--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে অসমৰ ডিটেনচন কেন্দ্ৰত ব্যাপক হাৰত উলংঘন হৈছে মানৱ অধিকাৰ। চেণ্টাৰ ফৰ নিউ ইকনমিক্স ষ্টাডিজৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে সন্দেহজনক নাগৰিকত্ব থকা  বহু লোকে   অসমৰ ডিটেনচন চেণ্টাৰত বাস কৰি আছে।  য'ত গুৰুতৰ অপৰাধৰ বাবে শাস্তি ভোগ কৰা বন্দীসকলকো  ৰখা হৈছে। তেনেবোৰ কেন্দ্ৰত বহু সন্দেযুক্ত নাগৰিকক অপৰাধীৰ সৈতেই ৰখা হৈছে। উল্লেখ ২০১০ চনৰ পৰাই অসমত ডিটেনচন চেণ্টাৰ চলি আছে। 


দীপাংশু মোহন, সমগ্রগ্নি চক্ৰৱৰ্তী, যশোবৰ্ধন চতুৰ্বেদী, হিমা তৃষা এম, নিত্যা অৰোৰা, ৰিষভ চক্ৰৱৰ্তী আৰু অমন চানে এক প্ৰতিবেদনত বৰ্ণনা কৰিছে যে কেনেদৰে এই ডিটেনচন চেণ্টাৰবোৰত মানৱ অধিকাৰ উলংঘন হৈছে।  
ভাৰতে  চিনাক্তকৰণ, আটক আৰু বিতাড়নৰ জৰিয়তে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে।

প্ৰতিবেদনখনত  তেনে কেন্দ্ৰত থকা  বন্দীসকলৰ দুৰ্দশা বিশেষভাৱে আলোকপাত কৰা হৈছে।   ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰসৈতে জড়িত  হৰ্ষ মান্দেৰে শিবিৰৰ ভিতৰৰ ভয়ংকৰ পৰিস্থিতিৰ কথা প্ৰকাশ কৰিছে । ইয়াত ডিটেনচন চেণ্টাৰত চুমি গোস্বামী (নাম পৰিৱৰ্তিত) নামৰ এগৰাকী মহিলাৰ অভিজ্ঞতাৰ কথাও উল্লেখ কৰা  হৈছে । 

প্ৰতিবেদনখনত আৰু কোৱা হৈছে যে বিদেশী ন্যায়াধিকৰণৰ কাৰিকৰী ত্ৰুটিৰ বাবে চুমি গোস্বামীক মাটিয়া ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছিল। সকলো প্ৰয়োজনীয় নথিপত্ৰ থকা স্বত্বেও তেওঁ তিনিদিন ডিটেনচন কেম্পত থাকিবলৈ বাধ্য হৈছিল।  পিছত তেওঁ জামিনত মুক্তি লাভ কৰিছিল।

ডিটেনচন চেণ্টাৰত থকা অভিজ্ঞতাৰ বিষয়ে  চুমিয়ে কৈছে: "মই কেনে দিন পাৰ কৰিছো কোনেও বুজি নাপাব। কেৱল মইহে বুজিপাওঁ। যদি আপুনি কেতিয়াও ডিটেনচন কেম্পলৈ যোৱা নাই, আপুনি বুজি নাপাব যে তাত বাস কৰাটো কেনে কষ্টকৰ।"

 তেওঁ কয়, "এটা কোঠাৰ  ভিতৰত ১৪ ৰ পৰা ১৫ জন লোক আছিল,  য'ত মাত্ৰ এটা বাথৰুম আছিল। প্ৰথম দিনা যেতিয়া মই তালৈ গৈছিলো, মই দেখি আচৰিত হৈছিলোঁ যে বাথৰুমৰ দুৱাৰবোৰ আধা ভাঙি গৈছে। এজন কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিক সোধাৰ পিছত, মই অনুভৱ কৰিছিলো যে বন্দীসকলক আত্মহত্যা কৰাত বাধা দিবলৈ এনে বাথৰুমৰ দুৱাৰবোৰ আধা ভাঙি দিয়া হৈছে। ’’


গোস্বামীয়ে লগতে কয় , 'মই একেৰাহে দুটা ৰাতি টোপনি মৰা নাছিলো, মাত্ৰ বহি আছিলোঁ। ।"

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ (ইউএনএইচআৰচি) নিৰ্দেশনা অনুসৰি চৰকাৰী কাৰাগাৰসমূহ আটক কৰাসকলৰ বাবে ব্যৱহাৰ কৰিব নালাগে, তথাপিও অসমত থকা কেন্দ্ৰসমূহ সাধাৰণ কাৰাগাৰৰ উপ-শাখা আৰু সেয়েহে ঘোষণা কৰা 'বিদেশী'সকলক প্ৰায়ে দোষী সাব্যস্ত বন্দীৰ সৈতে একেটা কোঠাতে  ৰখা হৈছে। 

চুমি গোস্বামীয়ে লগতে কৈছে , "মই এজন বন্দীক সুধিছিলো যে তেওঁ  তাত কিয় আছে, তেওঁ কৈছিল যে তেওঁ নিজৰ ভায়েকক মাটিৰ বাবে হত্যা কৰিছিল। মই আন এগৰাকী মহিলাক একেটা প্ৰশ্ন সুধিছিলো আৰু তেওঁ কৈছিল যে তেওঁ ড্ৰাগস সৰবৰাহকৰাৰ বাবে গ্ৰেপ্তাৰ  হৈছিল। এনে পৰিস্থিতিত আপুনি আপোনাৰ চাৰিওফালে অপৰাধী থকা  এটা কোঠাত শান্তিৰে কেনেকৈ শুব পাৰে? ... যিসকলৰ নাগৰিকত্ব সন্দেহত আছে তেওঁলোকক এই অপৰাধীসকলৰ সৈতে কিয় একেলগে ৰখা  হৈছে?"




FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক