--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ সহৰচা জিলাৰ এখন সৰু গাওঁৰ  বাসিন্দা দিলখুছ কুমাৰ। সৰুৰে পৰা কেৱল অভাৱৰ মাজতেই সহাৱস্থান কৰা দিলখুছে প্ৰত্যাহ্বানক সম্ভাৱনালৈ পৰিণত কৰাত সফল হৈছে। তেওঁৰ সফলতাৰ  কাহিনী নিঃসন্দেহে  অনুপ্ৰেৰণাদায়ক ।  এসময়ত দিল্লীত ৰিক্সা চলাই, পাটনাত পাচলি বিক্ৰী কৰি পেট পুহিছিল দিলখুছে। কিন্তু এতিয়া তেওঁ   কোটি টকাৰ এটা কোম্পানী মালিক। 

দিলখুছ কুমাৰে সুলভ  টেক্সি সেৱাৰ বাবে RoaBez নামৰ কোম্পানী এটা স্থাপন কৰিছে।   কোম্পানীটো  ওলা আৰু উবেৰৰ দৰেই যদিও সেই কোম্পানীবোৰৰ পৰা কিছু পৃথক৷ দিলখুছৰ কোম্পানীত গ্ৰাহক যিদৰে উপকৃত হয়, গাড়ীৰ চলকো সমানে উপকৃত হয়৷ আন কোম্পানীয়ে সাধাৰণতে গ্ৰাহকৰ পৰা বাহিৰৰ ষ্টেচনলৈ যোৱাৰ সময়ত  অহা-যোৱা দুয়োটা ভাড়াই লয়। কিন্তু ৰোডবেজে কেৱল এটা ভাড়াহে লয়৷ জানো আহক দিলখুছৰ ভাষাৰেই তেওঁৰ সফলতাৰ কাহিনী-"মই এটা দৰিদ্ৰ পৰিয়ালৰ পৰা আহিছো, দেউতা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। তেওঁ ঘৰৰ সকলো খৰচ বহন  কৰিছিল, সেয়েহে মানুহে মোক অপ্ৰয়োজনীয় বুলি মাতিবলৈ আৰম্ভ কৰিছিল। মই দ্বাদশ শ্ৰেণীত থকাৰ সময়তে মপঢ়া শুনা এৰি মোৰ পৰিয়ালৰ দায়িত্ব কান্ধত ল'ব লগা হৈছিল।

চাকৰিৰ সন্ধানত, মই  গাৰ্ডৰ পদৰ বাবে সাক্ষাৎকাৰৰ দিবলৈ  পাটনালৈ গৈছিলো। তাত মোক নিৰক্ষৰ আৰু অশিক্ষিত বুলি প্ৰত্যাখ্যান কৰা হৈছিল। তাৰ পিছত মই গাওঁলৈ ঘূৰি আহি  গাড়ী চলাবলৈ আৰম্ভ কৰিছিলো, কিন্তু তাতো  কোনো উপাৰ্জন নাছিল, সেয়েহে মই দিল্লীলৈ গৈছিলো। তাত  মই এখন ৰিক্সা কিনিছিলোঁ আৰু চলাবলৈ আৰম্ভ কৰিছিলো। মই ভাবিছিলো যে মই ঘৰলৈ টকা পঠিয়াব পাৰিম ৷ কিন্তু সেয়াও নহ’ল। এমাহৰ ভিতৰত  মোৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু মই গাওঁলৈ ঘূৰি আহিবলগীয়া হৈছিল। ঘূৰি আহি আত্মীয় আৰু  স্থানীয় মানুহৰ বহু শ্লেষ শুনিব লগা হৈছিল।

ওলা আৰু উবেৰৰ দৰে কেব সেৱা সেই সময়ত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল; সেয়া  দেখি, মই একেধৰণৰ কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিছিলো।  সঞ্চয় কৰা সামান্য টকাৰে, মই  এখন ছেকেণ্ড হেণ্ড গাড়ী কিনি পাটনাত  চলাবলৈ আৰম্ভ কৰিলো। 

এদিন এখন গৈাড়ীৰেই  ষ্টাৰ্টআপ ৰোডবেজ আৰম্ভ কৰিছিল। এই ষ্টাৰ্টআপটো বাকী টেক্সি কোম্পানীবোৰৰ দৰে নহয়; এয়া  এটা ডাটাবেচ কোম্পানী , যি গ্ৰাহকসকলক টেক্সি চালকৰ সৈতে সংযোগ কৰে। "

কোম্পানীটো আৰম্ভ কৰাৰ ছয়ৰ পৰা সাত মাহ পিছত দিলখুছে  ৪ কোটি টকা সংগ্ৰহ কৰিছিল। চালকসকলক আগবঢ়োৱা ক্ষতিপূৰণ হৈছে ৰডবেজৰ আটাইতকৈ আকৰ্ষণীয় দিশ। দিলখুছে তেওঁৰ কোম্পানীৰ চালকসকলক মাহিলী দৰমহা ৫৫ হাজাৰ  টকাৰ পৰা ৬০ হাজাৰ  টকা দৰমহা দিয়ে।

তেওঁ নিজৰ ব্যৱসায়ত সফলতাৰ পৰ্যায়ত উপনীত হ'বলৈ বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল। এসময়ত এজন পাচলি বিক্ৰেতা আৰু ৰিক্সাচালক, দিলখুছে আজি তেওঁৰ কোম্পানীত আইআইটি আৰু আইআইএমৰ  স্নাতকসকলক নিয়োগ কৰিব পৰা হৈছে। আজি কোটি কোটি টকাৰ কোম্পানীএটাৰ গৰাকী দিলখুছ কুমাৰ বহু লোকৰ বাবে এক অনুপ্ৰেৰণা হৈ পৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক