--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত সোমবাৰে পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজধানী ইম্ফলৰ চেকন অঞ্চলত উত্তেজিত দুটা গোটৰ মাজত সংঘৰ্ষ বন্ধ কৰিবলৈ সেনা আৰু অৰ্ধসামৰিক বাহিনীক মাতি অনা হৈছে। নতুনকৈ জাৰি কৰা হৈছে সান্ধ্য আইন।

আৰক্ষীৰ সূত্ৰ অনুসৰি, চেকন বজাৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ একাংশ লোকৰ মাজত হোৱা বিবাদৰ পিছতে এই অশান্তি আৰম্ভ হয়। প্ৰথমতে দুয়োপক্ষৰ মাজত হতাহতি হয়। ইয়াৰ পিছত লাঠি আৰু অন্যান্য অস্ত্ৰৰে সংঘৰ্ষ আৰম্ভ হয়। এই ঘটনাত আহত হৈছে কেইবাজনো লোক। বজাৰখনৰ কেইবাখনো দোকানত অগ্নিসংযোগ কৰা হয়।

উল্লেখ্য যে মণিপুৰ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ ৰাজ্য চৰকাৰক মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। তাৰ পিছতেই ইয়াৰ বিৰোধিতা কৰি জনজাতীয় সংগঠনকেইটা ৰাজপথলৈ ওলাই আহে। সেই ঘটনাৰ পৰাই উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপি শাসিত ৰাজ্যখনত সংঘাতৰ পৰিস্থিতি আৰম্ভ হৈছে।

যোৱা ৩ মে’ত জনজাতি ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ (আটছুম)ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি মণিপুৰত অশান্তিৰ সৃষ্টি হয়।

চৰকাৰৰ তথ্য মতে, খিলঞ্জীয়া মেইটেই জনগোষ্ঠীৰ সৈতে কুকি, জো, আৰু অন্যান্য জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ ফলত ৰাজ্যখনত ৭৩ জন লোকৰ মৃত্যু হৈছে। প্ৰায় ৩০০ লোক গুৰুতৰভাৱে আহত হয়। গোষ্ঠীসংঘৰ্ষৰ ফলত ২৫ হাজাৰৰো অধিক লোক গৃহহীন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন