--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: জ্যোতিষ শাস্ত্ৰ অনুসৰি, প্ৰতিটো গ্ৰহণৰ এটা বেয়া আৰু এটা ভাল দিশ থাকে। ই প্ৰাণীজগতক প্ৰভাৱিত কৰে। বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ হৈছিল ২৬ মে'ত৷ আনহাতে, ১৯ নৱেম্বৰত হ’ব বছৰটোৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। কিন্তু এইটো সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ নহয়। ই আংশিক চন্দ্ৰগ্ৰহণ বুলিহে ক’ব পাৰি।

চন্দ্ৰ গ্ৰহণ কেতিয়া হয়? বৈজ্ঞানিক ব্যাখ্যা অনুসৰি, যেতিয়া পূৰ্ণিমাৰ দিনা পৃথিৱী সূৰ্য আৰু চন্দ্ৰই সমান্তৰালভাৱে গতি কৰে৷ আৰু এই গতিত সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ সৰল ৰেখাত পৰিলে চন্দ্ৰ গ্ৰহণ হয়। এই ক্ষেত্ৰত, সম্পূৰ্ণ চন্দ্ৰ গ্ৰহণ হয়।

আনহাতে, যেতিয়া পৃথিৱী, সূৰ্য আৰু চন্দ্ৰৰ মাজত হোৱা গতিত, সম্পূৰ্ণৰূপে সৰল ৰেখাত নপৰিলে আংশিক চন্দ্ৰ গ্ৰহণ হয়। এই ক্ষেত্ৰত, গোটেই চন্দ্ৰই নহয়, কিন্তু চন্দ্ৰৰ এটা অংশ পৃথিৱীৰ ছাঁ আৱৰি আছে।

এইবছৰ এইটো দ্বিতীয় তথা অন্তিম চন্দ্ৰগ্ৰহণ হ'ব ১৯ নৱেম্বৰত। কিন্তু এয়া সম্পূৰ্ণ চন্দ্ৰ গ্ৰহণ নহয় আংশিক চন্দ্ৰ গ্ৰহণহে। এই চন্দ্ৰ গ্ৰহণ প্ৰত্যক্ষ কৰা হ’ব কিছু বিশেষ অঞ্চলৰ পৰাহে৷

জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, চন্দ্ৰ গ্ৰহণ ১৯ নৱেম্বৰ শুকুৰবাৰে পুৱা ১১.৩৪ বজাত আৰম্ভ হ’ব। আৰু সন্ধিয়া ৫.৩৩ বজাত সমাপ্ত হ’ব। এই চন্দ্ৰ গ্ৰহণ উত্তৰ-পূব ভাৰতৰ পৰা দেখা যায়। গ্ৰহণ মুখ্যতঃ ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসমৰ পৰা দেখা যায়। ভাৰতৰ লগতে চন্দ্ৰ গ্ৰহণ আমেৰিকা যুক্তৰাষ্ট্ৰ, উত্তৰ ইউৰোপ, পূব এছিয়া, অষ্ট্ৰেলিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলতো দেখা পোৱা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ