--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াৰ এখন বিমানত সংঘটিত হৈছে এটা চাঞ্চল্যজনক কাণ্ড। বিমাখনৰ তেলৰ টেংকীত এটা ফুটা হৈছিল। ৩০০ জন যাত্ৰী আছিল এয়াৰ ইণ্ডিয়াৰ বিমানখনত।

তেলৰ টেংকী ফুটা হোৱাৰ ফলত চুইডেনৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে। বিমানখনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেৱাৰ্ক বিমানবন্দৰৰ পৰা দিল্লীলৈ উৰা মাৰিছিল। মাজ আকাশতে বিমানখনৰ তেলৰ টেংকীটোৰ ফুটাৰ পৰা ইন্ধন লিক হ’বলৈ আৰম্ভ কৰাৰ পিছতে সমস্যাৰ সৃষ্টি হয়।

সূত্ৰ অনুসৰি, বোয়িং ৭৭৭-৩০০ আৰ নম্বৰৰ বিমানখনৰ এটা ইঞ্জিনত তেলৰ টেংকত লিক হোৱাৰ বাবে সমস্যা হৈছিল। ইয়াৰ পিছত ষ্টকহোম বিমানবন্দৰত জৰুৰী অৱতৰণৰ বাবে অনুমতি বিচৰা হয়। বিমানখনত থকা সকলো ৩০০ জন যাত্ৰী সুৰক্ষিত বুলি জনা গৈছে।

জানিব পৰা গৈছে যে টেংকাৰত লিকেজ হোৱাৰ বাবে তেল ওলাই আহিছিল। বিমানখনৰ সেই ইঞ্জিনটো তৎক্ষণাৎ বন্ধ কৰি দিয়া হয়। অৱতৰণৰ পিছত পৰীক্ষা কৰাত দেখা গৈছিল যে বিমানখনৰ দুই নম্বৰ ইঞ্জিনৰ তেলৰ টেংকীৰ পৰা তেল ওলাই আহিছিল। বিমানবন্দৰত সেইটো ঠিক কৰা হৈছে।

বিমানখনে ষ্টকহোমত জৰুৰী অৱতৰণ কৰাৰ আগতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত আছিল। অৱতৰণৰ সময়ত যিকোনো দুৰ্যোগ প্ৰতিহত কৰিবলৈ দুৰ্যোগ ব্যৱস্থাপনা দলো মোতায়েন কৰা হৈছিল। অৱশ্যে, কোনো সমস্যা নোহোৱাকৈ ৩০০ যাত্ৰীৰ সৈতে এয়াৰ ইণ্ডিয়াৰ বিমানখনে ষ্টকহোমৰ বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন