--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী উপাধি বিতৰ্কৰ বাবে কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ পিছতো মোদীৰ বিৰুদ্ধে মন্তব্য কৰাৰ পৰা বিৰত হোৱা নাই ৰাহুল গান্ধী। সাংসদ পদ ওভতাই পোৱাৰ পিছতে ৰাহুল গান্ধীয়ে আজি লোকসভাত  ভাষণ দিয়ে। ৰাহুল গান্ধীৰ এই ভাষণৰ বাবেই যেন  অপেক্ষা কৰি আছিল বহুতে । অৱশেষত বুধবাৰে লোকসভাত অনাস্থা প্ৰস্তাৱৰ সময়তে কংগ্ৰেছ নেতাজনে  ভাষণ দিয়ে।

 ৰাহুল গান্ধীয়ে ভাষণত  মণিপুৰৰ বিষয়ে বিস্ফোৰক মন্তব্য কৰা দেখা যায়। তেওঁ প্ৰধানমন্ত্ৰী মোদীকো আক্ৰমণ কৰে  আৰু মোদীক "অহংকাৰী ৰাৱণ"ৰ সৈতে তুলনা কৰে। ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত কয় "হনুমানে লংকাত জুই লগোৱা নাছিল। সেই জুই ৰাৱণৰ  অহংকাৰৰ বাবে লাগিছিল। মোদীয়ে এতিয়া সমগ্ৰ দেশতে কেৰাচিন ঢালি আছে। "
ভাষণৰ আৰম্ভণিতে ৰাহুলে কয়, "আজি মই আদানিৰ বিষয়ে একো নকওঁ।গতিকে সকলোৱে শান্ত হৈ থাকিব পাৰে। ’’ ৰাহুলে এনেদৰে মন্তব্য কৰাৰ পিছতে  বিজেপিৰ সাংসদসকলে হুলস্থূল কৰিবলৈ আৰম্ভ কৰে। অধ্যক্ষই সকলোকে শান্ত হ'বলৈ আহ্বান জনাবলগীয়া হয়। 

ৰাহুল গান্ধীকে  মোদীক উদ্দেশ্যি কয় "আপুনি ভাৰত মাতৃৰ ৰক্ষক নহয় । আপুনি ভাৰত মাতৃৰ হত্যাকাৰী। মোৰ এগৰাকী মাতৃ ইয়াত বহি আছে। আপুনি মণিপুৰত আন এগৰাকী মাতৃক হত্যা কৰিছে। ভাৰতীয় সেনাই এদিনতে মণিপুৰত শান্তি স্থাপন কৰিব পাৰে। কিন্তু আপুনি সেই সুবিধা  ব্যৱহাৰ কৰা নাই।  যদি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ হৃদয়ৰ কথা নুশুনে, তেন্তে তেওঁ কাৰ কথা শুনি আছে?"

ৰাহুলে পুনৰ কয়  "প্ৰধানমন্ত্ৰীৰ বাবে মণিপুৰ ভাৰতৰ অংশ নহয়।’’ তেওঁৰ এনে মন্তব্যই বিজেপি সাংসদসকলৰ মাজত হুলস্থূলৰ সৃষ্টি কৰে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ৰাহুলৰ ভাষণত বাধা দিয়ে । তেওঁ ৰাহুলে ক্ষমা বিচাৰিব লাগে বুলিও দাবী জনায় । কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও ৰাহুলক সমালোচনা কৰে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰী মোদীৰ ৰেডিঅ’ অনুষ্ঠান হৈ পৰিল হিট শ্ব’! চৰকাৰে লাভ কৰিলে ‘মন কি বাত’ৰ পৰা ৩৪.১৩ কোটি টকা
ভাতৃ-ভগ্নীৰ প্ৰেম শক্তিশালী হওক! আজি পবিত্ৰ ৰাখী বন্ধন
অনাথ আশ্ৰমৰ স্থানত খোলা হোটেল বন্ধ কৰিলে দেৱলাল গার্লোছাই
মুক্তিৰ পথত এখন নতুন অসমীয়া চলচ্চিত্র ;২২ আগষ্টত ৰাজ্যত মুক্তি লাভ কৰিব  'যোদ্ধা'
পেঙেৰীৰ ব্ৰহ্মাজানত শিক্ষাগুৰুৰ নিৰ্লজ্জ কাণ্ড , ওলাই আহিল কেইবাশতাধিক অৱিভাৱক
সমগ্ৰ গাজা দখলৰ পৰিকল্পনা নাই ইজৰাইলৰ
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
ফ্ৰীজত ৰখা আটা ‘বিহ’ হৈ পৰে নেকি? পুষ্টিবিদে কি কয় জানি লওক
বৃহৎ নাৰী সৰবৰাহ চক্ৰৰ লগত জড়িত এগৰাকী মহিলাক আটক ডিব্ৰুগড় আৰক্ষীৰ
১৭ ছেপ্টেম্বৰত মোদীৰ জন্মদিনৰ দিনা শুভাৰম্ভ হ'ব অৰুণোদয় ৩.০ৰ
বিপদত অনিল আম্বানী!
প্ৰমাণৰ এটা 'এটম বোমা' আছে, বিস্ফোৰিত হ'লে নিশ্চিহ্ন হ'ব নির্বাচন আয়োগ
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লোকসকলৰ এই ৰোগৰ আশংকা সৰ্বাধিক!