--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত কঁপনিৰ সৃষ্টি কৰা শ্বিনা বৰা হত্যাকাণ্ডই নতুন পাক লৈছে৷ এই বিষয়ত কেতবোৰ নতুন কথা পোহৰলৈ আহিছে। শেহতীয়াকৈ আদালতত  চিবিআই-এ জনোৱা মতে, মহাৰাষ্ট্ৰৰ ৰায়গড়ত আৰক্ষীয়ে উদ্ধাৰ কৰা শ্বিনা বৰাৰ হাড় আৰু অৱশিষ্ট এতিয়া হেৰাইছে৷  এই গোচৰৰ সৈতে জড়িত অন্যতম গুৰুত্বপূৰ্ণ প্ৰমাণ আছিল শ্বিনা বৰাৰ অৱশিষ্ট। ফলত সেয়া হেৰালে  গোচৰৰ তদন্তত প্ৰভাৱ এই গোচৰত মুম্বাইৰ জে জে হাস্পতালৰ ফৰেনছিক বিশেষজ্ঞ ডাঃ জেবা খানৰ সাক্ষ্য গ্ৰহণৰ  সময়ত  এই কথা পোহৰলৈ আহে। 

ফৰেনছিক বিশেষজ্ঞগৰাকীয়ে ২০১২ চনত আৰক্ষীয়ে উদ্ধাৰ কৰা হাড়সমূহ প্ৰথমে পৰীক্ষা কৰিছিল। সেই বছৰতে শ্বিনা বৰাক হত্যা কৰা হৈছিল।চৰকাৰী অধিবক্তা চি জে নন্দোডে আদালতত কয় যে সাক্ষী ফৰেনছিক বিশেষজ্ঞ ডাঃ জেবা খানে পৰীক্ষা কৰা হাড় আৰু অৱশিষ্টসমূহ এতিয়া বিচাৰি পোৱা হোৱা নাই৷ সেইবোৰৰ সন্ধান চলি আছে  যদিও সেইবোৰ পোৱা নগ’ল।অৱশ্যে হাড়সমূহ প্ৰমাণ হিচাপে দাখিল নকৰাকৈয়ে ডাঃ খানৰ সাক্ষ্য আগবঢ়াই নিবলৈ তদন্তকাৰী সংস্থা  সাজু বুলি জানিব পৰা গৈছে।


কি আছিল শ্বিনা বৰা হত্যাকাণ্ড?
শ্বিনা বৰা হত্যাকাণ্ডৰ বিষয়টো ২০১৫ চনত প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল। অভিযোগ অনুসৰি ২০১২ চনৰ ২৪ এপ্ৰিলত শ্বিনাৰ মাতৃ  ইন্দ্ৰানী মুখাৰ্জীয়ে  সঞ্জীৱ খান্না আৰু শ্যামবীৰ ৰায়ৰ সহায়ত ২৪ বছৰীয়া শ্বিনা বৰাক হত্যা কৰিছিল। ৰায়গড় অঞ্চলৰ অৰণ্যত উদ্ধাৰ হৈছিল শ্বিনাৰ মৃতদেহ। ২০১৫ চনত ৩ বছৰৰ পিছত এই তথ্য লাভ কৰিছিল আৰক্ষীয়ে। তাৰ পিছত ৪ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল৷  এই ৪ অভিযুক্তৰ ভিতৰত ইন্দ্ৰাণী মুখাৰ্জী আৰু তেওঁৰ স্বামী পিটাৰ মুখাৰ্জীৰ নামো আছে। পিটাৰ মুখাৰ্জী ইন্দ্ৰানীৰ দ্বিতীয় স্বামী। শ্বিনা বৰা পিটাৰৰ ছোৱালী নাছিল। অৱশ্যে ইন্দ্ৰাণী মুখাৰ্জীৰ বিৰুদ্ধে প্ৰথম বিবাহৰ খবৰ লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছিল৷ মানুহৰ আগত ইন্দ্ৰানীয়ে তেওঁৰ কন্যা শ্বিনা বৰাক সৰু ভনীয়েক বুলিহে পৰিচয় কৰাই দিছিল৷  শ্বিনা বৰা হত্যাকাণ্ডৰ গোচৰটো চিবিআই-এ তদন্ত কৰি আছে৷ কিন্তু কি কাৰণত শ্বিনা বৰাক হত্যা কৰা হৈছিল সেয়া আজিও স্পষ্ট হোৱা নাই৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু