--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ৮ ছেপ্টেম্বৰৰ পৰা ‘ভাৰত জোড়ো যাত্ৰা’ৰ অধীনত কংগ্ৰেছে আৰম্ভ কৰা পদযাত্ৰাই আজি এমাহ সম্পূৰ্ণ কৰিলে। আভ্যন্তৰীণ কন্দল আৰু জনসাধাৰণৰ মাজত ক্ৰমশ: হেৰুৱাই পেলোৱা সমৰ্থনৰ ফলশ্ৰুতিত ভাৰতীয় ৰাজনীতিত অভাৱনীয়ভাৱে স্থিতি দুৰ্বল হৈ পৰা এসময়ৰ প্ৰতিপত্তিশীল ভাৰতীয় জাতীয় কংগ্ৰেছে এই বিপৰ্যয়ৰ পৰা মুক্ত হৈ দেশীয় ৰাজনীতিত পূৰ্ণশক্তিৰে ঠন ধৰি উঠাৰ লক্ষ্যৰে গ্ৰহণ কৰিছে এই ‘ভাৰত জোড়ো যাত্ৰা’ শীৰ্ষক এক জনসম্পৰ্কমুখী অভিযান। দেশৰ জনসাধাৰণৰ মাজত পুনৰ দলীয় আস্থা ঘূৰাই অনা তথা সাংগঠনিক ভেটি পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে কংগ্ৰেছে গ্ৰহণ কৰা এই অভিযানৰ নেতৃত্ব দি দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰা পদযাত্ৰা বৰ্তমান কৰ্ণাটকৰ মাজেৰে যাত্ৰা অব্যাহত ৰাখিছে। 

বিগত এটা মাহ ধৰি অব্যাহত থকা কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাই অকুণ্ঠ জনসমৰ্থন লাভ কৰিছে। যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা-কৰ্মীসকলক সহযোগিতা আগবঢ়াই বৃহৎ সংখ্যক জনসাধাৰণে যাত্ৰাত অংশগ্ৰহণ কৰিছে। এই বিপুল জনসমৰ্থনৰ সময়তে শুকুৰবাৰে ভাৰত জোড়ো যাত্ৰাত দেখিবলৈ পোৱা গ’ল এক বিশেষ দৃশ্য। শুকুৰবাৰে কৰ্ণাটকৰ ৰাজপথত যাত্ৰাৰ নেতৃত্ব বহন কৰা দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ হাতত ধৰি একেলগে খোজ দিলে নিহত সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী গৌৰী লঙ্কেশৰ মাতৃ আৰু ভগ্নীয়ে। 

গৌৰী লঙ্কেশৰ পৰিয়ালৰ দ্বাৰা লাভ কৰা এই সমৰ্থন কংগ্ৰেছৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। প্ৰখ্যাত সাংবাদিক তথা মানৱ অধিকাৰকৰ্মী গৌৰী লঙ্কেশক ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত বাংগালুৰুত তেওঁৰ বাসগৃহৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল। বিজেপি চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে কলম চলোৱাৰ বাবেই হিন্দুত্ববাদী ভাৱধাৰাৰ সৈতে জড়িত দুৰ্বৃত্তই লঙ্কেশক হত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈছিল।  

নিহত সাংবাদিক গৰাকীৰ মাতৃ-ভগ্নীয়ে পদযাত্ৰাত যোগ দিয়াৰ পাছতে উৎসাহী হৈ পৰিছে ৰাহুল গান্ধী। লঙ্কেশৰ পৰিয়ালৰ এই সমৰ্থনৰ পাছতে গান্ধীয়ে কয় যে ভাৰতৰ প্ৰকৃত আত্মাক প্ৰতিনিধিত্ব কৰে গৌৰী লঙ্কেশৰ দৰে প্ৰতিটো কণ্ঠৰ সমৰ্থনত তেওঁ থিয় দিব। ‘ভাৰত জোড়ত যাত্ৰা’ক গৌৰী লঙ্কেশৰ দৰে প্ৰতিগৰাকী লোকৰ কণ্ঠস্বৰ বুলি অভিহিত কৰি গান্ধীয়ে এই কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰি বুলি মন্তব্য কৰে।

"গৌৰীয়ে সত্যৰ পক্ষত থিয় দিছিল, গৌৰীয়ে সাহসৰ পক্ষত থিয় দিছিল, গৌৰীয়ে স্বাধীনতাৰ পক্ষত থিয় দিছিল। মই গৌৰী লঙ্কেশ আৰু তেওঁৰ দৰে আন অগণন লোকৰ পক্ষত থিয় দিছো, যিসকলে ভাৰতৰ প্ৰকৃত আত্মাক প্ৰতিনিধিত্ব কৰে। ভাৰত জোড়ো যাত্ৰা হৈছে তেওঁলোকৰ কণ্ঠস্বৰ। এই কণ্ঠক কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰি।"-  টুইটাৰত গৌৰী লঙ্কেশৰ মাতৃৰ হাতত ধৰি যাত্ৰাৰত এখন থকা ফটো শ্বেয়াৰ কৰি গান্ধীয়ে এইদৰে কয়।

উল্লেখ্য যে সূদীৰ্ঘ ৩,৫৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ‘ভাৰত জোড়ো যাত্ৰা’ ১৫০ দিন ধৰি অব্যাহত থাকিব। এই ১৫০ দিনৰ ভিতৰত ১২ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চল এই কাৰ্যসূচীত সামৰি লোৱা হ’ব। ভাৰত জোড়ো যাত্ৰাক বিগত শতিকাৰ পিছত দেশত আয়োজিত ‘দীৰ্ঘতম পদযাত্ৰা’ বুলি কংগ্ৰেছে অভিহিত কৰিছে। কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰা সুদীৰ্ঘ ১৫০ দিনৰ অন্তত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সামৰণি পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক