--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চোৰৰ কেৰামতালিৰ বিষয়ে নানান কথা প্ৰচলন হৈ আছে। চোৰে ঘৰ-দুৱাৰত চাফাই অভিযান চলায়, কিন্তু ৰখাই থোৱা এটা ৰে’ল ইঞ্জিনেই যদি চোৰে চুৰি কৰি নিয়ে তেন্তে সেয়া নিঃসন্দেহে আচৰিত হ’বলগীয়া কথাই হ’ব।শেহতীয়াকৈ বিহাৰত চোৰে  এটা ৰে’ল ইঞ্জিন চুৰি কৰাৰ ঘটনা বহুতৰে মাজত আলোচনাৰ বিষয় হৈ পৰিছে।

কিছুদিন আগতে চোৰৰ এটা দলে এখন লোৰ দলং খহাই নিছিল । এইবাৰ ৰে’লৰ ইঞ্জিন চুৰি সামগ্ৰীৰ তালিকাত যোগ হ’ল। কেইদিনমানৰ ভিতৰতে চোৰে ৰে’লৰ গোটেই ইঞ্জিনটো কৌশলেৰে চুৰি কৰে। চলিত বৰ্ষৰ মে’ মাহত চোৰে বিহাৰৰ ৰোহতাছ জিলাৰ অমিয়াৱাৰ গাঁৱৰ এখন লোহাৰ দলং ধাপে ধাপে খহাই  লৈ গৈছিল। সেই ঘটনাৰ কেইমাহমানৰ ভিতৰতে এইবাৰ মুজাফ্ফৰপুৰত ৰে’লৰ ইঞ্জিন এটাই চুৰি কৰে।

কেৱল ৰে’লখনৰ ইঞ্জিনেই নহয়, চোৰে দলং এখনৰো নাট-বোল্টু খুলিবলৈও আৰম্ভ কৰিছিল।যদিও  দলটো  ধৰা পৰি যায়। আৰক্ষীসূ ত্ৰই জনোৱা অনুসৰি মেৰামতিৰ বাবে বাৰাউনীৰ গাৰহাৰা ৰে'লৱে য়াৰ্ডলৈ এটা ভিণ্টেজ ডিজেল ইঞ্জিন অনা হৈছিল। সেই ইঞ্জিনটোৰ পৰা  চোৰে প্ৰতি নিশা ইঞ্জিনৰ অংশবোৰ অলপ অলপকৈ চুৰি কৰি গৈছিল। 

কেইদিনমানৰ ভিতৰতে চোৰৰ দলটোৱে সমগ্ৰ ডিজেল ইঞ্জিনটোৰ অংশবোৰ আঁতৰাই পেলায়।  ফলত ইঞ্জিনটো অদৃশ্য হৈ পৰে। ঘটনাটোৰ বিষয়ে জানিব পাৰি  আৰক্ষীও হতবাক হৈ পৰে। তদন্ত কৰিবলৈ আহি আৰক্ষীয়ে দেখিলে যে ৰেলৱে য়াৰ্ডৰ নিচেই কাষতে  এটা সুৰংগ নিৰ্মাণ কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, চোৰে  এই সুৰংগৰ মাজেৰে আহিছিল আৰু ইঞ্জিনটোৰ অংশবোৰ খুলি লৈ গৈ আছিল।গোপন সূত্ৰৰ  তথ্যৰ ভিত্তিত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। 

তেওঁলোকক জেৰা কৰাৰ পিছত, আৰক্ষীয়ে মুজাফ্ফৰপুৰত এটা গুদামত অভিযান চলায়। আৰক্ষীয়ে তাৰ পৰা ১৩ বস্তা ৰে’লৰ ইঞ্জিনটোৰ অংশ উদ্ধাৰ কৰিৰে। আন এটা ঘটনাত, চোৰে আৰাৰিয়া জিলাৰ সীতাধৰ নদীৰ ওপৰত থকা এখন লোহাৰ দলং খুলি  নিবলৈ চেষ্টা কৰাটো ধৰা পৰে। এই দলংখনক পল্টনিয়া দলং বুলি জনা যায়। এইখন ফাৰবেচগঞ্জক ৰাণীগঞ্জৰ সৈতে সংযোগ কৰা এখন দলং। আৰক্ষীৰ সূত্ৰ অনুসৰি চোৰে দলংখনৰ কেইবাটাও অংশ খহাই লৈ গৈছে। স্থানীয় লোকে সেয়া  দেখাৰ লগে লগে আৰক্ষীক খবৰ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু