--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লণ্ডনলৈ গৈ ব্ৰিটিছ মিউজিয়ামৰ সৈতে MOU ত স্বাক্ষৰ কৰিব। তাৰ পৰৱৰ্তী সময়ত ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষই প্ৰস্তুত কৰি দিয়া আৰ্হিৰ আধাৰত গুৱাহাটীত এটা অত্যাধুনিক মিউজিয়াম নিৰ্মাণ কৰা হব

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃন্দাবনী বস্ত্ৰভাগক লৈ কৰা মন্তব্যৰ পিছতে অতিকে সন্তুষ্টি আৰু আনন্দ প্ৰকাশ কৰিছে মন্ত্রী ৰণজিৎ কুমাৰ দাসে। আজি বৰপেটাৰ হাউলীত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ২০২৭ চনত বস্ত্ৰভাগি অসমলৈ আনিব পৰা যাব বুলি আশা প্ৰকাশ কৰে। 


মন্ত্ৰী গৰাকীয়ে জনোৱা মতে, এই সম্পৰ্কে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লণ্ডনলৈ গৈ ব্ৰিটিছ মিউজিয়ামৰ সৈতে MOU ত স্বাক্ষৰ কৰিব। তাৰ পৰৱৰ্তী সময়ত ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষই প্ৰস্তুত কৰি দিয়া আৰ্হিৰ আধাৰত গুৱাহাটীত এটা অত্যাধুনিক মিউজিয়াম নিৰ্মাণ কৰা হব। 


ইতিমধ্যে গুৱাহাটীৰ খানাপাৰাত বস্ত্ৰভাগ ৰখাৰ বাবে মিউজিয়াম নিৰ্মাণৰ বাবে ভূমি নিৰ্বাচন কৰা হৈছে। আৰু এবছৰৰ ভিতৰত মিউজিয়ামটো নিৰ্মাণ হৈ উঠিলেই ২০২৭ চনৰ ভিতৰত গুৰুজনাৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আনিব পৰা যাব । 


অসমত এই বস্ত্ৰভাগ ১৮ মাহ ৰখা হব আৰু অসমবাসীয়ে এই সময়চোৱাৰ ভিতৰত বস্ত্ৰভাগ দৰ্শন কৰিব পাৰিব। উল্লেখ্য যে, বিধান সভাৰ অধ্যক্ষ হৈ থকাৰ সময়ত ৰণজিৎ কুমাৰ দাসে ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ অনাৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল। 


অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ জৰিয়তে বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ অনাৰ প্ৰক্ৰিয়াই ইতিমধ্যে ইতিবাচক দিশলৈ আগবঢ়াৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ অনা হব বুলি ঘোষণা কৰাৰ পিচতে মন্ত্রী ৰণজিৎ কুমাৰ দাসে ইয়াকে লৈ সন্তুষ্টি প্ৰকাশ কৰে। 


কোচ ৰজা নৰনাৰায়ণৰ আগ্ৰহ অনুসৰি গুৰুজনাই মথুৰাদাস বুঢ়া আতাৰ লগতে ১২গৰাকী মৰলে কিদৰে বৃন্দাবনী বস্ত্ৰভাগ প্ৰস্তুত কৰছিল সেই সম্পৰ্কতো মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। 


অসম চৰকাৰৰ এই পদক্ষেপ বাস্তৱত পৰিণত হ'লে গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰভাগ অসমবাসীয়ে দৰ্শনৰ সুযোগ লাভ কৰিব বুলিও মন্তব্য কৰে। এই সকলো পদক্ষেপৰ বাবে মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি