--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চোৰৰ কেৰামতালিৰ বিষয়ে নানান কথা প্ৰচলন হৈ আছে। চোৰে ঘৰ-দুৱাৰত চাফাই অভিযান চলায়, কিন্তু ৰখাই থোৱা এটা ৰে’ল ইঞ্জিনেই যদি চোৰে চুৰি কৰি নিয়ে তেন্তে সেয়া নিঃসন্দেহে আচৰিত হ’বলগীয়া কথাই হ’ব।শেহতীয়াকৈ বিহাৰত চোৰে  এটা ৰে’ল ইঞ্জিন চুৰি কৰাৰ ঘটনা বহুতৰে মাজত আলোচনাৰ বিষয় হৈ পৰিছে।

কিছুদিন আগতে চোৰৰ এটা দলে এখন লোৰ দলং খহাই নিছিল । এইবাৰ ৰে’লৰ ইঞ্জিন চুৰি সামগ্ৰীৰ তালিকাত যোগ হ’ল। কেইদিনমানৰ ভিতৰতে চোৰে ৰে’লৰ গোটেই ইঞ্জিনটো কৌশলেৰে চুৰি কৰে। চলিত বৰ্ষৰ মে’ মাহত চোৰে বিহাৰৰ ৰোহতাছ জিলাৰ অমিয়াৱাৰ গাঁৱৰ এখন লোহাৰ দলং ধাপে ধাপে খহাই  লৈ গৈছিল। সেই ঘটনাৰ কেইমাহমানৰ ভিতৰতে এইবাৰ মুজাফ্ফৰপুৰত ৰে’লৰ ইঞ্জিন এটাই চুৰি কৰে।

কেৱল ৰে’লখনৰ ইঞ্জিনেই নহয়, চোৰে দলং এখনৰো নাট-বোল্টু খুলিবলৈও আৰম্ভ কৰিছিল।যদিও  দলটো  ধৰা পৰি যায়। আৰক্ষীসূ ত্ৰই জনোৱা অনুসৰি মেৰামতিৰ বাবে বাৰাউনীৰ গাৰহাৰা ৰে'লৱে য়াৰ্ডলৈ এটা ভিণ্টেজ ডিজেল ইঞ্জিন অনা হৈছিল। সেই ইঞ্জিনটোৰ পৰা  চোৰে প্ৰতি নিশা ইঞ্জিনৰ অংশবোৰ অলপ অলপকৈ চুৰি কৰি গৈছিল। 

কেইদিনমানৰ ভিতৰতে চোৰৰ দলটোৱে সমগ্ৰ ডিজেল ইঞ্জিনটোৰ অংশবোৰ আঁতৰাই পেলায়।  ফলত ইঞ্জিনটো অদৃশ্য হৈ পৰে। ঘটনাটোৰ বিষয়ে জানিব পাৰি  আৰক্ষীও হতবাক হৈ পৰে। তদন্ত কৰিবলৈ আহি আৰক্ষীয়ে দেখিলে যে ৰেলৱে য়াৰ্ডৰ নিচেই কাষতে  এটা সুৰংগ নিৰ্মাণ কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, চোৰে  এই সুৰংগৰ মাজেৰে আহিছিল আৰু ইঞ্জিনটোৰ অংশবোৰ খুলি লৈ গৈ আছিল।গোপন সূত্ৰৰ  তথ্যৰ ভিত্তিত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। 

তেওঁলোকক জেৰা কৰাৰ পিছত, আৰক্ষীয়ে মুজাফ্ফৰপুৰত এটা গুদামত অভিযান চলায়। আৰক্ষীয়ে তাৰ পৰা ১৩ বস্তা ৰে’লৰ ইঞ্জিনটোৰ অংশ উদ্ধাৰ কৰিৰে। আন এটা ঘটনাত, চোৰে আৰাৰিয়া জিলাৰ সীতাধৰ নদীৰ ওপৰত থকা এখন লোহাৰ দলং খুলি  নিবলৈ চেষ্টা কৰাটো ধৰা পৰে। এই দলংখনক পল্টনিয়া দলং বুলি জনা যায়। এইখন ফাৰবেচগঞ্জক ৰাণীগঞ্জৰ সৈতে সংযোগ কৰা এখন দলং। আৰক্ষীৰ সূত্ৰ অনুসৰি চোৰে দলংখনৰ কেইবাটাও অংশ খহাই লৈ গৈছে। স্থানীয় লোকে সেয়া  দেখাৰ লগে লগে আৰক্ষীক খবৰ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক