--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী উপাধি বিতৰ্কৰ বাবে কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ পিছতো মোদীৰ বিৰুদ্ধে মন্তব্য কৰাৰ পৰা বিৰত হোৱা নাই ৰাহুল গান্ধী। সাংসদ পদ ওভতাই পোৱাৰ পিছতে ৰাহুল গান্ধীয়ে আজি লোকসভাত  ভাষণ দিয়ে। ৰাহুল গান্ধীৰ এই ভাষণৰ বাবেই যেন  অপেক্ষা কৰি আছিল বহুতে । অৱশেষত বুধবাৰে লোকসভাত অনাস্থা প্ৰস্তাৱৰ সময়তে কংগ্ৰেছ নেতাজনে  ভাষণ দিয়ে।

 ৰাহুল গান্ধীয়ে ভাষণত  মণিপুৰৰ বিষয়ে বিস্ফোৰক মন্তব্য কৰা দেখা যায়। তেওঁ প্ৰধানমন্ত্ৰী মোদীকো আক্ৰমণ কৰে  আৰু মোদীক "অহংকাৰী ৰাৱণ"ৰ সৈতে তুলনা কৰে। ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত কয় "হনুমানে লংকাত জুই লগোৱা নাছিল। সেই জুই ৰাৱণৰ  অহংকাৰৰ বাবে লাগিছিল। মোদীয়ে এতিয়া সমগ্ৰ দেশতে কেৰাচিন ঢালি আছে। "
ভাষণৰ আৰম্ভণিতে ৰাহুলে কয়, "আজি মই আদানিৰ বিষয়ে একো নকওঁ।গতিকে সকলোৱে শান্ত হৈ থাকিব পাৰে। ’’ ৰাহুলে এনেদৰে মন্তব্য কৰাৰ পিছতে  বিজেপিৰ সাংসদসকলে হুলস্থূল কৰিবলৈ আৰম্ভ কৰে। অধ্যক্ষই সকলোকে শান্ত হ'বলৈ আহ্বান জনাবলগীয়া হয়। 

ৰাহুল গান্ধীকে  মোদীক উদ্দেশ্যি কয় "আপুনি ভাৰত মাতৃৰ ৰক্ষক নহয় । আপুনি ভাৰত মাতৃৰ হত্যাকাৰী। মোৰ এগৰাকী মাতৃ ইয়াত বহি আছে। আপুনি মণিপুৰত আন এগৰাকী মাতৃক হত্যা কৰিছে। ভাৰতীয় সেনাই এদিনতে মণিপুৰত শান্তি স্থাপন কৰিব পাৰে। কিন্তু আপুনি সেই সুবিধা  ব্যৱহাৰ কৰা নাই।  যদি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ হৃদয়ৰ কথা নুশুনে, তেন্তে তেওঁ কাৰ কথা শুনি আছে?"

ৰাহুলে পুনৰ কয়  "প্ৰধানমন্ত্ৰীৰ বাবে মণিপুৰ ভাৰতৰ অংশ নহয়।’’ তেওঁৰ এনে মন্তব্যই বিজেপি সাংসদসকলৰ মাজত হুলস্থূলৰ সৃষ্টি কৰে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ৰাহুলৰ ভাষণত বাধা দিয়ে । তেওঁ ৰাহুলে ক্ষমা বিচাৰিব লাগে বুলিও দাবী জনায় । কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও ৰাহুলক সমালোচনা কৰে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস