--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিলাহীৰ উচ্চ চাহিদা আৰু আকাশলংঘী মূল্যই সকলেোকে বিপাঙত পেলাইছে। মহাৰাষ্ট্ৰৰ এজন কৃষকে নিজৰ ফাৰ্মত থকা বিলাহীক ৰক্ষণাবেক্ষণ দিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ চিচিটিভি কেমেৰা স্থাপন কৰি বিলাহীৰ ওপৰত চকু ৰাখিছে। সমগ্ৰ দেশতে ১০০ টকাৰ পৰা ২০০ টকাৰ ভিতৰত বিক্ৰী হৈছে বিলাহী। ঔৰংগাবাদৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত থকা শ্বাহপুৰ বঞ্জাৰত বিলাহী চোৰে অভিযান চলাই বিলাহী লৈ যোৱা বাবে নিজৰ খেতি চোৱাচিতা কৰিবৰ বাবে ডিজিটেল ব্যৱস্থা গ্ৰহণ কৰে কৃষকজনে।

শাৰদ ৰাৱট নামৰ কৃষকজনে কয় যে বৰ্তমান সময়ত আটাইতকৈ বেছি চাহিদা থকা পাচলি বিলাহী চুৰি কৰাটো তেওঁ সহ্য কৰিব নোৱাৰে। তেওঁ কয় যে এতিয়া ২২-২৫ কেজি বিলাহীৰ এটা ক্ৰেট ৩ হাজাৰ টকাত বিক্ৰী হৈছে। ৰাৱটে কয় যে তেওঁৰ পামখন পাঁচ একৰ মাটিত বিস্তৃত আৰু তেওঁ ডেৰ একৰ মাটিত বিলাহীৰ খেতি কৰিছে, যাৰ পৰা তেওঁ সহজেই ছয়ৰ পৰা সাত লাখ টকা লাভ কৰিব পাৰে।

তেওঁ কয়, “প্ৰায় ১০ দিন আগতে গংগাপুৰ তালুকত মোৰ ফাৰ্মৰ পৰা ২০-২৫ কেজি বিলাহী চুৰি হৈছিল। বাকী থকা বিলাহীৰ সুৰক্ষাৰ বাবে ২২ হাজাৰ টকাৰ চিচিটিভি কেমেৰা লগাই দিছোঁ।'' 

কৃষক শাৰদ ৰাৱটে লগতে কয় যে চিচি কেমেৰাটো সৌৰশক্তি চালিত গতিকে ইয়াৰ বিদ্যুৎ যোগানৰ বাবে চিন্তা কৰিব নালাগে আৰু যিকোনো ঠাইতে ফুটেজ নিজৰ ফোনত চাব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস