--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লণ্ডনলৈ গৈ ব্ৰিটিছ মিউজিয়ামৰ সৈতে MOU ত স্বাক্ষৰ কৰিব। তাৰ পৰৱৰ্তী সময়ত ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষই প্ৰস্তুত কৰি দিয়া আৰ্হিৰ আধাৰত গুৱাহাটীত এটা অত্যাধুনিক মিউজিয়াম নিৰ্মাণ কৰা হব

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃন্দাবনী বস্ত্ৰভাগক লৈ কৰা মন্তব্যৰ পিছতে অতিকে সন্তুষ্টি আৰু আনন্দ প্ৰকাশ কৰিছে মন্ত্রী ৰণজিৎ কুমাৰ দাসে। আজি বৰপেটাৰ হাউলীত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ২০২৭ চনত বস্ত্ৰভাগি অসমলৈ আনিব পৰা যাব বুলি আশা প্ৰকাশ কৰে। 


মন্ত্ৰী গৰাকীয়ে জনোৱা মতে, এই সম্পৰ্কে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লণ্ডনলৈ গৈ ব্ৰিটিছ মিউজিয়ামৰ সৈতে MOU ত স্বাক্ষৰ কৰিব। তাৰ পৰৱৰ্তী সময়ত ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষই প্ৰস্তুত কৰি দিয়া আৰ্হিৰ আধাৰত গুৱাহাটীত এটা অত্যাধুনিক মিউজিয়াম নিৰ্মাণ কৰা হব। 


ইতিমধ্যে গুৱাহাটীৰ খানাপাৰাত বস্ত্ৰভাগ ৰখাৰ বাবে মিউজিয়াম নিৰ্মাণৰ বাবে ভূমি নিৰ্বাচন কৰা হৈছে। আৰু এবছৰৰ ভিতৰত মিউজিয়ামটো নিৰ্মাণ হৈ উঠিলেই ২০২৭ চনৰ ভিতৰত গুৰুজনাৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আনিব পৰা যাব । 


অসমত এই বস্ত্ৰভাগ ১৮ মাহ ৰখা হব আৰু অসমবাসীয়ে এই সময়চোৱাৰ ভিতৰত বস্ত্ৰভাগ দৰ্শন কৰিব পাৰিব। উল্লেখ্য যে, বিধান সভাৰ অধ্যক্ষ হৈ থকাৰ সময়ত ৰণজিৎ কুমাৰ দাসে ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ অনাৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল। 


অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ জৰিয়তে বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ অনাৰ প্ৰক্ৰিয়াই ইতিমধ্যে ইতিবাচক দিশলৈ আগবঢ়াৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ অনা হব বুলি ঘোষণা কৰাৰ পিচতে মন্ত্রী ৰণজিৎ কুমাৰ দাসে ইয়াকে লৈ সন্তুষ্টি প্ৰকাশ কৰে। 


কোচ ৰজা নৰনাৰায়ণৰ আগ্ৰহ অনুসৰি গুৰুজনাই মথুৰাদাস বুঢ়া আতাৰ লগতে ১২গৰাকী মৰলে কিদৰে বৃন্দাবনী বস্ত্ৰভাগ প্ৰস্তুত কৰছিল সেই সম্পৰ্কতো মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। 


অসম চৰকাৰৰ এই পদক্ষেপ বাস্তৱত পৰিণত হ'লে গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰভাগ অসমবাসীয়ে দৰ্শনৰ সুযোগ লাভ কৰিব বুলিও মন্তব্য কৰে। এই সকলো পদক্ষেপৰ বাবে মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ