--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই চন্দ্ৰত এপলো অভিযান সফলতাৰে সম্পন্ন  কৰাৰ  কেইবা দশক পিছত পুনৰ দ্বিতীয়টো চন্দ্ৰ অভিযানৰ বাবে মন মেলিছে। সেইমৰ্মে ২৯ আগষ্টত নাছাই চন্দ্ৰ অভিমুখে আৰ্টেমিছ ১ যান খন উৎক্ষেপনৰ সকলো ব্যৱস্থা কৰাৰ পিছতো যান খনত দেখা দিয়া বিজুতিৰ বাবে শেষ মুহূৰ্তত যান খনৰ উৎক্ষেপন বাতিল কৰিবলগীয়া হৈছিল। অৱশেষত শনিবাৰে পুনৰ নাছাই যান খন চন্দ্ৰ অভিমুখে প্ৰেৰণৰ দিহা কৰিছে।

নাছাৰ সূত্ৰই প্ৰকাশ কৰা মতে আমেৰিকাৰ  ফ্লৰিডাৰ স্থানীয় সময় মতে দুপৰীয়া ২:১৭ বজাত যান খন চন্দ্ৰলৈ প্ৰেৰণৰ বাবে দ্বিতীয়বাৰ প্ৰয়াস কৰিবলৈ সাজু হৈছে। ভাৰতীয় সময় অনুসৰি যান খন উৎক্ষেপনৰ সময় হৈছে   নিশা প্ৰায় ১১.৪৭  বজা। ২৯ আগষ্টত প্ৰাৰম্ভিক উৎক্ষেপণৰ সময়ত ৰকেটৰ চাৰিটা মুখ্য ইঞ্জিনৰ এটাত বিজুতি ধৰা পৰিছিল। ফলত যান খনৰ উৎক্ষেপন বাতিল কৰিবলগীয়া হৈছিল।

২৯ আগষ্টত বিশ্বৰ মহাকাশ গৱেষণাৰ ইতিহাসত এক নতুন নজিৰ  আজি সৃষ্টি হোৱাৰ সম্ভাৱনা আছিল যদিও শেষ মুহূৰ্তত সেয়া হৈ নুঠিল। ৫০ বছৰ পূৰ্বে নাছাই চন্দ্ৰলৈ এপলো যান প্ৰেৰণ কৰিছিল। নাছাৰ সেই অভিযান আছিল এক সম্পূৰ্ণ সফল অভিযান। শেহতীয়াকৈ নাছাই আন এগৰাকী গ্ৰীক দেৱীৰ নামেৰে নামকৰণ কৰা যানেৰে  চন্দ্ৰ অভিযানৰ পদক্ষেপ গ্ৰহণ কৰিছে।

গ্ৰীক দেৱীৰ নামৰে নামাংকিত আৰ্টেমিছ ১ যান খন ২৯ আগষ্টত  ভাৰতীয় সময় অনুসৰি প্ৰায় ৬ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা আছিল । কিন্তু যান খনত দেখা দিয়া যান্ত্ৰিক বিজুতিৰ বাবে নাছাই যান খন  উৎক্ষেপণ বাতিল কৰিছিল। নাছাৰ সূত্ৰই প্ৰকাশ কৰা মতে আৰ্টেমিছ ১ ক নাছাৰ ‘গভীৰ মহাকাশ অন্বেষণ’ অভিযানৰ অংশ হিচাপে প্ৰেৰণ কৰা হ’ব। চন্দ্ৰৰ দক্ষিণ মেৰু নিৰীক্ষণ কৰাৰ পিছত যান খনে অহা বছৰ পৃথিৱীলৈ ঘূৰি আহিব। মহাকাশ বিজ্ঞানীসকলৰ এই অভিযানকলৈ এতিয়া বিশ্বজুৰি কৌতূহলৰ সৃষ্টি হৈছে।

‘আৰ্টেমিছ ১’ যান খন তিনিটা প্ৰণালীৰ ওপৰত আধাৰিত – ‘অৰিয়ন মহাকাশযান’, ‘মহাকাশ উৎক্ষেপণ প্ৰণালী ৰকেট’ আৰু ‘গ্ৰাউণ্ড চিষ্টেম’। 

এই অভিযান সফল হ'লে  নাছাই ২০২৪ চনত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।ইয়াৰ বাবে প্ৰয়োজনীয় যানৰ আৰ্হিও প্ৰস্তুত  কৰা হৈছে। মহাকাশচাৰীসকলে বিশাল এছএলএছ ৰকেট আৰু অৰিয়ন মহাকাশ যানৰ সহায়ত চন্দ্ৰৰ কক্ষপথত উপস্থিত হ’ব। তাৰ পৰা তেওঁলোকে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত স্পেচএক্সৰ হিউমেন লেণ্ডাৰ চিষ্টেম (এইচএলএছ)ৰ সহায়ত অৱতৰণ কৰিব পাৰিব বুলি নাছাই আশা প্ৰকাশ কৰি আহিছে।

চন্দ্ৰৰ যি স্থানত মহাকাশচাৰীসকল নামিব  সেই স্থান সদায় বৰফেৰে আৱৰি আছে।আৰ্টেমিছ ১ যান খনে পূৰ্বে চন্দ্ৰলৈ প্ৰেৰিত যিকোনো যানতকৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিব।
৪২ দিনত যান খনে ৬০ হাজাৰ কিলোমিটাৰ যাত্ৰা কৰিব বুলি নাছাৰ সূত্ৰই জানিবলৈ দিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু