--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াৰ এখন বিমানত সংঘটিত হৈছে এটা চাঞ্চল্যজনক কাণ্ড। বিমাখনৰ তেলৰ টেংকীত এটা ফুটা হৈছিল। ৩০০ জন যাত্ৰী আছিল এয়াৰ ইণ্ডিয়াৰ বিমানখনত।

তেলৰ টেংকী ফুটা হোৱাৰ ফলত চুইডেনৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে। বিমানখনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেৱাৰ্ক বিমানবন্দৰৰ পৰা দিল্লীলৈ উৰা মাৰিছিল। মাজ আকাশতে বিমানখনৰ তেলৰ টেংকীটোৰ ফুটাৰ পৰা ইন্ধন লিক হ’বলৈ আৰম্ভ কৰাৰ পিছতে সমস্যাৰ সৃষ্টি হয়।

সূত্ৰ অনুসৰি, বোয়িং ৭৭৭-৩০০ আৰ নম্বৰৰ বিমানখনৰ এটা ইঞ্জিনত তেলৰ টেংকত লিক হোৱাৰ বাবে সমস্যা হৈছিল। ইয়াৰ পিছত ষ্টকহোম বিমানবন্দৰত জৰুৰী অৱতৰণৰ বাবে অনুমতি বিচৰা হয়। বিমানখনত থকা সকলো ৩০০ জন যাত্ৰী সুৰক্ষিত বুলি জনা গৈছে।

জানিব পৰা গৈছে যে টেংকাৰত লিকেজ হোৱাৰ বাবে তেল ওলাই আহিছিল। বিমানখনৰ সেই ইঞ্জিনটো তৎক্ষণাৎ বন্ধ কৰি দিয়া হয়। অৱতৰণৰ পিছত পৰীক্ষা কৰাত দেখা গৈছিল যে বিমানখনৰ দুই নম্বৰ ইঞ্জিনৰ তেলৰ টেংকীৰ পৰা তেল ওলাই আহিছিল। বিমানবন্দৰত সেইটো ঠিক কৰা হৈছে।

বিমানখনে ষ্টকহোমত জৰুৰী অৱতৰণ কৰাৰ আগতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত আছিল। অৱতৰণৰ সময়ত যিকোনো দুৰ্যোগ প্ৰতিহত কৰিবলৈ দুৰ্যোগ ব্যৱস্থাপনা দলো মোতায়েন কৰা হৈছিল। অৱশ্যে, কোনো সমস্যা নোহোৱাকৈ ৩০০ যাত্ৰীৰ সৈতে এয়াৰ ইণ্ডিয়াৰ বিমানখনে ষ্টকহোমৰ বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ