--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবে অন্ত্যেষ্টিক্ৰিয়া চৰকাৰী খৰচত কৰিবলৈ লোৱাৰ বিৰুদ্ধে জাপানত এতিয়া প্ৰতিবাদৰ লহৰ বৈ গৈছে। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ মৃতদেহৰ  অন্ত্যেষ্টিক্ৰিয়া ২৭ ছেপ্টেম্বৰত টকিঅ'ত ৰাষ্ট্ৰীয় সন্মানেৰে  কৰা হ'ব। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকাৰ কথা আছে। 

অৱশ্যে, চৰকাৰী কোষাগাৰৰ ধনেৰে আবেৰ অন্ত্যেষ্টিক্ৰিয়াক লৈ জাপানত বিবাদ তুংগত উঠিছে। বুধবাৰে এজন যুৱকে চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদত নিজৰ দেহত জুই লগাই আত্মহত্যা কৰিবলৈ চেষ্টা কৰে। সুৰক্ষা কৰ্মীয়ে তেওঁক উদ্ধাৰ কৰি  এখন চিকিৎসালয়ত ভৰ্তি কৰিছে। আহত যুৱকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে  লোকজনে জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ফুমিঅ কিছিদাৰ কাৰ্যালয়ৰ সন্মুখত নিজৰ দেহত  জুই লগাই আত্মহত্যাৰ চেষ্টা কৰে।  প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই বিষয়টোত কোনো মন্তব্য কৰাৰ পৰা বিৰত আছে। খবৰ অনুসৰি লোকজনে চৰকাৰী পুঁজিৰে আবেৰ  অন্ত্যেষ্টিক্ৰিয়াৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি আছিল। হঠাতে তেওঁ নিজৰ দেহত জুই লগাই আত্মহত্যা কৰিবলৈ চেষ্টা কৰে।

জাপানত চৰকাৰৰ তত্বাৱধানত অন্ত্যেষ্টিক্ৰিয়া কৰাটো বিৰল। যদি এই বিষয়ত জনমত লোৱা হয়, তেন্তে দেখা যায় যে দেশৰ ৫০ শতাংশ নাগৰিকে চৰকাৰৰ ব্যয়ত অন্ত্যেষ্টিক্ৰিয়াৰ বিৰোধিতা কৰে। অৱশ্যে, জাপান চৰকাৰে জাপানৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে কাৰ্যনিৰ্বাহল কৰা  প্ৰধানমন্ত্ৰী শিনজো আবেৰ অন্ত্যেষ্টিক্ৰিয়া ৰাষ্ট্ৰীয়   সন্মান আৰু ৰাজহুৱা কোষাগাৰৰ ধনেৰে সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য জুলাই মাহত এজন বন্দুকধাৰীয়ে পশ্চিম জাপানৰ নাৰা চহৰত এক অনুষ্ঠানত ভাষণ দি থকা অৱস্থাত আবেৰ ওপৰত গুলীচালনা কৰিছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে   মৃত্যুবৰণ কৰিছিল।  ভাৰত চৰকাৰে আবেৰ মৃত্যুত ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ