--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি উচ্চতম ন্যায়ালয়ে এখন আবেদনৰ ভিত্তিত ৰাজ্যিক কেবিনেটৰ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তিত এন আৰ আই কোটাৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰা নিৰ্দেশক আদৰণি জনাইছে আপ অসমে। এটা বিবৃতিত আপৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই কয় যে মেধাতকৈ ডলাৰক গুৰুত্ব দিয়া দেউলীয়া চৰকাৰখনৰ যে এইটো হঠকাৰী সিদ্ধান্ত আছিল সেয়া ন্যায়ালয়ে প্ৰমাণ কৰিলে। ন্যায়ালয়ত এই সন্দৰ্ভত আবেদন কৰা আবেদনকাৰী কেইগৰাকীক তেওঁ ধন্যবাদ জনায়।

উল্লেখ্য যে এন আৰ আই কোটাত এম বি বি এছৰ নামভৰ্তি সন্দৰ্ভত কেবিনেটে গ্ৰহন কৰা প্ৰস্তাৱৰ বিৰুদ্ধে আপ, অসমে আৰম্ভণিৰে পৰা প্ৰতিবাদ কৰি আহিছে। মেধাতকৈ ডলাৰক বেছি গুৰুত্ব প্ৰদান কৰি মেডিকেল শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত কেবিনেটে গ্ৰহণ কৰা এনে সিদ্ধান্ত অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক কালন্তক সিদ্ধান্ত বুলি আম আদমি পাৰ্টীয়ে কৈ আহিছে। ইতিমধ্যে এন আৰ আই কোটাত নামভৰ্তি কৰা প্ৰাৰ্থীসকলৰ নম্বৰসমূহ চালে এই কথা প্ৰমাণ হৈছে। দেউলীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধন সংগ্ৰহৰ বাবেই এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল বুলি আপ অসমে আৰম্ভণিৰে পৰা অভিযোগ উত্থাপন কৰি আহিছে। তদুপৰি এই ব্যৱস্থাৰ জড়িয়তে চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ নামভৰ্তিত এক বৃহৎ কেলেংকাৰীৰ বাট ৰাজ্য চৰকাৰে মুকলি কৰি লৈছিল। কাৰণ বাছনি পৰীক্ষাত কম নম্বৰ পোৱা এজন শিক্ষাৰ্থীয়ে যিকোনো এজন এন আৰ আইৰ পৰা শিক্ষাৰ্থীগৰাকী তেওঁৰ সম্পৰ্কীয় হয় বুলি লিখাই লৈ বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত আসন লাভ কৰিবলৈ বাট মুকলি হৈছিল। যিটো কাৰ্যই মেধাৱী ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি হতাশাগ্ৰস্ত কৰি তোলাৰ সম্ভাৱনা আছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল