবি ডাক্তৰ গোবিন্দে যান-জঁটত আবদ্ধ হৈ থকা গাড়ীৰ পৰা নামি দৌৰিবলৈ ধৰিলে। প্ৰায় ৪৫ মিনিট সময় দৌৰি ডাঃ গোবিন্দ নন্দকুমাৰে প্ৰায় ৩ কিলোমিটাৰ দূৰৈৰ হস্পিতালখনত উপস্থিত হয়। অৱশেষত নিৰ্ধাৰিত সময়মতে ডাঃ গোবিন্দ নন্দকুমাৰে ৰোগীজনৰ সুকলমে অস্ত্ৰোপচাৰ সম্পন্ন কৰে। এতিয়া ৰোগীজনো সম্পূৰ্ণ সুস্থ হৈ আছে।

গেষ্ট্ৰ’এণ্টেৰ’লজি চাৰ্জন ডাঃ গোবিন্দ নন্দকুমাৰে বিগত ১৮ বছৰ ধৰি মণিপাল হাস্পতালত চিকিৎসা সেৱা আগবঢ়াই আছে। চিকিৎসকগৰাকীৰ এই কৰ্তব্যনিষ্ঠা তথা ৰোগীৰ প্ৰতি থকা দায়িত্বশীলতাক সকলোৱে একমুখে প্ৰশংসা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু