--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হঠাতে জিভা পিছলিল যোগগুৰু বাবা ৰামদেৱৰ।  থানেৰ হাইলেণ্ড এলেকাত শুকুৰবাৰে পতঞ্জলি যোগ পীঠ আৰু মুম্বাই মহিলা পতঞ্জলি যোগ সমিতিয়ে  আয়োজন কৰা যোগ বিজ্ঞান শিবিৰ আৰু মহিলা সভাত যোগগুৰুৱে কিবা ক’বলৈ গৈ কিবা কৈ পেলালে। 

সভাখনত অমৃতা ফাডনাভিছো উপস্থিত আছিল। সভাতে বাবা ৰামদেৱে মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰি আছিল। সেই সময়তে বাবা ৰামদেৱে এনে এক বিতৰ্কিত মন্তব্য কৰে যে সকলোৱে তৌবা তৌবা কৰিবলৈ ধৰে। যোৱা কেইদিনমানধৰি, মহিলা সম্পৰ্কীয় বিতৰ্কিত মন্তব্যৰ বাবে মহাৰাষ্ট্ৰত  ক্ষোভৰ সৃষ্টি হৈ আহিছে। এনে সময়তে যোগ গুৰু ৰামদেৱে  মহিলাৰ পোছাক সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য কৰে। 

পতঞ্জলিৰ মুৰব্বীগৰাকীয়ে সভাত  এনেদৰে কয়, "মহিলাসকলক শাড়ী পিন্ধিলে ভাল দেখায়, তেওঁলোকক ছোলোৱাৰ চু্টতো ভাল দেখায়, মোৰ মতে তেওঁলোকক একো নিপিন্ধিলেও ভাল দেখায়।" ৰামদেৱে এনে মন্তব্য কৰাৰ সময়ত সভাখনত  উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ পত্নী অমৃতা ফাডনাভিছ, মুখ্যমন্ত্ৰী একনাথ চিন্দেৰ পুত্ৰ আৰু সাংসদ শ্ৰীকান্ত চিন্দেও উপস্থিতত আছিল। 

জিভা পিছলি ৰামদেৱে কৰা মন্তব্যই এতিয়া  বিতৰ্কৰ সৃষ্টি কৰিছে। মহিলাসকলে যোগৰ বাবে কেনে পোছাক পিন্ধিব লাগে সেই বিষয়ত ৰামদেৱে কথা পাতি আছিল। আজি পুৱা যোগ বিজ্ঞান শিবিৰো অনুষ্ঠিত কৰা হৈছিল। মহিলাসকলৰ বাবে এক যোগ প্ৰশিক্ষণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হৈছিল। 

তাৰ ঠিক পিছতে, মহিলাসকলৰ বাবে  সভাখন আৰম্ভ হৈছিল। তাতেই জিভা পিছলি ৰামদেৱৰ মুখেৰে তেনে কথা ওলায়।ৰামদেৱে অৱশ্যে তেওঁৰ মন্তব্যৰ বাবে এতিয়াও কোনো স্পষ্টীকৰণ দিয়া নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু