--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে গ্ৰীচলৈ গ’ল ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে গ্ৰীচৰ ৰাজধানী এথেন্সত গৈ  উপস্থিত হয়।  বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে মোদীৰ গ্ৰীচ ভ্ৰমণৰ সময়ত  দুয়োখন দেশৰ মাজত বিনিয়োগৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হ'ব। ইয়াৰ উপৰি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দ্বিপাক্ষিক বুজাবুজি শক্তিশালী কৰাৰ প্ৰচেষ্টাও কৰা হ'ব

।উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত ভাগ লোৱাৰ  পিছত গ্ৰীচৰ  এথেন্সত উপস্থিত হয়। এদিনীয়া ভ্ৰমণকালত তেওঁ গ্ৰীক প্ৰধানমন্ত্ৰীৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰাৰ কথা আছে। ৪০ বছৰৰ পিছত  এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে  গ্ৰীচলৈ কৰা  এয়া  প্ৰথম ভ্ৰমণ। ১৯৮৩ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে গ্ৰীচ ভ্ৰমণ কৰিছিল। ৪০ বছৰৰ পিছত এজন ভাৰতীয় ৰাষ্ট্ৰপ্ৰধানৰ গ্ৰীচ ভ্ৰমণক বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিত ভূমধ্যসাগৰীয় দেশখনৰ  বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। 

মোদীয়ে শুক্ৰবাৰে  পুৱা এথেন্স বিমানবন্দৰত অৱতৰণ কৰে । তেওঁক গ্ৰীচৰ  কেইবাজনো চৰকাৰী  বিষয়াই আদৰণি জনায় । মোদীৰ গ্ৰীচ ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হ'ব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়। ইয়াৰ উপৰি  সামৰিক আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দ্বিপাক্ষিক বুজাবুজি  শক্তিশালী কৰাৰবিষয়তো গুৰুত্ব দিয়া হ’ব। দুয়োগৰাকী  ৰাষ্ট্ৰপ্ৰধানৰ উপস্থিতিত জাহাজ নিৰ্মাণ উদ্যোগৰ বিষয়ত  এখন বুজাবুজি চুক্তিও স্বাক্ষৰিত হ'ব পাৰে।

বাতৰি অনুসৰি  মোদীয়ে  গ্ৰীক প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটচোটাকিছক সাক্ষাৎ কৰাৰ লগতে গ্ৰীক ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। তেওঁ গ্ৰীক মাৰ্চেণ্ট এছ'চিয়েচনৰ সদস্যসকলকো লগ কৰাৰ কথা আছে। ইয়াৰ উপৰি  তেওঁ বিদেশী ভাৰতীয়সকলৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ইফালে  এথেন্সত মোদীৰ হোটেলৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা আৰু মোদীৰ ছবি লৈ বিদেশী ভাৰতীয়ৰ এটা দল উপস্থিত থকা দেখা যায়।  প্ৰধানমন্ত্ৰীয়ে শুক্ৰবাৰে নিশাই দিল্লীলৈ উভতি অহাৰ কথা।










FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়