--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুদিনীয়া জাপান ভ্রমণ কাৰ্যসূচীৰ পাছত শনিবাৰে বিয়লি মোদীয়ে বিমানেৰে চীনৰ টিয়ানজিনত উপস্থিত হয়।

বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক আদৰণি


ডিজিটেল ডেস্কঃ টিয়ানজিনত অনুষ্ঠিত হ'বলগীয়া শ্বাংহাই কো-অপাৰেশ্যন অর্গেনাইজেশ্যন (এছ চি অ')ৰ শীৰ্ষ সন্মিলনত অংশগ্রহণ কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী শনিবাৰে চীনত উপস্থিত হয়। দুদিনীয়া জাপান ভ্রমণ কাৰ্যসূচীৰ পাছত শনিবাৰে বিয়লি মোদীয়ে বিমানেৰে চীনৰ টিয়ানজিনত উপস্থিত হয়।


 মোদীয়ে বিমানেৰে টিয়ানজিনৰ বিনহাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত কেইবাজনো চীনা আৰু ভাৰতীয় বিষয়াই তেওঁক কৰমৰ্দন কৰি আদৰণি জনায়। ভাৰতীয় লোকসকলে মোদীৰ আগমনত 'ভাৰত মাতাকী জয়' আৰু 'বন্দে মাতৰম' ধ্বনি দিয়ে। তদুপৰি মোদীক আদৰণি জনাই নৃত্য পৰিৱেশনো কৰা হয়। 


আনহাতে মোদী থকা হোটেলত চীনৰ শিল্পীসকলে চেতাৰ, চত্তৰ আৰু তবলাৰ দৰে ভাৰতীয় শাস্ত্রীয় বাদ্যযন্ত্র আৰু ভাৰতীয় শাস্ত্রীয় নৃত্যৰে আদৰণি জনায়। চীনা শিল্পীসকলে মোদীৰ আগত পৰিৱেশন কৰে ভৰত নাট্যম, কথক আৰু ওডিচী। প্রধানমন্ত্রী মোদীয়ে পাছত উক্ত শিল্পীসকলৰ সৈতে বাৰ্তালাপ কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদীয়ে ৭ বছৰৰ পাছত চীনলৈ গৈছে। 


৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত চীনৰ টিয়ানজিনত অনুষ্ঠিত হ'বলগীয়া ১০ জনীয়া সদস্যৰ এছ চি অ'ৰ বাৰ্ষিক শীর্ষ সন্মিলনত মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনকে ধৰি বিভিন্ন নেতাক সাক্ষাৎ কৰিব। ভাৰতৰ বাহিৰে এছ চি অ'ত থকা সদস্য দেশসমূহ হৈছে বেলাৰুছ, চীন, ইৰান, কাজাখস্তান, কিৰগিজস্থান, পাকিস্তান, ৰাছিয়া, তাজিকিস্তান আৰু উজবেকিস্তান। শেহতীয়া চীন-ভাৰত সম্পৰ্কৰ উন্নতিৰ মাজত দেওবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে হ'বলগীয়া মোদীৰ দ্বিপাক্ষিক বৈঠকৰ বাবেও বিশ্বৰ ৰাজনৈতিক মহলে আগ্রহ-উৎকণ্ঠাৰে অপেক্ষা কৰিছে।


আনহাতে মোদীয়ে পুটিনৰ সৈতেও ১ ছেপ্টেম্বৰত আলোচনাত মিলিত হ'ব। আমেৰিকাই ভাৰতকে ধৰি বিশ্বৰ বহু দেশৰ বিৰুদ্ধে উচ্চ হাৰৰ শুল্ক আৰোপ কৰাৰ পাছত চীন আৰু ৰাছিয়াৰ সৈতে আলোচনা বিশেষভাৱে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। মন কৰিবলগীয়া যে আমেৰিকাৰ শুল্ক আৰোপৰ পাছতে চীনৰ সৈতে ভাৰতৰ সম্পৰ্কই অন্য ৰূপ লৈছে। কালি জাপানতো প্রধানমন্ত্রী মোদীয়ে চীনৰ সৈতে সম্পৰ্কৰ গুৰুত্বৰ বিষয়ে কয়। জাপানৰ দৈনিক 'ইৱমিউৰি শ্বিমবুন'ৰ সৈতে এটা সাক্ষাৎকাৰত কালি মোদীয়ে কয়, 'বিশ্বৰ অৰ্থনীতিত বৰ্তমানৰ অস্থিৰতালৈ চাই দুখন বৃহৎ অৰ্থনীতিৰ প্ৰধান দেশৰূপে ভাৰত আৰু চীনে বিশ্বৰ অর্থনৈতিক অৱস্থালৈ সুস্থিৰতা আনিবলৈ কাম কৰাটো গুৰুত্বপূর্ণ।'


মোদীয়ে আৰু কয়, 'দুখন প্ৰতিৱেশী দেশ আৰু বিশ্বৰ দুখন বৃহত্তম ৰাষ্ট্ৰ হিচাপে ভাৰত আৰু চীনৰ মাজত সুস্থিৰ, প্রত্যাশিত আৰু বন্ধুত্বপূর্ণ দ্বিপাক্ষিক সম্পর্কই আঞ্চলিক আৰু বিশ্ব শান্তি তথা সমৃদ্ধিত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। বহু-মেৰুৰ এছিয়া আৰু বহু-মেৰুৰ বিশ্বৰ বাবেও ই গুৰুত্বপূৰ্ণ।' উল্লেখযোগ্য যে ৰাজনৈতিক সংঘাত সত্ত্বেও চীন ভাৰতৰ দ্বিতীয় সর্ববৃহৎ বাণিজ্যিক সহযোগী হৈ আছে। ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীৰ সৈতে মোদীৰ টেলিফ'নিক বার্তালাপ: প্রধানমন্ত্রী মোদীয়ে শনিবাৰে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কীৰ সৈতে ফ'নযোগে বাৰ্তালাপ কৰে আৰু ৰাছিয়াৰ সৈতে দেশখনৰ যুদ্ধৰ কথা আলোচনা কৰে। প্ৰধানমন্ত্ৰীৰ কার্যালয়ে শনিবাৰে সন্ধিয়া এই কথা জনায়।


ইফালে জেলেনস্কীয়ে কয় যে তেওঁ মোদীক শেহতীয়াকৈ ৱাশিংটনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতে হোৱা আলোচনাৰ বিষয়ে অৱগত কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টিয়ানজিনত মোদীৰ নিৰ্ধাৰিত বৈঠকৰ এদিন আগতে ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ বাৰ্তালাপ বিশেষভাৱে মন কৰিবলগীয়া। প্রধানমন্ত্রী মোদীয়ে এই বাৰ্তালাপৰ বিষয়ে সামাজিক মাধ্যম এক্সত কয়, 'ৰাষ্ট্ৰপতি জেলেনস্কীক আজিৰ ফ'নকলৰ বাবে ধন্যবাদ। আমি চলি থকা যুদ্ধ, ইয়াৰ মানৱীয় প্ৰভাৱ তথা শান্তি আৰু সুস্থিৰতা ঘূৰাই অনাৰ প্ৰচেষ্টাবোৰৰ কথা আলোচনা কৰিলোঁ। এই দিশত ভাৰতে সম্পূৰ্ণ সমর্থন জনায়।'


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ