--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত এখোজ আগুৱাই দুখোজ পিছুৱাবলগীয়া হোৱা অশোক গেহলটৰ স্বপ্নভংগ হ’ল৷ পিছে,  অশোক গেহলটেই অকল নহয়, পুত্ৰ বৈভৱে গেহলটেও এটা বৃহৎ আঘাতৰ সন্মুখীন হৈছে, উচ্চ ন্যায়ালয়ে ৰাজস্থান ক্ৰিকেট এছোচিয়েশ্যনৰ নিৰ্বাচন স্থগিত ৰাখিছে।

ৰাজস্থানৰ শেহতীয়া ৰাজনৈতিক গতিবিধিত অশোক গেহলট বেকফুটত আছে। কংগ্ৰেছ সভাপতি পদৰ দৌৰৰ পৰা বাহিৰ হোৱাৰ পাছত আনকি তেওঁৰ মুখ্যমন্ত্ৰীৰ চকীও ভাবুকিৰ সন্মুখীন হৈছে। অৱশ্যে, ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ বিষয়ে সিদ্ধান্ত এতিয়া কেন্দ্ৰীয় হাইকমাণ্ডে ল'ব। ইফালে, মুখ্যমন্ত্ৰী গেহলটৰ পুত্ৰ বৈভৱ গেহলটেও আদালতৰ বাধাৰ সন্মুখীন হৈছে। ৰাজস্থান উচ্চ ন্যায়ালয়ে ৰাজস্থান ক্ৰিকেট সংস্থাৰ নিৰ্বাচন স্থগিত কৰিছে। বিষয়টো সম্পৰ্কত ১১ অক্টোবৰত অনুষ্ঠিত হ'ব শুনানি৷

ৰাজস্থান উচ্চ ন্যায়ালয়ে আজি ৰাজস্থান ক্ৰিকেট সংস্থাৰ (আৰচিএ) নিৰ্বাচন অনুষ্ঠিত কৰাৰ ওপৰত পৰৱৰ্তী নিৰ্দেশলৈকে স্থগিতাদেশ জাৰিকৰিছে। মুখ্যমন্ত্ৰী অশোক গেহলটৰ পুত্ৰ বৈভৱ গেহলটে আৰচিএৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মহেন্দ্ৰ গোৱেলে গোচৰটোৰ শুনানিৰ  সময়ত নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত ৰাখে। আদালতে ৰাজস্থান চৰকাৰ আৰু সমবায় পঞ্জীয়কক আৰচিএ ৰিটাৰ্ণিং বিষয়া ৰাম লুভায়াক এসপ্তাহৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ জাননী জাৰি কৰিছে।

আৰচিএৰ নিৰ্বাচন সম্পৰ্কত দৌচা, নাগাউৰ, গংগানগৰ আৰু আলৱাৰৰ জিলা ক্ৰিকেট সংস্থাই এখন আবেদন দাখিল কৰিছিল। ৰাজস্থান ক্ৰিকেট সংস্থাৰ (আৰচিএ) নিৰ্বাচন শুক্ৰবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল। লেখ আৱেদনত অভিযোগ কৰা হৈছিল যে আৰচিএ ৰিটাৰ্ণিং বিষয়া ৰাম লুভায়া (অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া) এগৰাকী স্বতন্ত্ৰ ব্যক্তি নাছিল।

জিলা ক্ৰিকেট সংস্থাৰ হৈ উপস্থিত থকা পৰামৰ্শদাতাই যুক্তি দিছিল যে ৰাম লুভায়া এজন বিষয়া হিচাপে ৰাজস্থান চৰকাৰত সক্ৰিয় আছিল। তেওঁ তেতিয়াৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ অধীনত কাম কৰি আছিল, যাৰ পুত্ৰ বৈভৱ গেহলট কেৱল আৰচিএৰ বিদায়ী সভাপতি নহয়, কিন্তু পুনৰ একেটা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ পাছত, আদালতে ৰাজস্থান ক্ৰিকেট এছ’চিয়েচনৰ নিৰ্বাচন স্থগিত ৰাখে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু