--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবে অন্ত্যেষ্টিক্ৰিয়া চৰকাৰী খৰচত কৰিবলৈ লোৱাৰ বিৰুদ্ধে জাপানত এতিয়া প্ৰতিবাদৰ লহৰ বৈ গৈছে। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ মৃতদেহৰ  অন্ত্যেষ্টিক্ৰিয়া ২৭ ছেপ্টেম্বৰত টকিঅ'ত ৰাষ্ট্ৰীয় সন্মানেৰে  কৰা হ'ব। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকাৰ কথা আছে। 

অৱশ্যে, চৰকাৰী কোষাগাৰৰ ধনেৰে আবেৰ অন্ত্যেষ্টিক্ৰিয়াক লৈ জাপানত বিবাদ তুংগত উঠিছে। বুধবাৰে এজন যুৱকে চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদত নিজৰ দেহত জুই লগাই আত্মহত্যা কৰিবলৈ চেষ্টা কৰে। সুৰক্ষা কৰ্মীয়ে তেওঁক উদ্ধাৰ কৰি  এখন চিকিৎসালয়ত ভৰ্তি কৰিছে। আহত যুৱকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে  লোকজনে জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ফুমিঅ কিছিদাৰ কাৰ্যালয়ৰ সন্মুখত নিজৰ দেহত  জুই লগাই আত্মহত্যাৰ চেষ্টা কৰে।  প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই বিষয়টোত কোনো মন্তব্য কৰাৰ পৰা বিৰত আছে। খবৰ অনুসৰি লোকজনে চৰকাৰী পুঁজিৰে আবেৰ  অন্ত্যেষ্টিক্ৰিয়াৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি আছিল। হঠাতে তেওঁ নিজৰ দেহত জুই লগাই আত্মহত্যা কৰিবলৈ চেষ্টা কৰে।

জাপানত চৰকাৰৰ তত্বাৱধানত অন্ত্যেষ্টিক্ৰিয়া কৰাটো বিৰল। যদি এই বিষয়ত জনমত লোৱা হয়, তেন্তে দেখা যায় যে দেশৰ ৫০ শতাংশ নাগৰিকে চৰকাৰৰ ব্যয়ত অন্ত্যেষ্টিক্ৰিয়াৰ বিৰোধিতা কৰে। অৱশ্যে, জাপান চৰকাৰে জাপানৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে কাৰ্যনিৰ্বাহল কৰা  প্ৰধানমন্ত্ৰী শিনজো আবেৰ অন্ত্যেষ্টিক্ৰিয়া ৰাষ্ট্ৰীয়   সন্মান আৰু ৰাজহুৱা কোষাগাৰৰ ধনেৰে সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য জুলাই মাহত এজন বন্দুকধাৰীয়ে পশ্চিম জাপানৰ নাৰা চহৰত এক অনুষ্ঠানত ভাষণ দি থকা অৱস্থাত আবেৰ ওপৰত গুলীচালনা কৰিছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে   মৃত্যুবৰণ কৰিছিল।  ভাৰত চৰকাৰে আবেৰ মৃত্যুত ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ