--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশেষজ্ঞসকলে কয়, বুদ্ধিমান মানুহৰ মূল্য সকলোতে। বুদ্ধিমত্তা আৰু স্মৃতিশক্তি থকাটোৱে আপোনাক ভিৰৰ মাজতো এক অনন্য পৰিচয় বজাই ৰখাত সহায় কৰিব। আনকি আপোনাৰ কেৰিয়াৰো আকাশলংঘী হ’ব। ভাল জীৱন যাপন কৰিব পাৰিব। ভাল স্মৃতিশক্তি থকা মানুহে সহজে পাহৰি নাযায়। চৌপাশে ঘটি থকা সকলো কথা তেওঁলোকে মনত পেলাব পাৰে। সেইবাবেই তেওঁলোকক  সন্মানৰ স্থান দিয়া হয়। কিন্তু মনত ৰাখিব লাগে যে বয়সৰ পিছত স্মৃতিশক্তি কমি যায়। সেই পৰিস্থিতিৰ সৈতে আমি সকলোৱে যুঁজিব লাগিব।

কিছুমান ক্ষেত্ৰত পাহৰি যোৱাৰ আঁৰত অসুস্থতা থাকে। কিন্তু কেতিয়াবা আমাৰ বেয়া জীৱনশৈলী ইয়াৰ কাৰণ হ’ব পাৰে। মনত ৰাখিব যে এই লোকসকলে স্মৃতিশক্তি উন্নত কৰিবলৈ নিজৰ খাদ্যৰ ওপৰত চকু ৰখাৰ প্ৰয়োজন। লগতে, আপোনাৰ স্মৃতিশক্তি সতেজ কৰিবলৈ এই ৫টা কাম কৰক-

১. ভালদৰে শুব লাগে
আচলতে স্মৃতিশক্তিৰ সৈতে টোপনিৰ এক বৃহৎ সম্পৰ্ক আছে। সময়মতে শুব পাৰিলে, টোপনি ভাল হ’লে স্মৃতিশক্তি শক্তিশালী হ’ব পাৰে।  এজন প্ৰাপ্তবয়স্কই দিনটোত ৬ৰ পৰা ৮ ঘণ্টা শুব লাগে। ইয়াৰ জৰিয়তে মগজুৱে জিৰণি ল’ব পাৰে। আনকি আত্মনিৰাময়, নতুন কোষ গঠনৰ বাবেও টোপনি ফলপ্ৰসূ।

২. ভাল খাদ্য খাওক
খাদ্য তালিকাত কিছুমান পুষ্টিকৰ খাদ্য ৰাখিব লাগে। তেনে ক্ষেত্ৰত শৰীৰ আৰু মন দুয়োটা শক্তিশালী হয়।  খাদ্যত শাক-পাচলি আৰু ফল-মূল ৰাখিব লাগে। এই খাদ্যসমূহত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ওমেগা থ্ৰী থাকে। এইবোৰে স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে। 

৩. দৈনিক ধ্যান কৰক
আচলতে প্ৰাণায়াম কৰি বহু সমস্যাৰ সমাধান সহজে কৰিব পাৰি। গতিকে নিয়মিতভাৱে ব্যায়াম কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপুনি সমস্যাটো সমাধান কৰিব পাৰে।  নিয়মীয়া প্ৰাণায়াম বা ব্যায়ামে মনক শান্ত কৰে। উদ্বেগ আৰু হতাশা কম কৰে গতিকে এইবোৰ কথা মনত ৰাখিবলৈ চেষ্টা কৰক। প্ৰতিদিনে কিছু সময় উলিয়াই অনুশীলন কৰক।

৪. সুৰা পান কৰিব নালাগে
বহুতৰে মদ্যপান কৰাৰ অভ্যাস আছে। কিন্তু মদ্যপান, ধূমপানে শৰীৰত বহুতো জটিলতাৰ সৃষ্টি কৰে। ইহঁতে কেন্সাৰ সৃষ্টি কৰে। নিচাই মগজুৱে নিজৰ কাম সঠিকভাৱে কৰিবলৈও বাধা দিয়ে। আনকি বহুতো সমস্যাৰ সৃষ্টি হয়। এই কাৰণেই ড্ৰাগছ সেৱন কৰা মানুহৰ মগজুৱে কাম নকৰে। গতিকে বিভিন্ন নিচাযুক্ত বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক। 

৫. ফাষ্ট ফুড এৰাই চলক 
ফাষ্ট ফুডৰ ফলত গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে যিমান পাৰি ফাষ্ট ফুডৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। তেনে ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে ফাষ্ট ফুডৰ পৰা আঁতৰি থাকিব লাগে। তেতিয়াহে স্মৃতিশক্তি বাঢ়িব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক