--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত সকলোতে ৰণবীৰ কাপুৰ অভিনীত ‘এনিমেল’ৰ চৰ্চা চলি আছে। সফলতাৰ ৰথত উঠি এই ছবিখনে বক্স অফিচত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। এই চিনেমাখনত ছুপাৰষ্টাৰ ৰণবীৰ কাপুৰ আৰু ববি দেউলৰ অভিনয়ক যথেষ্ট শলাগ লোৱা হৈছে। অভিনেত্ৰী তৃপ্তি ডিমৰিয়ে এই চিনেমাখনত অন্তৰংগ দৃশ্যত অভিনয় কৰি সকলোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এনিমেল মুক্তি পোৱাৰ পিছত তৃপ্তিৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে।

তৃপ্তি ডিমৰিৰ ভাগ্য জিলিকি উঠিছে এনিমেলৰ জৰিয়তে। নিশাটোৰ ভিতৰতে তৃপ্তিৰ ইনষ্টাগ্ৰামত বহু লাখ ফ’ল’ৱাৰ বানপানী বঢ়াদি বাঢ়িল।

ৰণবীৰ কাপুৰ অভিনীত ছবি ‘এনিমেল’ ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল। এনে পৰিস্থিতিত এতিয়া ছবিখন মুক্তি পোৱাৰ প্ৰায় ৮ দিন পাৰ হৈ গ’ল। ছবিখনে ছবিগৃহত ভাল সঁহাৰি লাভ কৰিছে। তৃপ্তি ডিমৰিৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰৰ কথা ক’বলৈ গ’লে এনিমেল মুক্তি পোৱাৰ পূৰ্বে অভিনেত্ৰীগৰাকীৰ ইনষ্টা ফ’ল’ৱাৰৰ সংখ্যা আছিল প্ৰায় 711K।

কিন্তু ‘এনিমেল’ মুক্তি পোৱাৰ পিছত এই সংখ্যাত বিশাল পৰিৱৰ্তন আহিল। যোৱা এসপ্তাহত তৃপ্তি ডিমৰিৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰৰ সংখ্যা ২০ লাখতকৈ অধিক বৃদ্ধি পাইছে। বৰ্তমান তৃপ্তি ডিমৰিৰ ইনষ্টা ফ’ল’ৱাৰৰ মুঠ সংখ্যা প্ৰায় ২৯ লাখ আৰু এই সংখ্যা প্ৰতি মুহূৰ্তত দ্ৰুতগতিত বৃদ্ধি পাইছে।

‘এনিমেল’ত তৃপ্তি ডিমৰিৰ ভূমিকা সৰু যদিও সেই সময়খিনিতেই যেন তেওঁ জুই জ্বলাই থৈ গ’ল। তেওঁ যি ধৰণৰ সফলতা লাভ কৰিছে সেয়া আলোচনাৰ বিষয় হৈ পৰিছে।

‘এনিমেল’ ছবিৰে সফলতাৰ সোৱাদ লোৱা তৃপ্তিক যথেষ্ট সমালোচনাও কৰা হৈছে। এনিমেল ছবিখনত ৰনবীৰ কাপুৰৰ সৈতে এক সাংঘাটিক অন্তৰংগ দৃশ্যত শ্বট দিছে তৃপ্তিয়ে। সেইবাবেই অভিনেত্ৰীগৰাকীয়ে ধাৰাবাহিকভাৱে শিৰোনাম দখল কৰি আছে।

এই দৃশ্যটোৰ বাবে কিছু ক্ষেত্ৰত ট্ৰ’ল হোৱাৰ সন্দৰ্ভত তৃপ্তি ডিমৰিয়ে কয় - তেওঁ নাভাবে যে ইয়াত তেওঁ কোনো ভুল কৰিছে। ছবিখনৰ চৰিত্ৰ অনুসৰি তেওঁ মাত্ৰ নিজৰ কাম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান