--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হঠাতে জিভা পিছলিল যোগগুৰু বাবা ৰামদেৱৰ।  থানেৰ হাইলেণ্ড এলেকাত শুকুৰবাৰে পতঞ্জলি যোগ পীঠ আৰু মুম্বাই মহিলা পতঞ্জলি যোগ সমিতিয়ে  আয়োজন কৰা যোগ বিজ্ঞান শিবিৰ আৰু মহিলা সভাত যোগগুৰুৱে কিবা ক’বলৈ গৈ কিবা কৈ পেলালে। 

সভাখনত অমৃতা ফাডনাভিছো উপস্থিত আছিল। সভাতে বাবা ৰামদেৱে মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰি আছিল। সেই সময়তে বাবা ৰামদেৱে এনে এক বিতৰ্কিত মন্তব্য কৰে যে সকলোৱে তৌবা তৌবা কৰিবলৈ ধৰে। যোৱা কেইদিনমানধৰি, মহিলা সম্পৰ্কীয় বিতৰ্কিত মন্তব্যৰ বাবে মহাৰাষ্ট্ৰত  ক্ষোভৰ সৃষ্টি হৈ আহিছে। এনে সময়তে যোগ গুৰু ৰামদেৱে  মহিলাৰ পোছাক সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য কৰে। 

পতঞ্জলিৰ মুৰব্বীগৰাকীয়ে সভাত  এনেদৰে কয়, "মহিলাসকলক শাড়ী পিন্ধিলে ভাল দেখায়, তেওঁলোকক ছোলোৱাৰ চু্টতো ভাল দেখায়, মোৰ মতে তেওঁলোকক একো নিপিন্ধিলেও ভাল দেখায়।" ৰামদেৱে এনে মন্তব্য কৰাৰ সময়ত সভাখনত  উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ পত্নী অমৃতা ফাডনাভিছ, মুখ্যমন্ত্ৰী একনাথ চিন্দেৰ পুত্ৰ আৰু সাংসদ শ্ৰীকান্ত চিন্দেও উপস্থিতত আছিল। 

জিভা পিছলি ৰামদেৱে কৰা মন্তব্যই এতিয়া  বিতৰ্কৰ সৃষ্টি কৰিছে। মহিলাসকলে যোগৰ বাবে কেনে পোছাক পিন্ধিব লাগে সেই বিষয়ত ৰামদেৱে কথা পাতি আছিল। আজি পুৱা যোগ বিজ্ঞান শিবিৰো অনুষ্ঠিত কৰা হৈছিল। মহিলাসকলৰ বাবে এক যোগ প্ৰশিক্ষণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হৈছিল। 

তাৰ ঠিক পিছতে, মহিলাসকলৰ বাবে  সভাখন আৰম্ভ হৈছিল। তাতেই জিভা পিছলি ৰামদেৱৰ মুখেৰে তেনে কথা ওলায়।ৰামদেৱে অৱশ্যে তেওঁৰ মন্তব্যৰ বাবে এতিয়াও কোনো স্পষ্টীকৰণ দিয়া নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক