--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ “মোক ভুলকৈ উপস্থাপন কৰিবলৈ বিজেপি, আৰএছএছে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিছে।”- এইদৰে এক বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে। কৰ্ণাটকত ‘ভাৰত জুড়ো যাত্ৰা’ৰ নেতৃত্ব লৈ কংগ্ৰেছৰ নেতাজনে শনিবাৰে ৰাজ্যখনৰ তুৰুভেকেৰে নামৰ এখন চহৰত সাংবাদিকৰ স’তে মুখামুখি হয়।

 

সাংবাদিকৰ আগত তেওঁ কয় যে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলি থাকিব। অপপ্ৰচাৰ কৰি অহা শক্তিটো ধনৱান। বিজেপিয়ে তেওঁৰ বিৰু্দ্ধে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি মিডিয়াৰ শক্তি প্ৰয়োগ কৰিছে। কিন্তু ইয়ালৈ ভ্ৰুক্ষেপ নকৰে বুলিও জনায় তেওঁ। কয় যে তেওঁৰ দৃষ্টিভংগী পৃথক আৰু ই সদায়েই পৃথক হৈ থাকিব। যদি জনতাই ভালদৰে লক্ষ্য কৰে তেন্তে দেখিব যে তেওঁ কি বিচাৰে আৰু কি অৱস্থান গ্ৰহণ কৰিছে।

 

আনহাতে, ‘ভাৰত জুড়ো যাত্ৰা’ৰ বিষয়ে ব্যাখ্যা কৰি গান্ধীয়ে কয় যে তেওঁৰ বাবে এই যাত্ৰাটোৰ নিশ্চয়কৈ ৰাজনৈতিক উদ্দেশ্য আছে। কিন্তু ৰাজনৈতিক উদ্দেশ্যৰ সমান্তৰালভাৱে আদৰ্শগত প্ৰচাৰ-প্ৰসাৰো চলোৱা হৈছে। ‘ভাৰত জুড়ো যাত্ৰা’ৰ জৰিয়তে দেশবাসীৰ স’তে মুখামুখি সম্পৰ্কলৈ আহিবলৈ গান্ধীয়ে চেষ্টা কৰিছে বুলি জনায়।

 

মিডিয়াৰ জৰিয়তে জনতাৰ স’তে যোগাযোগ কৰাতকৈ এনেধৰণৰ কাৰ্যপদ্ধতি অধিক বাস্তৱিক বুলিও তেওঁ কয়। যাত্ৰাটোৰ জৰিয়তে ভাৰতক এক কৰিব বিচৰা হৈছে। কেৱল ২০২৪ চনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইয়াক হাতত লোৱা নাই। বিজেপি-আৰএছএছকো সমালোচনা কৰি গান্ধীয়ে কয় যে আৰএছএছে ভাৰতৰ ৰাজনৈতিক শ্ৰেণীটোক আক্ৰমণ কৰিবলৈ দেশৰ সংস্থা-প্ৰতিষ্ঠানসমূহক ব্যৱহাৰ কৰি আহিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু