--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ সহৰচা জিলাৰ এখন সৰু গাওঁৰ  বাসিন্দা দিলখুছ কুমাৰ। সৰুৰে পৰা কেৱল অভাৱৰ মাজতেই সহাৱস্থান কৰা দিলখুছে প্ৰত্যাহ্বানক সম্ভাৱনালৈ পৰিণত কৰাত সফল হৈছে। তেওঁৰ সফলতাৰ  কাহিনী নিঃসন্দেহে  অনুপ্ৰেৰণাদায়ক ।  এসময়ত দিল্লীত ৰিক্সা চলাই, পাটনাত পাচলি বিক্ৰী কৰি পেট পুহিছিল দিলখুছে। কিন্তু এতিয়া তেওঁ   কোটি টকাৰ এটা কোম্পানী মালিক। 

দিলখুছ কুমাৰে সুলভ  টেক্সি সেৱাৰ বাবে RoaBez নামৰ কোম্পানী এটা স্থাপন কৰিছে।   কোম্পানীটো  ওলা আৰু উবেৰৰ দৰেই যদিও সেই কোম্পানীবোৰৰ পৰা কিছু পৃথক৷ দিলখুছৰ কোম্পানীত গ্ৰাহক যিদৰে উপকৃত হয়, গাড়ীৰ চলকো সমানে উপকৃত হয়৷ আন কোম্পানীয়ে সাধাৰণতে গ্ৰাহকৰ পৰা বাহিৰৰ ষ্টেচনলৈ যোৱাৰ সময়ত  অহা-যোৱা দুয়োটা ভাড়াই লয়। কিন্তু ৰোডবেজে কেৱল এটা ভাড়াহে লয়৷ জানো আহক দিলখুছৰ ভাষাৰেই তেওঁৰ সফলতাৰ কাহিনী-"মই এটা দৰিদ্ৰ পৰিয়ালৰ পৰা আহিছো, দেউতা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। তেওঁ ঘৰৰ সকলো খৰচ বহন  কৰিছিল, সেয়েহে মানুহে মোক অপ্ৰয়োজনীয় বুলি মাতিবলৈ আৰম্ভ কৰিছিল। মই দ্বাদশ শ্ৰেণীত থকাৰ সময়তে মপঢ়া শুনা এৰি মোৰ পৰিয়ালৰ দায়িত্ব কান্ধত ল'ব লগা হৈছিল।

চাকৰিৰ সন্ধানত, মই  গাৰ্ডৰ পদৰ বাবে সাক্ষাৎকাৰৰ দিবলৈ  পাটনালৈ গৈছিলো। তাত মোক নিৰক্ষৰ আৰু অশিক্ষিত বুলি প্ৰত্যাখ্যান কৰা হৈছিল। তাৰ পিছত মই গাওঁলৈ ঘূৰি আহি  গাড়ী চলাবলৈ আৰম্ভ কৰিছিলো, কিন্তু তাতো  কোনো উপাৰ্জন নাছিল, সেয়েহে মই দিল্লীলৈ গৈছিলো। তাত  মই এখন ৰিক্সা কিনিছিলোঁ আৰু চলাবলৈ আৰম্ভ কৰিছিলো। মই ভাবিছিলো যে মই ঘৰলৈ টকা পঠিয়াব পাৰিম ৷ কিন্তু সেয়াও নহ’ল। এমাহৰ ভিতৰত  মোৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু মই গাওঁলৈ ঘূৰি আহিবলগীয়া হৈছিল। ঘূৰি আহি আত্মীয় আৰু  স্থানীয় মানুহৰ বহু শ্লেষ শুনিব লগা হৈছিল।

ওলা আৰু উবেৰৰ দৰে কেব সেৱা সেই সময়ত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল; সেয়া  দেখি, মই একেধৰণৰ কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিছিলো।  সঞ্চয় কৰা সামান্য টকাৰে, মই  এখন ছেকেণ্ড হেণ্ড গাড়ী কিনি পাটনাত  চলাবলৈ আৰম্ভ কৰিলো। 

এদিন এখন গৈাড়ীৰেই  ষ্টাৰ্টআপ ৰোডবেজ আৰম্ভ কৰিছিল। এই ষ্টাৰ্টআপটো বাকী টেক্সি কোম্পানীবোৰৰ দৰে নহয়; এয়া  এটা ডাটাবেচ কোম্পানী , যি গ্ৰাহকসকলক টেক্সি চালকৰ সৈতে সংযোগ কৰে। "

কোম্পানীটো আৰম্ভ কৰাৰ ছয়ৰ পৰা সাত মাহ পিছত দিলখুছে  ৪ কোটি টকা সংগ্ৰহ কৰিছিল। চালকসকলক আগবঢ়োৱা ক্ষতিপূৰণ হৈছে ৰডবেজৰ আটাইতকৈ আকৰ্ষণীয় দিশ। দিলখুছে তেওঁৰ কোম্পানীৰ চালকসকলক মাহিলী দৰমহা ৫৫ হাজাৰ  টকাৰ পৰা ৬০ হাজাৰ  টকা দৰমহা দিয়ে।

তেওঁ নিজৰ ব্যৱসায়ত সফলতাৰ পৰ্যায়ত উপনীত হ'বলৈ বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল। এসময়ত এজন পাচলি বিক্ৰেতা আৰু ৰিক্সাচালক, দিলখুছে আজি তেওঁৰ কোম্পানীত আইআইটি আৰু আইআইএমৰ  স্নাতকসকলক নিয়োগ কৰিব পৰা হৈছে। আজি কোটি কোটি টকাৰ কোম্পানীএটাৰ গৰাকী দিলখুছ কুমাৰ বহু লোকৰ বাবে এক অনুপ্ৰেৰণা হৈ পৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক