--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক 
বলীউড , হলীউড সকলোতে আধিপত্য বিস্তাৰ কৰি থকাৰ পিছত এইবাৰ ৰাষ্ট্ৰসংঘৰ মঞ্চত জিলিকি উঠিল প্ৰিয়ংকা চোপ্ৰা জোনাছ৷ তেওঁ ৰাষ্ট্ৰসংঘৰ মঞ্চত বিশ্বক সোঁৱৰাই দিছিল যে ,বৰ্তমান আৰু ভৱিষ্যতৰ চাবিকাঠি আমাৰ নিজৰ হাতত আছে। আৰু এক নিৰপেক্ষ, সুৰক্ষিত আৰু স্বাস্থ্যৱান পৃথিৱী হৈছে প্ৰতিজন নাগৰিকৰ অধিকাৰ।

প্ৰিয়ংকাই মঙলবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ দি আছিল। এইগৰাকী অভিনেত্ৰীয়ে  বলীউড এৰি হলিউডত নিজৰ ভেটি স্থাপন কৰিছিল। এগৰাকী অভিনেতা-প্ৰযোজক হোৱাৰ উপৰিও, প্ৰিয়ংকাৰ আন এক পৰিচয়ো আছে। তেওঁ ৰাষ্ট্ৰসংঘৰ 'গুডউইল এম্বেচেডৰ' । ভাষণত তেওঁ বহনক্ষম উন্নয়নৰ বাবে সকলো সদস্য ৰাষ্ট্ৰৰ লক্ষ্যৰ কথাও সোঁৱৰাই দিয়ে। লগতে, য'ত বিশ্বব্যাপী ভাতৃত্ববোধৰ প্ৰয়োজনীয়তা সম্পৰ্কেও অৱতাৰণা কৰে৷ 

প্ৰিয়ংকাই উল্লেখ কৰিছিল  যে ,সাম্প্ৰতিক সময়ত গোটেই পৃথিৱীখন এক সুস্থ  অৱস্থাত নাই। কোভিডৰ দৰে মহামাৰীৰ বিধ্বংসী প্ৰভাৱৰ বাবে পৃথিৱীৰ বহুতো দেশ এতিয়াও সংকটৰ মাজত আছে। জলবায়ু পৰিৱৰ্তনৰ সংকটে জীৱন আৰু জীৱিকাক প্ৰভাৱিত কৰিছে। দৰিদ্ৰতা আৰু বৈষম্যই পৃথিৱীৰ ন্যায্য ভেটি ধ্বংস কৰিছে। যাৰ বাবে আমি দীৰ্ঘদিন ধৰি যুঁজি থাকিব লগীয়া হৈছে৷ 

প্ৰিয়ংকাৰ ভাষণ ৰাষ্ট্ৰসংঘৰ দ্বাৰা ইউটিউবত সম্প্ৰচাৰ কৰা হৈছে। মঞ্চত তেওঁক গাঢ়  নীলা পোছাকত দেখা গৈছে। তেওঁ বিশ্বজুৰি বহুতো সমস্যাৰ ওপৰত আলোকপাত কৰিছে।

ৰাষ্ট্ৰসংঘৰ  সকলো সদস্যই ২০৩০ চনৰ ভিতৰত বিশ্বজুৰি বহনক্ষম উন্নয়নৰ লক্ষ্য গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে, ৰাষ্ট্ৰসংঘৰ ১৭ টা লক্ষ্য আছে৷ যাৰ ভিতৰত আছে দৰিদ্ৰতা নিৰ্মূল, পৰিৱেশ সুৰক্ষা আৰু বিশ্বৰ জীৱনৰ মানদণ্ড উন্নত কৰা। ১৫ বছৰ ধৰি চলি থকা পৰিকল্পনাৰ কথা স্মৰণ কৰি প্ৰিয়ংকাই কয়, "আমি এই পৃথিৱীৰ ওচৰত ঋণী৷ আমি বাস কৰা পৃথিৱীখন নিৰপেক্ষ, সুৰক্ষিত আৰু স্বাস্থ্যৱান হোৱাৰ যোগ্য। ''


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ