--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচন্দ্ৰত মাটি কিনিব নেকি? কথাষাৰ শুনিবলৈ আচহুৱা যেন লাগিলেও এতিয়া চন্দ্ৰত মাটি কিনাৰ বাবে বহুতৰে মাজত ধুম উঠিছে। চন্দ্ৰত মাটি কিনাৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই একাংশ ভাৰতীয়ও।  শেহতীয়াকৈ  চন্দ্ৰযান-৩ এ চন্দ্ৰত অৱতৰণ কৰিছে। ইয়াকে লৈ  প্ৰতিজন ভাৰতীয়ই অপৰিসীম গৌৰৱ অনুভৱ কৰিছে। এই অৱতৰণৰ জড়িয়তে  ইছৰোৰ  সপোন বাস্তৱত পৰিণত হ’ল ।  ভাৰতে চন্দৰ  দক্ষিণৰ মেৰুত অৱতৰণ  কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল।

এনে পৰিস্থিতিত আকৌ এবাৰ আলোচিত হৈছে চন্দ্ৰত জীৱন-যাপনৰ প্ৰসংগ। চন্দ্ৰত জীৱন-যাপনৰ এনে সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ বহু লোকে ইতিমধ্যে চন্দ্ৰত মাটি ক্ৰয় কৰিছে। 

তথ্য অনুসৰি ২০১৮ চনত সুশান্ত প্ৰয়াত সিং ৰাজপুতে চন্দ্ৰৰ দূৰৈৰ ফালে থকা মাৰে মাস্কোভিয়েন্স নামৰ মাটিৰ টুকুৰা এটা ক্ৰয় কৰিছিল। প্ৰতিবেদন অনুসৰি চন্দ্ৰৰ মাটিৰ বাবে তেওঁৰ খৰচ হৈছিল ৫৫ লাখ টকা। 

বলীউদৰ বাদশ্বাহ  শ্বাহৰুখ খানৰো  চন্দ্ৰতো মাটি আছে।যদিও তেওঁ নিজে এই মাটি কিনা নাই, তথাপিও তেওঁ এই মাটিখিনি তেওঁৰ এগৰাকী অষ্ট্ৰেলিয়ান মহিলা অনুৰাগীৰ পৰা উপহাৰ হিচাপে পাইছিল। ২০০৯ চনত শ্বাহৰুখ খানে এটা সাক্ষাৎৰকাৰত  প্ৰকাশ কৰিছিল যে অষ্ট্ৰেলিয়াৰ এগৰাকী  ভদ্ৰমহিলাই প্ৰতি বছৰে তেওঁৰ জন্মদিনত তেওঁৰ বাবে চন্দ্ৰত  অলপ অলপকৈ  মাটি কিনি আহিছে । শ্বাহৰুখৰ বাবে মাটি কিনা চন্দ্ৰৰ  সেই অঞ্চলটোক ‘sea of tranquility’ বুলি কোৱা হয়। ইণ্ডিয়া ডট কমৰ এক প্ৰতিবেদন অনুসৰি  চন্দ্ৰৰ ১ একৰ মাটিৰ মূল্য প্ৰায় ৩৭.৫০ মাৰ্কিন ডলাৰ।  ছুপাৰষ্টাৰগৰাকীয়ে এতিয়ালৈকে চন্দ্ৰৰ  কেইবা একৰ মাটি উপহাৰ হিচাবে লাভ কৰিছে।

চন্দ্ৰত মাটি থকা আন দুগৰাকী চেলিব্ৰিটি হ’ল প্ৰিয়ংকা চহৰ চৌধুৰী আৰু অংকিত গুপ্তা। ৰিয়েলিটি শ্ব’ বিগ বছ ১৬ত জিলিকি উঠিছিল এই দুগৰাকী চেলিব্ৰিটি। বিগ বছৰ পৰা ওলাই অহাৰ পাছত তেওঁলোকৰ এজন অনুৰাগীয়ে তেওঁলোকক চন্দ্ৰত মাটি  উপহাৰ দিয়ে। 

চন্দ্ৰযান-৩ৰ দৰে আন বহু দেশেও চন্দ্ৰৰ বিষয়ে অধ্যয়ন কৰি আছে। শেহতীয়াকৈ ৰাছিয়াৰ লুনা-২৫কো চন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল।  এই সকলোবোৰৰ মাজতে পুনৰ চন্দ্ৰত জীৱনৰ সম্ভাৱনীয়তা সম্পৰ্কে আলোচনা হ’বলৈ আৰম্ভ কৰিছে। ইতিমধ্যে চন্দ্ৰত মাটি ক্ৰয় কৰিছে বহু লোকে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে চন্দ্ৰৰ ভূমিৰ মালিক কোন আৰু ইয়াৰ পঞ্জীয়ন ক’ত কৰা হয়? 

১৯৬৭ চনৰ বহিঃ মহাকাশ চুক্তি অনুসৰি মহাকাশ বা চন্দ্ৰ বা আন গ্ৰহত কোনো দেশ বা ব্যক্তিৰ অধিকাৰ নাই। অৱশ্যে বহু দেশেই হয়তো চন্দ্ৰত নিজৰ পতাকা উৰুৱাইছে, কিন্তু কোনেও ইয়াৰ মালিক হ’ব নোৱাৰে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ আইনৰ ভিত্তিত চন্দ্ৰত মাটি ক্ৰয় কৰাটো আইনগতভাৱে বৈধ নহয়। কিন্তু কিছুমান কোম্পানীয়ে দাবী কৰে যে ‘আইনখনে  নাগৰিকক নহয় বৰঞ্চ দেশকহে অধিকাৰ সাব্যস্ত কৰাত বাধা দিয়ে’। সেইবাবেই ব্যক্তিগতভাৱে যিকোনো ব্যক্তিয়ে চন্দ্ৰত মাটি কিনিব পাৰে।

চন্দ্ৰ ভূমিৰ পঞ্জীয়ন ঠিক ইয়াতেই অৰ্থাৎ পৃথিৱীতে হয়। Lunarregistry.com য়ে চন্দ্ৰত ভূমিৰ পঞ্জীয়নৰ কাম কৰে । কিন্তু এই ৱেবছাইটটো চন্দ্ৰৰ মাটিৰ মালিক নহয়। তেওঁলোকৰ কাম কেৱল পঞ্জীয়ন কৰাটোহে, মাটি বিক্ৰী কৰা নহয়। 

বলীউডৰ তাৰকাসকলৰ উপৰি শ্বেয়াৰ বজাৰৰ ব্যৱসায়ী তথা কাৰিকৰী বিশ্লেষক ৰাজীৱ বাগদী, বাংগালুৰুত ব্যৱসায়িক বিশ্লেষক হিচাপে কাম কৰা ললিত মেহতা, ওড়িশাৰ ধেংকনাল জিলাৰ বাসিন্দা ছাজন, বিজয় কাথেৰিয়া, ধৰ্মেন্দ্ৰ অনিজা, গৌৰৱ গুপ্তা, গুজৰাটৰ  বহু ব্যৱসায়ীয়েও  চন্দ্ৰত মাটি কিনিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement