--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুদিনীয়া জাপান ভ্রমণ কাৰ্যসূচীৰ পাছত শনিবাৰে বিয়লি মোদীয়ে বিমানেৰে চীনৰ টিয়ানজিনত উপস্থিত হয়।

বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক আদৰণি


ডিজিটেল ডেস্কঃ টিয়ানজিনত অনুষ্ঠিত হ'বলগীয়া শ্বাংহাই কো-অপাৰেশ্যন অর্গেনাইজেশ্যন (এছ চি অ')ৰ শীৰ্ষ সন্মিলনত অংশগ্রহণ কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী শনিবাৰে চীনত উপস্থিত হয়। দুদিনীয়া জাপান ভ্রমণ কাৰ্যসূচীৰ পাছত শনিবাৰে বিয়লি মোদীয়ে বিমানেৰে চীনৰ টিয়ানজিনত উপস্থিত হয়।


 মোদীয়ে বিমানেৰে টিয়ানজিনৰ বিনহাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত কেইবাজনো চীনা আৰু ভাৰতীয় বিষয়াই তেওঁক কৰমৰ্দন কৰি আদৰণি জনায়। ভাৰতীয় লোকসকলে মোদীৰ আগমনত 'ভাৰত মাতাকী জয়' আৰু 'বন্দে মাতৰম' ধ্বনি দিয়ে। তদুপৰি মোদীক আদৰণি জনাই নৃত্য পৰিৱেশনো কৰা হয়। 


আনহাতে মোদী থকা হোটেলত চীনৰ শিল্পীসকলে চেতাৰ, চত্তৰ আৰু তবলাৰ দৰে ভাৰতীয় শাস্ত্রীয় বাদ্যযন্ত্র আৰু ভাৰতীয় শাস্ত্রীয় নৃত্যৰে আদৰণি জনায়। চীনা শিল্পীসকলে মোদীৰ আগত পৰিৱেশন কৰে ভৰত নাট্যম, কথক আৰু ওডিচী। প্রধানমন্ত্রী মোদীয়ে পাছত উক্ত শিল্পীসকলৰ সৈতে বাৰ্তালাপ কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদীয়ে ৭ বছৰৰ পাছত চীনলৈ গৈছে। 


৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত চীনৰ টিয়ানজিনত অনুষ্ঠিত হ'বলগীয়া ১০ জনীয়া সদস্যৰ এছ চি অ'ৰ বাৰ্ষিক শীর্ষ সন্মিলনত মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনকে ধৰি বিভিন্ন নেতাক সাক্ষাৎ কৰিব। ভাৰতৰ বাহিৰে এছ চি অ'ত থকা সদস্য দেশসমূহ হৈছে বেলাৰুছ, চীন, ইৰান, কাজাখস্তান, কিৰগিজস্থান, পাকিস্তান, ৰাছিয়া, তাজিকিস্তান আৰু উজবেকিস্তান। শেহতীয়া চীন-ভাৰত সম্পৰ্কৰ উন্নতিৰ মাজত দেওবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে হ'বলগীয়া মোদীৰ দ্বিপাক্ষিক বৈঠকৰ বাবেও বিশ্বৰ ৰাজনৈতিক মহলে আগ্রহ-উৎকণ্ঠাৰে অপেক্ষা কৰিছে।


আনহাতে মোদীয়ে পুটিনৰ সৈতেও ১ ছেপ্টেম্বৰত আলোচনাত মিলিত হ'ব। আমেৰিকাই ভাৰতকে ধৰি বিশ্বৰ বহু দেশৰ বিৰুদ্ধে উচ্চ হাৰৰ শুল্ক আৰোপ কৰাৰ পাছত চীন আৰু ৰাছিয়াৰ সৈতে আলোচনা বিশেষভাৱে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। মন কৰিবলগীয়া যে আমেৰিকাৰ শুল্ক আৰোপৰ পাছতে চীনৰ সৈতে ভাৰতৰ সম্পৰ্কই অন্য ৰূপ লৈছে। কালি জাপানতো প্রধানমন্ত্রী মোদীয়ে চীনৰ সৈতে সম্পৰ্কৰ গুৰুত্বৰ বিষয়ে কয়। জাপানৰ দৈনিক 'ইৱমিউৰি শ্বিমবুন'ৰ সৈতে এটা সাক্ষাৎকাৰত কালি মোদীয়ে কয়, 'বিশ্বৰ অৰ্থনীতিত বৰ্তমানৰ অস্থিৰতালৈ চাই দুখন বৃহৎ অৰ্থনীতিৰ প্ৰধান দেশৰূপে ভাৰত আৰু চীনে বিশ্বৰ অর্থনৈতিক অৱস্থালৈ সুস্থিৰতা আনিবলৈ কাম কৰাটো গুৰুত্বপূর্ণ।'


মোদীয়ে আৰু কয়, 'দুখন প্ৰতিৱেশী দেশ আৰু বিশ্বৰ দুখন বৃহত্তম ৰাষ্ট্ৰ হিচাপে ভাৰত আৰু চীনৰ মাজত সুস্থিৰ, প্রত্যাশিত আৰু বন্ধুত্বপূর্ণ দ্বিপাক্ষিক সম্পর্কই আঞ্চলিক আৰু বিশ্ব শান্তি তথা সমৃদ্ধিত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। বহু-মেৰুৰ এছিয়া আৰু বহু-মেৰুৰ বিশ্বৰ বাবেও ই গুৰুত্বপূৰ্ণ।' উল্লেখযোগ্য যে ৰাজনৈতিক সংঘাত সত্ত্বেও চীন ভাৰতৰ দ্বিতীয় সর্ববৃহৎ বাণিজ্যিক সহযোগী হৈ আছে। ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীৰ সৈতে মোদীৰ টেলিফ'নিক বার্তালাপ: প্রধানমন্ত্রী মোদীয়ে শনিবাৰে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কীৰ সৈতে ফ'নযোগে বাৰ্তালাপ কৰে আৰু ৰাছিয়াৰ সৈতে দেশখনৰ যুদ্ধৰ কথা আলোচনা কৰে। প্ৰধানমন্ত্ৰীৰ কার্যালয়ে শনিবাৰে সন্ধিয়া এই কথা জনায়।


ইফালে জেলেনস্কীয়ে কয় যে তেওঁ মোদীক শেহতীয়াকৈ ৱাশিংটনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতে হোৱা আলোচনাৰ বিষয়ে অৱগত কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টিয়ানজিনত মোদীৰ নিৰ্ধাৰিত বৈঠকৰ এদিন আগতে ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ বাৰ্তালাপ বিশেষভাৱে মন কৰিবলগীয়া। প্রধানমন্ত্রী মোদীয়ে এই বাৰ্তালাপৰ বিষয়ে সামাজিক মাধ্যম এক্সত কয়, 'ৰাষ্ট্ৰপতি জেলেনস্কীক আজিৰ ফ'নকলৰ বাবে ধন্যবাদ। আমি চলি থকা যুদ্ধ, ইয়াৰ মানৱীয় প্ৰভাৱ তথা শান্তি আৰু সুস্থিৰতা ঘূৰাই অনাৰ প্ৰচেষ্টাবোৰৰ কথা আলোচনা কৰিলোঁ। এই দিশত ভাৰতে সম্পূৰ্ণ সমর্থন জনায়।'


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু