--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত সোমবাৰে পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজধানী ইম্ফলৰ চেকন অঞ্চলত উত্তেজিত দুটা গোটৰ মাজত সংঘৰ্ষ বন্ধ কৰিবলৈ সেনা আৰু অৰ্ধসামৰিক বাহিনীক মাতি অনা হৈছে। নতুনকৈ জাৰি কৰা হৈছে সান্ধ্য আইন।

আৰক্ষীৰ সূত্ৰ অনুসৰি, চেকন বজাৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ একাংশ লোকৰ মাজত হোৱা বিবাদৰ পিছতে এই অশান্তি আৰম্ভ হয়। প্ৰথমতে দুয়োপক্ষৰ মাজত হতাহতি হয়। ইয়াৰ পিছত লাঠি আৰু অন্যান্য অস্ত্ৰৰে সংঘৰ্ষ আৰম্ভ হয়। এই ঘটনাত আহত হৈছে কেইবাজনো লোক। বজাৰখনৰ কেইবাখনো দোকানত অগ্নিসংযোগ কৰা হয়।

উল্লেখ্য যে মণিপুৰ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ ৰাজ্য চৰকাৰক মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। তাৰ পিছতেই ইয়াৰ বিৰোধিতা কৰি জনজাতীয় সংগঠনকেইটা ৰাজপথলৈ ওলাই আহে। সেই ঘটনাৰ পৰাই উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপি শাসিত ৰাজ্যখনত সংঘাতৰ পৰিস্থিতি আৰম্ভ হৈছে।

যোৱা ৩ মে’ত জনজাতি ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ (আটছুম)ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি মণিপুৰত অশান্তিৰ সৃষ্টি হয়।

চৰকাৰৰ তথ্য মতে, খিলঞ্জীয়া মেইটেই জনগোষ্ঠীৰ সৈতে কুকি, জো, আৰু অন্যান্য জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ ফলত ৰাজ্যখনত ৭৩ জন লোকৰ মৃত্যু হৈছে। প্ৰায় ৩০০ লোক গুৰুতৰভাৱে আহত হয়। গোষ্ঠীসংঘৰ্ষৰ ফলত ২৫ হাজাৰৰো অধিক লোক গৃহহীন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস