--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাম্প্ৰদায়িক উগ্ৰতাই দেশত লাভ কৰিছে এক চূড়ান্ত ৰূপ৷পুনৰ তেনে এক খবৰ আহিছে দিল্লীৰ পৰা৷ দেওবাৰে (২০ আগষ্ট) দিল্লীৰ জিটিবি এনক্লেভ থানাৰ বাহিৰত বজৰংগ দল, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিশ্ব হিন্দু পৰিষদৰ  শতাধিক লোক সমবেত হৈ ‘জয় শ্ৰী ৰাম’ ধ্বনি দিয়ে। ইয়াৰ কাৰণ হ’ল থানাৰ ভিতৰত খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলে এই সংগঠনসমূহৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিবলৈ চেষ্টা চলাইছিল।

এইসকল লোকে উপাসনা কৰাৰ সময়ত বজৰং দলৰ সদস্যই লাঠিৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক এজন মানুহে কয় যে, 'প্ৰতি দেওবাৰে যেতিয়া আমাক গীৰ্জাত প্ৰাৰ্থনা কৰিবলৈ লৈ যোৱা হয়, তেতিয়া আমি ভয়ত জীয়াই থাকোঁ৷'

জানিব পৰা মতে দেওবাৰে পুৱা প্ৰায় ১০.৩০-১১ বজাত লফে তাহিৰপুৰ অঞ্চলৰ জিয়ন প্ৰাৰ্থনা গৃহত সকলোৱে প্ৰাৰ্থনা কৰি আছিল,  হঠাতে স্পীকাৰ লৈ কিছুমান মানুহ অট্টালিকাটোত প্ৰৱেশ কৰে আৰু ‘হিন্দু ৰাষ্ট্ৰ বানায়েংগে, জয় শ্ৰী ৰাম’ ধ্বনি দিয়া হয়।

খ্ৰীষ্টান ধৰ্মৰ কেইবাজনো লোকে  নিশ্চিত কৰিছে যে অট্টালিকাটোত প্ৰৱেশ কৰা লোকসকলে তৰোৱাল আৰু লাঠিৰে সজ্জিত হৈ বাইবেল ফালিছিল।নিজৰ পৰিচয় প্ৰকাশৰ পৰা বিৰত থকা তিনিগৰাকী মহিলাই দাবী কৰিছে যে তেওঁলোকক বজৰং দলৰ পুৰুষে প্ৰহাৰ কৰাৰ লগতে তেওঁলোকৰ কাপোৰ খুলিবলৈ চেষ্টা চলাইছিল।

উল্লেখযোগ্য যে ইউনাইটেড খ্ৰীষ্টান ফ’ৰাম (UCF)-এ প্ৰকাশ কৰা এক প্ৰতিবেদনত দেখা গৈছে যে ২০১৪ চনৰ পৰা খ্ৰীষ্টানসকলৰ ওপৰত আক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে।তেওঁলোকৰ প্ৰতিবেদন অনুসৰি ২০১৪ চনত গীৰ্জাঘৰত ১৪৭টা আক্ৰমণ সংঘটিত হৈছিল আৰু এই সংখ্যা প্ৰায় প্ৰতি বছৰে বৃদ্ধি পাই আহিছে। ছিয়াছাট ডেইলীৰ বাতৰি অনুসৰি যোৱা বছৰ খ্ৰীষ্টানসকলৰ বিৰুদ্ধে ৫৯৯টা আক্ৰমণ আৰু ২০২৩ চনৰ প্ৰথম ১৯০ দিনত সম্প্ৰদায়টোৰ ওপৰত ৪০০টা আক্ৰমণ সংঘটিত হৈছে।

ইউচিএফৰ প্রতিবেদনত ২০২৩ চনত ২৩খন ৰাজ্যত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সংঘটিত হোৱা বুলিও প্রকাশ কৰা হৈছে, উত্তৰ প্রদেশে ১৫৫টা কাণ্ড সংঘটিত কৰি আগবাঢ়ি আছে, তাৰ পাছতে ছত্তীশগড়ত এনেধৰণৰ ৮৪টা কাণ্ড সংঘটিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ