--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ “মোক ভুলকৈ উপস্থাপন কৰিবলৈ বিজেপি, আৰএছএছে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিছে।”- এইদৰে এক বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে। কৰ্ণাটকত ‘ভাৰত জুড়ো যাত্ৰা’ৰ নেতৃত্ব লৈ কংগ্ৰেছৰ নেতাজনে শনিবাৰে ৰাজ্যখনৰ তুৰুভেকেৰে নামৰ এখন চহৰত সাংবাদিকৰ স’তে মুখামুখি হয়।

 

সাংবাদিকৰ আগত তেওঁ কয় যে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলি থাকিব। অপপ্ৰচাৰ কৰি অহা শক্তিটো ধনৱান। বিজেপিয়ে তেওঁৰ বিৰু্দ্ধে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি মিডিয়াৰ শক্তি প্ৰয়োগ কৰিছে। কিন্তু ইয়ালৈ ভ্ৰুক্ষেপ নকৰে বুলিও জনায় তেওঁ। কয় যে তেওঁৰ দৃষ্টিভংগী পৃথক আৰু ই সদায়েই পৃথক হৈ থাকিব। যদি জনতাই ভালদৰে লক্ষ্য কৰে তেন্তে দেখিব যে তেওঁ কি বিচাৰে আৰু কি অৱস্থান গ্ৰহণ কৰিছে।

 

আনহাতে, ‘ভাৰত জুড়ো যাত্ৰা’ৰ বিষয়ে ব্যাখ্যা কৰি গান্ধীয়ে কয় যে তেওঁৰ বাবে এই যাত্ৰাটোৰ নিশ্চয়কৈ ৰাজনৈতিক উদ্দেশ্য আছে। কিন্তু ৰাজনৈতিক উদ্দেশ্যৰ সমান্তৰালভাৱে আদৰ্শগত প্ৰচাৰ-প্ৰসাৰো চলোৱা হৈছে। ‘ভাৰত জুড়ো যাত্ৰা’ৰ জৰিয়তে দেশবাসীৰ স’তে মুখামুখি সম্পৰ্কলৈ আহিবলৈ গান্ধীয়ে চেষ্টা কৰিছে বুলি জনায়।

 

মিডিয়াৰ জৰিয়তে জনতাৰ স’তে যোগাযোগ কৰাতকৈ এনেধৰণৰ কাৰ্যপদ্ধতি অধিক বাস্তৱিক বুলিও তেওঁ কয়। যাত্ৰাটোৰ জৰিয়তে ভাৰতক এক কৰিব বিচৰা হৈছে। কেৱল ২০২৪ চনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইয়াক হাতত লোৱা নাই। বিজেপি-আৰএছএছকো সমালোচনা কৰি গান্ধীয়ে কয় যে আৰএছএছে ভাৰতৰ ৰাজনৈতিক শ্ৰেণীটোক আক্ৰমণ কৰিবলৈ দেশৰ সংস্থা-প্ৰতিষ্ঠানসমূহক ব্যৱহাৰ কৰি আহিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক