--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত কঁপনিৰ সৃষ্টি কৰা শ্বিনা বৰা হত্যাকাণ্ডই নতুন পাক লৈছে৷ এই বিষয়ত কেতবোৰ নতুন কথা পোহৰলৈ আহিছে। শেহতীয়াকৈ আদালতত  চিবিআই-এ জনোৱা মতে, মহাৰাষ্ট্ৰৰ ৰায়গড়ত আৰক্ষীয়ে উদ্ধাৰ কৰা শ্বিনা বৰাৰ হাড় আৰু অৱশিষ্ট এতিয়া হেৰাইছে৷  এই গোচৰৰ সৈতে জড়িত অন্যতম গুৰুত্বপূৰ্ণ প্ৰমাণ আছিল শ্বিনা বৰাৰ অৱশিষ্ট। ফলত সেয়া হেৰালে  গোচৰৰ তদন্তত প্ৰভাৱ এই গোচৰত মুম্বাইৰ জে জে হাস্পতালৰ ফৰেনছিক বিশেষজ্ঞ ডাঃ জেবা খানৰ সাক্ষ্য গ্ৰহণৰ  সময়ত  এই কথা পোহৰলৈ আহে। 

ফৰেনছিক বিশেষজ্ঞগৰাকীয়ে ২০১২ চনত আৰক্ষীয়ে উদ্ধাৰ কৰা হাড়সমূহ প্ৰথমে পৰীক্ষা কৰিছিল। সেই বছৰতে শ্বিনা বৰাক হত্যা কৰা হৈছিল।চৰকাৰী অধিবক্তা চি জে নন্দোডে আদালতত কয় যে সাক্ষী ফৰেনছিক বিশেষজ্ঞ ডাঃ জেবা খানে পৰীক্ষা কৰা হাড় আৰু অৱশিষ্টসমূহ এতিয়া বিচাৰি পোৱা হোৱা নাই৷ সেইবোৰৰ সন্ধান চলি আছে  যদিও সেইবোৰ পোৱা নগ’ল।অৱশ্যে হাড়সমূহ প্ৰমাণ হিচাপে দাখিল নকৰাকৈয়ে ডাঃ খানৰ সাক্ষ্য আগবঢ়াই নিবলৈ তদন্তকাৰী সংস্থা  সাজু বুলি জানিব পৰা গৈছে।


কি আছিল শ্বিনা বৰা হত্যাকাণ্ড?
শ্বিনা বৰা হত্যাকাণ্ডৰ বিষয়টো ২০১৫ চনত প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল। অভিযোগ অনুসৰি ২০১২ চনৰ ২৪ এপ্ৰিলত শ্বিনাৰ মাতৃ  ইন্দ্ৰানী মুখাৰ্জীয়ে  সঞ্জীৱ খান্না আৰু শ্যামবীৰ ৰায়ৰ সহায়ত ২৪ বছৰীয়া শ্বিনা বৰাক হত্যা কৰিছিল। ৰায়গড় অঞ্চলৰ অৰণ্যত উদ্ধাৰ হৈছিল শ্বিনাৰ মৃতদেহ। ২০১৫ চনত ৩ বছৰৰ পিছত এই তথ্য লাভ কৰিছিল আৰক্ষীয়ে। তাৰ পিছত ৪ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল৷  এই ৪ অভিযুক্তৰ ভিতৰত ইন্দ্ৰাণী মুখাৰ্জী আৰু তেওঁৰ স্বামী পিটাৰ মুখাৰ্জীৰ নামো আছে। পিটাৰ মুখাৰ্জী ইন্দ্ৰানীৰ দ্বিতীয় স্বামী। শ্বিনা বৰা পিটাৰৰ ছোৱালী নাছিল। অৱশ্যে ইন্দ্ৰাণী মুখাৰ্জীৰ বিৰুদ্ধে প্ৰথম বিবাহৰ খবৰ লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছিল৷ মানুহৰ আগত ইন্দ্ৰানীয়ে তেওঁৰ কন্যা শ্বিনা বৰাক সৰু ভনীয়েক বুলিহে পৰিচয় কৰাই দিছিল৷  শ্বিনা বৰা হত্যাকাণ্ডৰ গোচৰটো চিবিআই-এ তদন্ত কৰি আছে৷ কিন্তু কি কাৰণত শ্বিনা বৰাক হত্যা কৰা হৈছিল সেয়া আজিও স্পষ্ট হোৱা নাই৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ