--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কৰিশ্মা নাথৰ দলক নিষিদ্ধ কৰাৰ দাবী তুলিলে কলাগুৰুৰ পুত্ৰ তথা বিশিষ্ট সাংস্কৃতিক কর্মী হেমৰাজ ৰাভাই।

ডিজিটেল ডেস্ক : সৈনিক শিল্পী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যুগজয়ী সৃষ্টিক বিকৃত কৰি গোৱাক লৈ বিতর্কিত নাগাৰা নামৰ গায়িকা কৰিশ্মা নাথৰ বিৰুদ্ধে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে এইগৰাকী তথাকথিত গায়িকাৰ নামৰ দলটো নিষিদ্ধ কৰাৰ দাবী তুলিলে কলাগুৰুৰ পুত্ৰ তথা বিশিষ্ট সাংস্কৃতিক কর্মী হেমৰাজ ৰাভাই। 


কৰিশ্মা নাথৰ শেহতীয়া কাণ্ডক লৈ সামাজিক মাধ্যমত ক্ষোভ ব্যক্ত কৰি কলাগুৰুৰ পুত্ৰই কয়- 'সমগ্র অসমবাসীৰ অতি প্রিয় কলাগুৰুৰ সেই গীতটি কৰিশ্মা নাথে নিজৰ প্ৰচাৰৰ বাবে সম্পূৰ্ণ বিকৃত কৰি পৰিৱেশন কৰি কলাগুৰুক অপমান কৰিলে। অসমৰ সংস্কৃতিৰ জগতখনক যেন কলুষিত কৰিবলৈ তেওঁৰ নামৰ দলটিয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। 


চৰকাৰে অনতিপলমে তেওঁৰ দলটিক নিষিদ্ধ কৰিব লাগে বুলি দাবী জনালোঁ। অসমৰ ক'তো যেন তেওঁৰ দলটিয়ে কোনো ধৰণৰ নাম পৰিৱেশন কৰিব নোৱাৰে চৰকাৰে তাৰ ব্যৱস্থা ল'ব লাগে।' উল্লেখযোগ্য যে নাগাৰা নাম পৰিৱেশনৰ নামত আৰম্ভণিৰ পৰাই বিকৃতিৰ অভিযোগ উত্থাপন হৈ অহা কৰিশ্মা নাথে পৰৱৰ্তী সময়ত অসমীয়া বিভিন্ন জনপ্রিয় আধুনিক গীতো বিকৃত ৰূপত পৰিৱেশন কৰি আহিছে। 


এইদৰে নাগাৰা নামৰ ঐতিহ্য-পৰম্পৰাকে ধূলিসাৎ কৰি বিকৃতিৰে ব্যৱসায় কৰি যোৱা এই যুৱতীৰ কাৰ্যৰ বিৰুদ্ধে ৰাজ্যৰ অসংখ্যজনে অসন্তুষ্টি প্রকাশ কৰিলেও কৰিশ্মাই ইয়ালৈ ভ্রূক্ষেপ কৰা নাই। এইদৰেই বৰ্তমান বিষ্ণু ৰাভাৰ গীতো বিকৃত কৰাৰ দুঃসাহস কৰা কৰিশ্মা নাথ আৰু তেওঁৰ দলৰ কাৰ্যত বহুসংখ্যক ৰাইজৰ লগতে স্বয়ং কলাগুৰুৰ পুত্ৰই ক্ষোভ প্রকাশ কৰাৰ পিছত চৰকাৰে এইক্ষেত্ৰত কি ভূমিকা পালন কৰে সেয়া লক্ষণীয় হ'ব বুলিও ৰাইজে আলোচনা কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ