--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত সকলোতে ৰণবীৰ কাপুৰ অভিনীত ‘এনিমেল’ৰ চৰ্চা চলি আছে। সফলতাৰ ৰথত উঠি এই ছবিখনে বক্স অফিচত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। এই চিনেমাখনত ছুপাৰষ্টাৰ ৰণবীৰ কাপুৰ আৰু ববি দেউলৰ অভিনয়ক যথেষ্ট শলাগ লোৱা হৈছে। অভিনেত্ৰী তৃপ্তি ডিমৰিয়ে এই চিনেমাখনত অন্তৰংগ দৃশ্যত অভিনয় কৰি সকলোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এনিমেল মুক্তি পোৱাৰ পিছত তৃপ্তিৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে।

তৃপ্তি ডিমৰিৰ ভাগ্য জিলিকি উঠিছে এনিমেলৰ জৰিয়তে। নিশাটোৰ ভিতৰতে তৃপ্তিৰ ইনষ্টাগ্ৰামত বহু লাখ ফ’ল’ৱাৰ বানপানী বঢ়াদি বাঢ়িল।

ৰণবীৰ কাপুৰ অভিনীত ছবি ‘এনিমেল’ ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল। এনে পৰিস্থিতিত এতিয়া ছবিখন মুক্তি পোৱাৰ প্ৰায় ৮ দিন পাৰ হৈ গ’ল। ছবিখনে ছবিগৃহত ভাল সঁহাৰি লাভ কৰিছে। তৃপ্তি ডিমৰিৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰৰ কথা ক’বলৈ গ’লে এনিমেল মুক্তি পোৱাৰ পূৰ্বে অভিনেত্ৰীগৰাকীৰ ইনষ্টা ফ’ল’ৱাৰৰ সংখ্যা আছিল প্ৰায় 711K।

কিন্তু ‘এনিমেল’ মুক্তি পোৱাৰ পিছত এই সংখ্যাত বিশাল পৰিৱৰ্তন আহিল। যোৱা এসপ্তাহত তৃপ্তি ডিমৰিৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰৰ সংখ্যা ২০ লাখতকৈ অধিক বৃদ্ধি পাইছে। বৰ্তমান তৃপ্তি ডিমৰিৰ ইনষ্টা ফ’ল’ৱাৰৰ মুঠ সংখ্যা প্ৰায় ২৯ লাখ আৰু এই সংখ্যা প্ৰতি মুহূৰ্তত দ্ৰুতগতিত বৃদ্ধি পাইছে।

‘এনিমেল’ত তৃপ্তি ডিমৰিৰ ভূমিকা সৰু যদিও সেই সময়খিনিতেই যেন তেওঁ জুই জ্বলাই থৈ গ’ল। তেওঁ যি ধৰণৰ সফলতা লাভ কৰিছে সেয়া আলোচনাৰ বিষয় হৈ পৰিছে।

‘এনিমেল’ ছবিৰে সফলতাৰ সোৱাদ লোৱা তৃপ্তিক যথেষ্ট সমালোচনাও কৰা হৈছে। এনিমেল ছবিখনত ৰনবীৰ কাপুৰৰ সৈতে এক সাংঘাটিক অন্তৰংগ দৃশ্যত শ্বট দিছে তৃপ্তিয়ে। সেইবাবেই অভিনেত্ৰীগৰাকীয়ে ধাৰাবাহিকভাৱে শিৰোনাম দখল কৰি আছে।

এই দৃশ্যটোৰ বাবে কিছু ক্ষেত্ৰত ট্ৰ’ল হোৱাৰ সন্দৰ্ভত তৃপ্তি ডিমৰিয়ে কয় - তেওঁ নাভাবে যে ইয়াত তেওঁ কোনো ভুল কৰিছে। ছবিখনৰ চৰিত্ৰ অনুসৰি তেওঁ মাত্ৰ নিজৰ কাম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক