--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে অসমৰ ডিটেনচন কেন্দ্ৰত ব্যাপক হাৰত উলংঘন হৈছে মানৱ অধিকাৰ। চেণ্টাৰ ফৰ নিউ ইকনমিক্স ষ্টাডিজৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে সন্দেহজনক নাগৰিকত্ব থকা  বহু লোকে   অসমৰ ডিটেনচন চেণ্টাৰত বাস কৰি আছে।  য'ত গুৰুতৰ অপৰাধৰ বাবে শাস্তি ভোগ কৰা বন্দীসকলকো  ৰখা হৈছে। তেনেবোৰ কেন্দ্ৰত বহু সন্দেযুক্ত নাগৰিকক অপৰাধীৰ সৈতেই ৰখা হৈছে। উল্লেখ ২০১০ চনৰ পৰাই অসমত ডিটেনচন চেণ্টাৰ চলি আছে। 


দীপাংশু মোহন, সমগ্রগ্নি চক্ৰৱৰ্তী, যশোবৰ্ধন চতুৰ্বেদী, হিমা তৃষা এম, নিত্যা অৰোৰা, ৰিষভ চক্ৰৱৰ্তী আৰু অমন চানে এক প্ৰতিবেদনত বৰ্ণনা কৰিছে যে কেনেদৰে এই ডিটেনচন চেণ্টাৰবোৰত মানৱ অধিকাৰ উলংঘন হৈছে।  
ভাৰতে  চিনাক্তকৰণ, আটক আৰু বিতাড়নৰ জৰিয়তে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে।

প্ৰতিবেদনখনত  তেনে কেন্দ্ৰত থকা  বন্দীসকলৰ দুৰ্দশা বিশেষভাৱে আলোকপাত কৰা হৈছে।   ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰসৈতে জড়িত  হৰ্ষ মান্দেৰে শিবিৰৰ ভিতৰৰ ভয়ংকৰ পৰিস্থিতিৰ কথা প্ৰকাশ কৰিছে । ইয়াত ডিটেনচন চেণ্টাৰত চুমি গোস্বামী (নাম পৰিৱৰ্তিত) নামৰ এগৰাকী মহিলাৰ অভিজ্ঞতাৰ কথাও উল্লেখ কৰা  হৈছে । 

প্ৰতিবেদনখনত আৰু কোৱা হৈছে যে বিদেশী ন্যায়াধিকৰণৰ কাৰিকৰী ত্ৰুটিৰ বাবে চুমি গোস্বামীক মাটিয়া ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছিল। সকলো প্ৰয়োজনীয় নথিপত্ৰ থকা স্বত্বেও তেওঁ তিনিদিন ডিটেনচন কেম্পত থাকিবলৈ বাধ্য হৈছিল।  পিছত তেওঁ জামিনত মুক্তি লাভ কৰিছিল।

ডিটেনচন চেণ্টাৰত থকা অভিজ্ঞতাৰ বিষয়ে  চুমিয়ে কৈছে: "মই কেনে দিন পাৰ কৰিছো কোনেও বুজি নাপাব। কেৱল মইহে বুজিপাওঁ। যদি আপুনি কেতিয়াও ডিটেনচন কেম্পলৈ যোৱা নাই, আপুনি বুজি নাপাব যে তাত বাস কৰাটো কেনে কষ্টকৰ।"

 তেওঁ কয়, "এটা কোঠাৰ  ভিতৰত ১৪ ৰ পৰা ১৫ জন লোক আছিল,  য'ত মাত্ৰ এটা বাথৰুম আছিল। প্ৰথম দিনা যেতিয়া মই তালৈ গৈছিলো, মই দেখি আচৰিত হৈছিলোঁ যে বাথৰুমৰ দুৱাৰবোৰ আধা ভাঙি গৈছে। এজন কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিক সোধাৰ পিছত, মই অনুভৱ কৰিছিলো যে বন্দীসকলক আত্মহত্যা কৰাত বাধা দিবলৈ এনে বাথৰুমৰ দুৱাৰবোৰ আধা ভাঙি দিয়া হৈছে। ’’


গোস্বামীয়ে লগতে কয় , 'মই একেৰাহে দুটা ৰাতি টোপনি মৰা নাছিলো, মাত্ৰ বহি আছিলোঁ। ।"

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ (ইউএনএইচআৰচি) নিৰ্দেশনা অনুসৰি চৰকাৰী কাৰাগাৰসমূহ আটক কৰাসকলৰ বাবে ব্যৱহাৰ কৰিব নালাগে, তথাপিও অসমত থকা কেন্দ্ৰসমূহ সাধাৰণ কাৰাগাৰৰ উপ-শাখা আৰু সেয়েহে ঘোষণা কৰা 'বিদেশী'সকলক প্ৰায়ে দোষী সাব্যস্ত বন্দীৰ সৈতে একেটা কোঠাতে  ৰখা হৈছে। 

চুমি গোস্বামীয়ে লগতে কৈছে , "মই এজন বন্দীক সুধিছিলো যে তেওঁ  তাত কিয় আছে, তেওঁ কৈছিল যে তেওঁ নিজৰ ভায়েকক মাটিৰ বাবে হত্যা কৰিছিল। মই আন এগৰাকী মহিলাক একেটা প্ৰশ্ন সুধিছিলো আৰু তেওঁ কৈছিল যে তেওঁ ড্ৰাগস সৰবৰাহকৰাৰ বাবে গ্ৰেপ্তাৰ  হৈছিল। এনে পৰিস্থিতিত আপুনি আপোনাৰ চাৰিওফালে অপৰাধী থকা  এটা কোঠাত শান্তিৰে কেনেকৈ শুব পাৰে? ... যিসকলৰ নাগৰিকত্ব সন্দেহত আছে তেওঁলোকক এই অপৰাধীসকলৰ সৈতে কিয় একেলগে ৰখা  হৈছে?"




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement