--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদ্বিতীয়বাৰৰ বাবে বিফল হ’ল নাছা। মাৰ্কিন মহাকাশ গৱেষণা সংস্থাটোৱে চন্দ্ৰ অভিমুখে প্ৰেৰণ কৰিবলৈ লোৱা আৰ্টেমিছ ১ যান খনত পুনৰ যান্ত্ৰিক বিজুতিয়ে দেখা দিয়াত দ্বিতীয়বাৰৰ বাবে যান খনৰ উৎক্ষেপন স্থগিত ৰাখিবলগীয়া হয়। যোৱা নিশা ভাৰতীয় সময় মতে ১১-৪৭ বজাত যান খন চন্দ্ৰ অভিমুখে উৎক্ষেপন কৰাৰ কথা আছিল।

পৃথিৱীৰ আটাইতকৈ শক্তিশালী মহাকাশ উৎক্ষেপণ প্ৰণালীৰ ৰকেট আৰ্টেমিছ ১ আগষ্টৰ ২৯ তাৰিখে প্ৰথমে উৎক্ষেপনৰ বাবে সাজু কৰা হৈছিল।কিন্তু সেইদিনা, ৰকেটটোৰ ত্ৰুটিৰ বাবে সিদ্ধান্ত লোৱা হৈছিল যে ৰকেটটো ২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰা হ'ব। 

পিছত, সিদ্ধান্ত লোৱা হয় যে ৰকেটটো ৩ ছেপ্টেম্বৰত উৎক্ষেপণ কৰা হ'ব। কিন্তু দ্বিতীয়বাৰৰ প্ৰেচেষ্টাতো নাছা বিফল হ'ল।পূৰ্বে দেখা দিয়াৰ দৰেই  ৰকেটৰ তৰল হাইড্ৰজেন টেংকত ছিদ্ৰ ওলোৱাৰ বাবে বাবে উৎক্ষেপণৰ পৰিকল্পনা বাতিল কৰা হয়।মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই চন্দ্ৰত এপলো অভিযান সফলতাৰে সম্পন্ন  কৰাৰ  কেইবা দশক পিছত পুনৰ দ্বিতীয়টো চন্দ্ৰ অভিযানৰ বাবে মন মেলিছে। সেইমৰ্মে ২৯ আগষ্টত নাছাই চন্দ্ৰ অভিমুখে আৰ্টেমিছ ১ যান খন উৎক্ষেপনৰ সকলো ব্যৱস্থা কৰাৰ পিছতো যান খনত দেখা দিয়া বিজুতিৰ বাবে শেষ মুহূৰ্তত যান খনৰ উৎক্ষেপন বাতিল কৰিবলগীয়া হৈছিল। অৱশেষত শনিবাৰে পুনৰ নাছাই যান খন চন্দ্ৰ অভিমুখে প্ৰেৰণৰ দিহা কৰা হৈছিল।

নাছাৰ সূত্ৰই প্ৰকাশ কৰা মতে আমেৰিকাৰ  ফ্লৰিডাৰ স্থানীয় সময় মতে দুপৰীয়া ২:১৭ বজাত যান খন চন্দ্ৰলৈ প্ৰেৰণৰ বাবে দ্বিতীয়বাৰ প্ৰয়াস কৰিবলৈ সাজু হৈছিল। ভাৰতীয় সময় অনুসৰি যান খন উৎক্ষেপনৰ সময় আছিল   নিশা প্ৰায় ১১.৪৭  বজা। ২৯ আগষ্টত প্ৰাৰম্ভিক উৎক্ষেপণৰ সময়ত ৰকেটৰ চাৰিটা মুখ্য ইঞ্জিনৰ এটাত বিজুতি ধৰা পৰিছিল। ফলত যান খনৰ উৎক্ষেপন বাতিল কৰিবলগীয়া হৈছিল।

যোৱা নিশা  বিশ্বৰ মহাকাশ গৱেষণাৰ ইতিহাসত এক নতুন নজিৰ   সৃষ্টি হোৱাৰ সম্ভাৱনা আছিল যদিও শেষ মুহূৰ্তত সেয়া হৈ নুঠিল। ৫০ বছৰ পূৰ্বে নাছাই চন্দ্ৰলৈ এপলো যান প্ৰেৰণ কৰিছিল। নাছাৰ সেই অভিযান আছিল এক সম্পূৰ্ণ সফল অভিযান। শেহতীয়াকৈ নাছাই আন এগৰাকী গ্ৰীক দেৱীৰ নামেৰে নামকৰণ কৰা যানেৰে  চন্দ্ৰ অভিযানৰ পদক্ষেপ গ্ৰহণ কৰিছে।

গ্ৰীক দেৱীৰ নামৰে নামাংকিত আৰ্টেমিছ ১ যান খন ২৯ আগষ্টত  ভাৰতীয় সময় অনুসৰি প্ৰায় ৬ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা আছিল । কিন্তু যান খনত দেখা দিয়া যান্ত্ৰিক বিজুতিৰ বাবে নাছাই যান খন  উৎক্ষেপণ বাতিল কৰিছিল। নাছাৰ সূত্ৰই প্ৰকাশ কৰা মতে আৰ্টেমিছ ১ ক নাছাৰ ‘গভীৰ মহাকাশ অন্বেষণ’ অভিযানৰ অংশ হিচাপে প্ৰেৰণ কৰা হ’ব। চন্দ্ৰৰ দক্ষিণ মেৰু নিৰীক্ষণ কৰাৰ পিছত যান খনে অহা বছৰ পৃথিৱীলৈ ঘূৰি আহিব। মহাকাশ বিজ্ঞানীসকলৰ এই অভিযানকলৈ এতিয়া বিশ্বজুৰি কৌতূহলৰ সৃষ্টি হৈছে।

‘আৰ্টেমিছ ১’ যান খন তিনিটা প্ৰণালীৰ ওপৰত আধাৰিত – ‘অৰিয়ন মহাকাশযান’, ‘মহাকাশ উৎক্ষেপণ প্ৰণালী ৰকেট’ আৰু ‘গ্ৰাউণ্ড চিষ্টেম’। 

এই অভিযান সফল হ'লে  নাছাই ২০২৪ চনত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।ইয়াৰ বাবে প্ৰয়োজনীয় যানৰ আৰ্হিও প্ৰস্তুত  কৰা হৈছে। মহাকাশচাৰীসকলে বিশাল এছএলএছ ৰকেট আৰু অৰিয়ন মহাকাশ যানৰ সহায়ত চন্দ্ৰৰ কক্ষপথত উপস্থিত হ’ব। তাৰ পৰা তেওঁলোকে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত স্পেচএক্সৰ হিউমেন লেণ্ডাৰ চিষ্টেম (এইচএলএছ)ৰ সহায়ত অৱতৰণ কৰিব পাৰিব বুলি নাছাই আশা প্ৰকাশ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ