--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে গ্ৰীচলৈ গ’ল ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে গ্ৰীচৰ ৰাজধানী এথেন্সত গৈ  উপস্থিত হয়।  বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে মোদীৰ গ্ৰীচ ভ্ৰমণৰ সময়ত  দুয়োখন দেশৰ মাজত বিনিয়োগৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হ'ব। ইয়াৰ উপৰি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দ্বিপাক্ষিক বুজাবুজি শক্তিশালী কৰাৰ প্ৰচেষ্টাও কৰা হ'ব

।উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত ভাগ লোৱাৰ  পিছত গ্ৰীচৰ  এথেন্সত উপস্থিত হয়। এদিনীয়া ভ্ৰমণকালত তেওঁ গ্ৰীক প্ৰধানমন্ত্ৰীৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰাৰ কথা আছে। ৪০ বছৰৰ পিছত  এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে  গ্ৰীচলৈ কৰা  এয়া  প্ৰথম ভ্ৰমণ। ১৯৮৩ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে গ্ৰীচ ভ্ৰমণ কৰিছিল। ৪০ বছৰৰ পিছত এজন ভাৰতীয় ৰাষ্ট্ৰপ্ৰধানৰ গ্ৰীচ ভ্ৰমণক বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিত ভূমধ্যসাগৰীয় দেশখনৰ  বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। 

মোদীয়ে শুক্ৰবাৰে  পুৱা এথেন্স বিমানবন্দৰত অৱতৰণ কৰে । তেওঁক গ্ৰীচৰ  কেইবাজনো চৰকাৰী  বিষয়াই আদৰণি জনায় । মোদীৰ গ্ৰীচ ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হ'ব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়। ইয়াৰ উপৰি  সামৰিক আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দ্বিপাক্ষিক বুজাবুজি  শক্তিশালী কৰাৰবিষয়তো গুৰুত্ব দিয়া হ’ব। দুয়োগৰাকী  ৰাষ্ট্ৰপ্ৰধানৰ উপস্থিতিত জাহাজ নিৰ্মাণ উদ্যোগৰ বিষয়ত  এখন বুজাবুজি চুক্তিও স্বাক্ষৰিত হ'ব পাৰে।

বাতৰি অনুসৰি  মোদীয়ে  গ্ৰীক প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটচোটাকিছক সাক্ষাৎ কৰাৰ লগতে গ্ৰীক ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। তেওঁ গ্ৰীক মাৰ্চেণ্ট এছ'চিয়েচনৰ সদস্যসকলকো লগ কৰাৰ কথা আছে। ইয়াৰ উপৰি  তেওঁ বিদেশী ভাৰতীয়সকলৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ইফালে  এথেন্সত মোদীৰ হোটেলৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা আৰু মোদীৰ ছবি লৈ বিদেশী ভাৰতীয়ৰ এটা দল উপস্থিত থকা দেখা যায়।  প্ৰধানমন্ত্ৰীয়ে শুক্ৰবাৰে নিশাই দিল্লীলৈ উভতি অহাৰ কথা।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস