--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচন্দ্ৰত মাটি কিনিব নেকি? কথাষাৰ শুনিবলৈ আচহুৱা যেন লাগিলেও এতিয়া চন্দ্ৰত মাটি কিনাৰ বাবে বহুতৰে মাজত ধুম উঠিছে। চন্দ্ৰত মাটি কিনাৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই একাংশ ভাৰতীয়ও।  শেহতীয়াকৈ  চন্দ্ৰযান-৩ এ চন্দ্ৰত অৱতৰণ কৰিছে। ইয়াকে লৈ  প্ৰতিজন ভাৰতীয়ই অপৰিসীম গৌৰৱ অনুভৱ কৰিছে। এই অৱতৰণৰ জড়িয়তে  ইছৰোৰ  সপোন বাস্তৱত পৰিণত হ’ল ।  ভাৰতে চন্দৰ  দক্ষিণৰ মেৰুত অৱতৰণ  কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল।

এনে পৰিস্থিতিত আকৌ এবাৰ আলোচিত হৈছে চন্দ্ৰত জীৱন-যাপনৰ প্ৰসংগ। চন্দ্ৰত জীৱন-যাপনৰ এনে সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ বহু লোকে ইতিমধ্যে চন্দ্ৰত মাটি ক্ৰয় কৰিছে। 

তথ্য অনুসৰি ২০১৮ চনত সুশান্ত প্ৰয়াত সিং ৰাজপুতে চন্দ্ৰৰ দূৰৈৰ ফালে থকা মাৰে মাস্কোভিয়েন্স নামৰ মাটিৰ টুকুৰা এটা ক্ৰয় কৰিছিল। প্ৰতিবেদন অনুসৰি চন্দ্ৰৰ মাটিৰ বাবে তেওঁৰ খৰচ হৈছিল ৫৫ লাখ টকা। 

বলীউদৰ বাদশ্বাহ  শ্বাহৰুখ খানৰো  চন্দ্ৰতো মাটি আছে।যদিও তেওঁ নিজে এই মাটি কিনা নাই, তথাপিও তেওঁ এই মাটিখিনি তেওঁৰ এগৰাকী অষ্ট্ৰেলিয়ান মহিলা অনুৰাগীৰ পৰা উপহাৰ হিচাপে পাইছিল। ২০০৯ চনত শ্বাহৰুখ খানে এটা সাক্ষাৎৰকাৰত  প্ৰকাশ কৰিছিল যে অষ্ট্ৰেলিয়াৰ এগৰাকী  ভদ্ৰমহিলাই প্ৰতি বছৰে তেওঁৰ জন্মদিনত তেওঁৰ বাবে চন্দ্ৰত  অলপ অলপকৈ  মাটি কিনি আহিছে । শ্বাহৰুখৰ বাবে মাটি কিনা চন্দ্ৰৰ  সেই অঞ্চলটোক ‘sea of tranquility’ বুলি কোৱা হয়। ইণ্ডিয়া ডট কমৰ এক প্ৰতিবেদন অনুসৰি  চন্দ্ৰৰ ১ একৰ মাটিৰ মূল্য প্ৰায় ৩৭.৫০ মাৰ্কিন ডলাৰ।  ছুপাৰষ্টাৰগৰাকীয়ে এতিয়ালৈকে চন্দ্ৰৰ  কেইবা একৰ মাটি উপহাৰ হিচাবে লাভ কৰিছে।

চন্দ্ৰত মাটি থকা আন দুগৰাকী চেলিব্ৰিটি হ’ল প্ৰিয়ংকা চহৰ চৌধুৰী আৰু অংকিত গুপ্তা। ৰিয়েলিটি শ্ব’ বিগ বছ ১৬ত জিলিকি উঠিছিল এই দুগৰাকী চেলিব্ৰিটি। বিগ বছৰ পৰা ওলাই অহাৰ পাছত তেওঁলোকৰ এজন অনুৰাগীয়ে তেওঁলোকক চন্দ্ৰত মাটি  উপহাৰ দিয়ে। 

চন্দ্ৰযান-৩ৰ দৰে আন বহু দেশেও চন্দ্ৰৰ বিষয়ে অধ্যয়ন কৰি আছে। শেহতীয়াকৈ ৰাছিয়াৰ লুনা-২৫কো চন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল।  এই সকলোবোৰৰ মাজতে পুনৰ চন্দ্ৰত জীৱনৰ সম্ভাৱনীয়তা সম্পৰ্কে আলোচনা হ’বলৈ আৰম্ভ কৰিছে। ইতিমধ্যে চন্দ্ৰত মাটি ক্ৰয় কৰিছে বহু লোকে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে চন্দ্ৰৰ ভূমিৰ মালিক কোন আৰু ইয়াৰ পঞ্জীয়ন ক’ত কৰা হয়? 

১৯৬৭ চনৰ বহিঃ মহাকাশ চুক্তি অনুসৰি মহাকাশ বা চন্দ্ৰ বা আন গ্ৰহত কোনো দেশ বা ব্যক্তিৰ অধিকাৰ নাই। অৱশ্যে বহু দেশেই হয়তো চন্দ্ৰত নিজৰ পতাকা উৰুৱাইছে, কিন্তু কোনেও ইয়াৰ মালিক হ’ব নোৱাৰে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ আইনৰ ভিত্তিত চন্দ্ৰত মাটি ক্ৰয় কৰাটো আইনগতভাৱে বৈধ নহয়। কিন্তু কিছুমান কোম্পানীয়ে দাবী কৰে যে ‘আইনখনে  নাগৰিকক নহয় বৰঞ্চ দেশকহে অধিকাৰ সাব্যস্ত কৰাত বাধা দিয়ে’। সেইবাবেই ব্যক্তিগতভাৱে যিকোনো ব্যক্তিয়ে চন্দ্ৰত মাটি কিনিব পাৰে।

চন্দ্ৰ ভূমিৰ পঞ্জীয়ন ঠিক ইয়াতেই অৰ্থাৎ পৃথিৱীতে হয়। Lunarregistry.com য়ে চন্দ্ৰত ভূমিৰ পঞ্জীয়নৰ কাম কৰে । কিন্তু এই ৱেবছাইটটো চন্দ্ৰৰ মাটিৰ মালিক নহয়। তেওঁলোকৰ কাম কেৱল পঞ্জীয়ন কৰাটোহে, মাটি বিক্ৰী কৰা নহয়। 

বলীউডৰ তাৰকাসকলৰ উপৰি শ্বেয়াৰ বজাৰৰ ব্যৱসায়ী তথা কাৰিকৰী বিশ্লেষক ৰাজীৱ বাগদী, বাংগালুৰুত ব্যৱসায়িক বিশ্লেষক হিচাপে কাম কৰা ললিত মেহতা, ওড়িশাৰ ধেংকনাল জিলাৰ বাসিন্দা ছাজন, বিজয় কাথেৰিয়া, ধৰ্মেন্দ্ৰ অনিজা, গৌৰৱ গুপ্তা, গুজৰাটৰ  বহু ব্যৱসায়ীয়েও  চন্দ্ৰত মাটি কিনিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান