--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কৰিশ্মা নাথৰ দলক নিষিদ্ধ কৰাৰ দাবী তুলিলে কলাগুৰুৰ পুত্ৰ তথা বিশিষ্ট সাংস্কৃতিক কর্মী হেমৰাজ ৰাভাই।

ডিজিটেল ডেস্ক : সৈনিক শিল্পী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যুগজয়ী সৃষ্টিক বিকৃত কৰি গোৱাক লৈ বিতর্কিত নাগাৰা নামৰ গায়িকা কৰিশ্মা নাথৰ বিৰুদ্ধে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে এইগৰাকী তথাকথিত গায়িকাৰ নামৰ দলটো নিষিদ্ধ কৰাৰ দাবী তুলিলে কলাগুৰুৰ পুত্ৰ তথা বিশিষ্ট সাংস্কৃতিক কর্মী হেমৰাজ ৰাভাই। 


কৰিশ্মা নাথৰ শেহতীয়া কাণ্ডক লৈ সামাজিক মাধ্যমত ক্ষোভ ব্যক্ত কৰি কলাগুৰুৰ পুত্ৰই কয়- 'সমগ্র অসমবাসীৰ অতি প্রিয় কলাগুৰুৰ সেই গীতটি কৰিশ্মা নাথে নিজৰ প্ৰচাৰৰ বাবে সম্পূৰ্ণ বিকৃত কৰি পৰিৱেশন কৰি কলাগুৰুক অপমান কৰিলে। অসমৰ সংস্কৃতিৰ জগতখনক যেন কলুষিত কৰিবলৈ তেওঁৰ নামৰ দলটিয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। 


চৰকাৰে অনতিপলমে তেওঁৰ দলটিক নিষিদ্ধ কৰিব লাগে বুলি দাবী জনালোঁ। অসমৰ ক'তো যেন তেওঁৰ দলটিয়ে কোনো ধৰণৰ নাম পৰিৱেশন কৰিব নোৱাৰে চৰকাৰে তাৰ ব্যৱস্থা ল'ব লাগে।' উল্লেখযোগ্য যে নাগাৰা নাম পৰিৱেশনৰ নামত আৰম্ভণিৰ পৰাই বিকৃতিৰ অভিযোগ উত্থাপন হৈ অহা কৰিশ্মা নাথে পৰৱৰ্তী সময়ত অসমীয়া বিভিন্ন জনপ্রিয় আধুনিক গীতো বিকৃত ৰূপত পৰিৱেশন কৰি আহিছে। 


এইদৰে নাগাৰা নামৰ ঐতিহ্য-পৰম্পৰাকে ধূলিসাৎ কৰি বিকৃতিৰে ব্যৱসায় কৰি যোৱা এই যুৱতীৰ কাৰ্যৰ বিৰুদ্ধে ৰাজ্যৰ অসংখ্যজনে অসন্তুষ্টি প্রকাশ কৰিলেও কৰিশ্মাই ইয়ালৈ ভ্রূক্ষেপ কৰা নাই। এইদৰেই বৰ্তমান বিষ্ণু ৰাভাৰ গীতো বিকৃত কৰাৰ দুঃসাহস কৰা কৰিশ্মা নাথ আৰু তেওঁৰ দলৰ কাৰ্যত বহুসংখ্যক ৰাইজৰ লগতে স্বয়ং কলাগুৰুৰ পুত্ৰই ক্ষোভ প্রকাশ কৰাৰ পিছত চৰকাৰে এইক্ষেত্ৰত কি ভূমিকা পালন কৰে সেয়া লক্ষণীয় হ'ব বুলিও ৰাইজে আলোচনা কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু