--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ  অশ্লীল ভিডিঅ’ লিক হোৱা গোচৰত  অলপতে  পঞ্জাৱ আৰক্ষীয়ে অৰুণাচল প্ৰদেশত নিযুক্ত এজন সেনা জোৱানক গ্ৰেপ্তাৰ কৰিছিল। ধৃত সেনা জোৱানগৰাকীৰ নাম সঞ্জীৱ সিং ।অভিযুক্ত সঞ্জীৱ সিং অৰুণাচল প্ৰদেশৰ চেলা পাছত নিযুক্ত হৈ আছিল। সিঙৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ অশ্লীল ভিডিঅ’ৰ দ্বাৰা  ছাত্ৰীক ব্লেকমেইল কৰাৰ অভিযোগ উঠিছিল।

পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে উল্লেখ কৰা মতে ফৰেনচিক আৰু ডিজিটেল প্ৰমাণৰ ভিত্তিত সঞ্জীৱ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ ম’হালিৰ এটা আৰক্ষী দল চেলা পাছলৈ প্ৰেৰণ কৰা হৈছিল।দলটোৱে অৰুণাচল প্ৰদেশ আৰু অসম আৰক্ষীৰ সহযোগত অভিযুক্ত সঞ্জীৱ সিঙক গ্ৰেপ্তাৰ কৰিছিল ।
উল্লেখ্য যে  কিছুদিন আগতে পঞ্জাৱৰ ম’হালিৰ বিশ্ববিদ্যালয়ত বহু ছাত্ৰীৰ আপত্তিজনক ভিডিঅ’ লিক হৈছিল।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে  হিমাচল প্ৰদেশৰ পৰা এগৰাকী যুৱতীসহ তিনিগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল।
চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ভিডিঅ' লিক সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা সেনা জোৱান সঞ্জীৱ সিঙে অতীতত একাধিক মহিলাক ব্লেকমেইল কৰিছিল বুলি আৰক্ষীয়ে শেহতীয়াকৈ দাবী কৰিছে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে দাবী কৰিছিল যে সঞ্জীৱে ব্যৱহাৰ কৰা মোবাইল নম্বৰটোতে  এগৰাকী  ছাত্ৰীয়ে আন ছাত্ৰ-ছাত্ৰীৰ ভিডিঅ' শ্বেয়াৰ কৰিছিল। উক্ত নম্বৰৰ সহায়ত আৰক্ষীয়ে কিছু তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হয়, আৰু প্ৰমাণ পায়  যে তেওঁ আন মহিলাকো ব্লেকমেইল কৰিছিল।

আৰক্ষীয়ে কয় " তেওঁৰ নম্বৰটো এটা সামাজিক মাধ্যম এপত 'স্কেমাৰ' হিচাপে ফ্লেগ কৰা হৈছে। আমি এপ ব্যৱহাৰকাৰীসকলৰ দ্বাৰা কিছু অভিযোগ পাইছিলো, তেওঁলোকে  দাবী কৰিছিল যে ফোন নম্বৰ ব্যৱহাৰ কৰা ব্যক্তিজনে তেওঁলোকক ব্লেকমেইল কৰিছিল,"।

গোচৰটোৰ তদন্ত কৰি থকা তিনিজনীয়া বিশেষ তদন্তকাৰী দলটোৱে অভিযুক্তজনৰ অতীতৰ বিষয়ে অধিক স্পষ্টতাৰ বাবে ফৰেনচিক বিশ্লেষণৰ বাবে অপেক্ষা কৰি আছে। অনুসন্ধানকাৰীসকলে কৈছিল যে জেৰাৰ সময়ত, সঞ্জীৱে মহিলা ছাত্ৰীগৰাকীক ব্লেকমেইল কৰাৰ অভিযোগ খণ্ডন কৰিছে। তেওঁৰ ছাত্ৰীগৰাকীৰ  সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলিহে কৈছে। 

তেওঁ কৈছে যে ছাত্ৰীগৰাকীয়ে নিজেই  ব্যক্তিগত ভিডিঅ'বোৰ তেওঁৰ সৈতে শ্বেয়াৰ কৰিছিল। ইফালে, সহ-অভিযুক্ত ৰংকাজ বাৰ্মাই শুক্ৰবাৰে তেওঁৰ জামিনৰ আবেদন প্ৰত্যাহাৰ কৰে৷ তেওঁৰ পৰামৰ্শদাতা হৰবিন্দৰ সিং জোহালৰ মতে, ৰংকাজে নতুনকৈ জামিনৰ আবেদন দাখিল কৰিব৷ উল্লেখ্য চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীনিবাসৰ ৬০ গৰাকী ছাত্ৰীয়ে স্নান কৰি থকাৰ দৃশ্য ইন্টাৰনেটত ভাইৰেল হোৱাৰ পিছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল।ছদিনৰ বাবে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ সকলো শ্ৰেণী বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত শিক্ষাৰ্থীসকলে প্ৰতিবাদ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল। ইপিনে ভিডিঅ’ ভাইৰেলৰ ঘটনাকলৈ আৰক্ষীয়ে  তিনগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ভিডিঅ’ ৰেকৰ্ডিং কৰা ছাত্ৰীগৰাকী, তেওঁৰ চিমলাত থকা বন্ধুজনো আছে। ইয়াৰ মাজতে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ভিডিঅ’ ভাইৰেল হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ