--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ বিষয়কলৈ  লোকসভাত অনুষ্ঠিত বিতৰ্কৰ পিছতে কাইলৈ অনুষিঠিত হ’ব অনাস্থা ভোট।  অনাস্থা ভোটৰ সময়তে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিতৰ্কৰ উত্তৰ দিব৷ ২০ জুলাইত সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পিছৰে পৰা সংসদৰ দুয়োখন সদনতে মণিপুৰৰ প্ৰসংগকলৈ  বিৰোধীয়ে প্ৰধানমন্ত্ৰীৰ পৰা বিবৃতি দাবী কৰি আহিছে৷ কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰীৰ মুখৰ পৰা মণিপুৰ কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰোৱাবলৈ আনকি বিৰোধীয়ে অনাস্থা প্ৰস্তাৱো দাখিল কৰিছে।  

 কিন্তু বিৰোধীৰ অনাস্থা প্ৰস্তাৱকলৈ ইমান দিনে চৰকাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইকতিমধ্যে সংসদত মণিপুৰৰ বিষয়ত মন্তব্য কৰিছে। কিন্তু বিৰোধী দলবোৰে প্ৰধানমন্ত্ৰীৰ পৰা  সঁহাৰি দাবী কৰি আহিছে।  উল্লেখ্য কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে  দাখিল কৰা অনাস্থা প্ৰস্তাৱটো গ্ৰহণ  কৰিবলৈ   সদনত ৫০ জন সদস্যৰ সমৰ্থনৰ প্ৰয়োজন আছিল ।  লোকসভাত এই প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্কৰ আৰম্ভণি কৰি গগৈয়ে  অভিযোগ  কৈছিল  "ভাৰতত এতিয়া দুখন  মণিপুৰৰ  সৃষ্টি হৈছে- এখন পাহাৰৰ মণিপুৰ আৰু আনখন সমতলৰ"। 

সাংসদ গগৈয়ে কৈছিল যে ভাৰতীয় ইণ্ডিয়াৰ দলসমূহে অনাস্থা প্ৰস্তাৱ আনিবলৈ বাধ্য হৈছে ,কিয়নো এয়া কেতিয়াও সংখ্যাৰ বিষয় নহয় , মণিপুৰৰ বাবে ন্যায়ৰ বিষয় ।

 তেওঁ কৈছিল " মণিপুৰে ন্যায় দাবী কৰিছে। মাৰ্টিন লুথাৰ কিং জুনিয়ৰে কৈছিল যে যিকোনো ঠাইতে অন্যায় সকলো ঠাইতে ন্যায়ৰ বাবে ভাবুকি। যদিও মণিপুৰ জ্বলি আছে, সমগ্ৰ ভাৰতেই  জ্বলি আছে, যদি মণিপুৰ বিভক্ত হয়, দেশখনেই  বিভক্ত হৈ পৰিব।  আমাৰ দেশৰ নেতা হিচাপে প্ৰধানমন্ত্ৰী মোডীয়ে সদনলৈ আহি মণিপুৰৰ বিষয়ে ক'ব লাগে ’’।গগৈয়ে কয় ’’অনাস্থা প্ৰস্তাৱৰ জৰিয়তে আমি তেওঁৰ নীৰৱতাৰ শপত ভংগ কৰিব বিচাৰো," । কংগ্ৰেছৰ সাংসদসকলৰ লগতে  ইণ্ডিয়া মিত্ৰজোঁটৰ আন সাংসদসকলৰ সমৰ্থনত প্ৰস্তাৱটো সহজে গ্ৰহণ কৰা  হৈছিল। কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধী, নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লা, ডিএমকেৰ টি আৰ বালু আৰু এনচিপিৰ নেত্ৰী  সুপ্ৰিয়া চুলেকে ধৰি বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সাংসদসকলে লোকসভাৰ অধ্যক্ষই এই প্ৰস্তাৱ উপস্থাপন কৰাৰ সময়ত  থিয় দি প্ৰস্তাৱটো সমৰ্থন কৰিছিল। 

৫৪৩ জনীয়া লোকসভাত বৰ্তমান ৫৩৯ গৰাকী সাংসদ আছে। সংসদৰ চাৰি খন আসন এতিয়াও খালী হৈ আছে। শাসনাধিষ্ঠিত এন ডি এৰ শক্তি ৩৩১। বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ সদনত ১৪৪  গৰাকী সদস্য আছে। বিৰোধীৰ সংখ্যা কম, সেয়ে অনাস্থা প্ৰস্তাৱটো গৃহীত হোৱাৰ আশা নাই।  বিৰোধীয়ে  মণিপুৰৰ প্ৰসংগত  প্ৰধানমন্ত্ৰী মোদীৰ পৰা বিবৃতি লাভ কৰাৰ বাবেই এনেদৰে অনাস্থা প্ৰস্তাৱ দিছে বুলি কৈ আহিছে। কাৰ পক্ষত কিমান শক্তি আছে ? জানো আহক-এনডিএঃ  বিজেপি ৩০১ এজেএছপি ৬ এডি(এছ) ২।অন্যন্য সহযোগী দলঃ এআইএডিএমকে ১,এনপিপি ১, এনডিপিপি ১, এনপিএফ ১,এছকেএম ১, এজেএছইউপি ১। একেদৰে ইণ্ডিয়াৰ পক্ষত আছে কংগ্ৰেছ ৫১,   ডিএমকে ২৪  এআইটিচি ২৩,অন্যন্য সহযোগী দলঃ জেডিইউ ১৬, চিপিএম ৩,জেকেএনচি ৩, এছপি ৩,আইইউএমএল ৩, চিপিআই ২,জেএমএম ১, আপ ১,ভিচিকে ১, কেচি(এম) ১, আৰএছপি ১।অন্যান্য দলসমূহৰ সাংসদৰ সংখ্যা হৈছে ৱাইএছআৰচিপি ২২ ,বিজেডি ১২ বিএছপি ৯।অন্যন্য সহযোগী দলঃটিআৰএছ ৯ , টিডিপি ৩. এআইইইআইএম ২,এছএডি ২,আৰএলপি ১,এআইএউডিএফ ১,জেডিএছ ১, এছএডি (এছএছএম) ১,নিৰ্দলীয় ৩।সংসদৰ মুঠ সদস্য ৫৩৯ (৪ খন আসন খালী হৈ আছে)।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস