--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই চন্দ্ৰত এপলো অভিযান সফলতাৰে সম্পন্ন  কৰাৰ  কেইবা দশক পিছত পুনৰ দ্বিতীয়টো চন্দ্ৰ অভিযানৰ বাবে মন মেলিছে। সেইমৰ্মে ২৯ আগষ্টত নাছাই চন্দ্ৰ অভিমুখে আৰ্টেমিছ ১ যান খন উৎক্ষেপনৰ সকলো ব্যৱস্থা কৰাৰ পিছতো যান খনত দেখা দিয়া বিজুতিৰ বাবে শেষ মুহূৰ্তত যান খনৰ উৎক্ষেপন বাতিল কৰিবলগীয়া হৈছিল। অৱশেষত শনিবাৰে পুনৰ নাছাই যান খন চন্দ্ৰ অভিমুখে প্ৰেৰণৰ দিহা কৰিছে।

নাছাৰ সূত্ৰই প্ৰকাশ কৰা মতে আমেৰিকাৰ  ফ্লৰিডাৰ স্থানীয় সময় মতে দুপৰীয়া ২:১৭ বজাত যান খন চন্দ্ৰলৈ প্ৰেৰণৰ বাবে দ্বিতীয়বাৰ প্ৰয়াস কৰিবলৈ সাজু হৈছে। ভাৰতীয় সময় অনুসৰি যান খন উৎক্ষেপনৰ সময় হৈছে   নিশা প্ৰায় ১১.৪৭  বজা। ২৯ আগষ্টত প্ৰাৰম্ভিক উৎক্ষেপণৰ সময়ত ৰকেটৰ চাৰিটা মুখ্য ইঞ্জিনৰ এটাত বিজুতি ধৰা পৰিছিল। ফলত যান খনৰ উৎক্ষেপন বাতিল কৰিবলগীয়া হৈছিল।

২৯ আগষ্টত বিশ্বৰ মহাকাশ গৱেষণাৰ ইতিহাসত এক নতুন নজিৰ  আজি সৃষ্টি হোৱাৰ সম্ভাৱনা আছিল যদিও শেষ মুহূৰ্তত সেয়া হৈ নুঠিল। ৫০ বছৰ পূৰ্বে নাছাই চন্দ্ৰলৈ এপলো যান প্ৰেৰণ কৰিছিল। নাছাৰ সেই অভিযান আছিল এক সম্পূৰ্ণ সফল অভিযান। শেহতীয়াকৈ নাছাই আন এগৰাকী গ্ৰীক দেৱীৰ নামেৰে নামকৰণ কৰা যানেৰে  চন্দ্ৰ অভিযানৰ পদক্ষেপ গ্ৰহণ কৰিছে।

গ্ৰীক দেৱীৰ নামৰে নামাংকিত আৰ্টেমিছ ১ যান খন ২৯ আগষ্টত  ভাৰতীয় সময় অনুসৰি প্ৰায় ৬ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা আছিল । কিন্তু যান খনত দেখা দিয়া যান্ত্ৰিক বিজুতিৰ বাবে নাছাই যান খন  উৎক্ষেপণ বাতিল কৰিছিল। নাছাৰ সূত্ৰই প্ৰকাশ কৰা মতে আৰ্টেমিছ ১ ক নাছাৰ ‘গভীৰ মহাকাশ অন্বেষণ’ অভিযানৰ অংশ হিচাপে প্ৰেৰণ কৰা হ’ব। চন্দ্ৰৰ দক্ষিণ মেৰু নিৰীক্ষণ কৰাৰ পিছত যান খনে অহা বছৰ পৃথিৱীলৈ ঘূৰি আহিব। মহাকাশ বিজ্ঞানীসকলৰ এই অভিযানকলৈ এতিয়া বিশ্বজুৰি কৌতূহলৰ সৃষ্টি হৈছে।

‘আৰ্টেমিছ ১’ যান খন তিনিটা প্ৰণালীৰ ওপৰত আধাৰিত – ‘অৰিয়ন মহাকাশযান’, ‘মহাকাশ উৎক্ষেপণ প্ৰণালী ৰকেট’ আৰু ‘গ্ৰাউণ্ড চিষ্টেম’। 

এই অভিযান সফল হ'লে  নাছাই ২০২৪ চনত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।ইয়াৰ বাবে প্ৰয়োজনীয় যানৰ আৰ্হিও প্ৰস্তুত  কৰা হৈছে। মহাকাশচাৰীসকলে বিশাল এছএলএছ ৰকেট আৰু অৰিয়ন মহাকাশ যানৰ সহায়ত চন্দ্ৰৰ কক্ষপথত উপস্থিত হ’ব। তাৰ পৰা তেওঁলোকে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত স্পেচএক্সৰ হিউমেন লেণ্ডাৰ চিষ্টেম (এইচএলএছ)ৰ সহায়ত অৱতৰণ কৰিব পাৰিব বুলি নাছাই আশা প্ৰকাশ কৰি আহিছে।

চন্দ্ৰৰ যি স্থানত মহাকাশচাৰীসকল নামিব  সেই স্থান সদায় বৰফেৰে আৱৰি আছে।আৰ্টেমিছ ১ যান খনে পূৰ্বে চন্দ্ৰলৈ প্ৰেৰিত যিকোনো যানতকৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিব।
৪২ দিনত যান খনে ৬০ হাজাৰ কিলোমিটাৰ যাত্ৰা কৰিব বুলি নাছাৰ সূত্ৰই জানিবলৈ দিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement