ডিজিটেল ডেস্ক
বলীউড , হলীউড সকলোতে আধিপত্য বিস্তাৰ কৰি থকাৰ পিছত এইবাৰ ৰাষ্ট্ৰসংঘৰ মঞ্চত জিলিকি উঠিল প্ৰিয়ংকা চোপ্ৰা জোনাছ৷ তেওঁ ৰাষ্ট্ৰসংঘৰ মঞ্চত বিশ্বক সোঁৱৰাই দিছিল যে ,বৰ্তমান আৰু ভৱিষ্যতৰ চাবিকাঠি আমাৰ নিজৰ হাতত আছে। আৰু এক নিৰপেক্ষ, সুৰক্ষিত আৰু স্বাস্থ্যৱান পৃথিৱী হৈছে প্ৰতিজন নাগৰিকৰ অধিকাৰ।
প্ৰিয়ংকাই মঙলবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ দি আছিল। এইগৰাকী অভিনেত্ৰীয়ে বলীউড এৰি হলিউডত নিজৰ ভেটি স্থাপন কৰিছিল। এগৰাকী অভিনেতা-প্ৰযোজক হোৱাৰ উপৰিও, প্ৰিয়ংকাৰ আন এক পৰিচয়ো আছে। তেওঁ ৰাষ্ট্ৰসংঘৰ 'গুডউইল এম্বেচেডৰ' । ভাষণত তেওঁ বহনক্ষম উন্নয়নৰ বাবে সকলো সদস্য ৰাষ্ট্ৰৰ লক্ষ্যৰ কথাও সোঁৱৰাই দিয়ে। লগতে, য'ত বিশ্বব্যাপী ভাতৃত্ববোধৰ প্ৰয়োজনীয়তা সম্পৰ্কেও অৱতাৰণা কৰে৷
প্ৰিয়ংকাই উল্লেখ কৰিছিল যে ,সাম্প্ৰতিক সময়ত গোটেই পৃথিৱীখন এক সুস্থ অৱস্থাত নাই। কোভিডৰ দৰে মহামাৰীৰ বিধ্বংসী প্ৰভাৱৰ বাবে পৃথিৱীৰ বহুতো দেশ এতিয়াও সংকটৰ মাজত আছে। জলবায়ু পৰিৱৰ্তনৰ সংকটে জীৱন আৰু জীৱিকাক প্ৰভাৱিত কৰিছে। দৰিদ্ৰতা আৰু বৈষম্যই পৃথিৱীৰ ন্যায্য ভেটি ধ্বংস কৰিছে। যাৰ বাবে আমি দীৰ্ঘদিন ধৰি যুঁজি থাকিব লগীয়া হৈছে৷
প্ৰিয়ংকাৰ ভাষণ ৰাষ্ট্ৰসংঘৰ দ্বাৰা ইউটিউবত সম্প্ৰচাৰ কৰা হৈছে। মঞ্চত তেওঁক গাঢ় নীলা পোছাকত দেখা গৈছে। তেওঁ বিশ্বজুৰি বহুতো সমস্যাৰ ওপৰত আলোকপাত কৰিছে।
ৰাষ্ট্ৰসংঘৰ সকলো সদস্যই ২০৩০ চনৰ ভিতৰত বিশ্বজুৰি বহনক্ষম উন্নয়নৰ লক্ষ্য গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে, ৰাষ্ট্ৰসংঘৰ ১৭ টা লক্ষ্য আছে৷ যাৰ ভিতৰত আছে দৰিদ্ৰতা নিৰ্মূল, পৰিৱেশ সুৰক্ষা আৰু বিশ্বৰ জীৱনৰ মানদণ্ড উন্নত কৰা। ১৫ বছৰ ধৰি চলি থকা পৰিকল্পনাৰ কথা স্মৰণ কৰি প্ৰিয়ংকাই কয়, "আমি এই পৃথিৱীৰ ওচৰত ঋণী৷ আমি বাস কৰা পৃথিৱীখন নিৰপেক্ষ, সুৰক্ষিত আৰু স্বাস্থ্যৱান হোৱাৰ যোগ্য। ''