--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চোৰাং বেহা তথা অবৈধ সামগ্ৰীৰ সৰবৰাহৰ বাবে নিৰাপদ পথত যেন পৰিণত হৈছে চেন্নাই বিমানবন্দৰ। বিগত কিছুদিন ধৰি বিমানবন্দৰটো বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীকে ধৰি মাৰণাস্ত্ৰ তথা জীৱ-জন্তু সৰবৰাহৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে। এনে ঘটনাৱলীৰ বাবে বিমানবন্দৰটোৰ জৰিয়ে অবৈধ কাৰবাৰৰ এক সুষম পথ হৈ পৰা বুলি সন্দেহ ঘনীভূত হৈ পৰিছে। এনে চৰ্চাৰ মাজতে আজি পুনৰ বিমানবন্দৰটোত এগৰাকী যাত্ৰীৰ পৰা ৫ টাকৈ বল পাইথন উদ্ধাৰ কৰিছে এয়াৰ ইণ্টেলিজেঞ্চ বিভাগে।

শুল্ক বিভাগৰ মুখ্য আয়ুক্ত কে আৰ উদয় ভাস্কৰে সোমবাৰে জানিবলৈ দিয়া মতে চেন্নাইৰ এয়াৰ ইণ্টেলিজেঞ্চ বিষয়াসকলে যোৱা ২ ছেপ্টেম্বৰত বেংককৰ পৰা অহা এজন যাত্ৰীৰ পৰা পাঁচটা বল পাইথন জব্দ কৰে। অবৈধভাৱে জীৱিত সৰীসৃপসমূহ কঢ়িয়াই নিয়াৰ বাবে যাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

ধৃত যাত্ৰীগৰাকী তামিলনাডুৰ ডিণ্ডিগুল জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি শুক্ৰবাৰে বিমানবন্দৰত কৰ্তব্যৰত শুল্ক বিভাগৰ বিষয়াসকলে চোৰাংচোৱা ইনপুটৰ ভিত্তিত বেংককৰ পৰা অহা যাত্ৰীগাকীক বাধা দিছিল। তাৰ পিছতেই লাগেজ পৰীক্ষাৰ সময়ত যাত্ৰীগৰাকীৰ বেগৰ ভিতৰত বন্যপ্ৰাণীকেইটাৰ উপস্থিতি ধৰা পেলায় বিষয়াসকলে।

বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ৰ লগতে শুল্ক আইন, ১৯৬২ ৰ অধীনত জীৱিত বল পাইথনকেইটা জব্দ কৰা হয়। বল পাইথন কেইটা ইতিমধ্যে ৩ ছেপ্টেম্বৰত থাইলেণ্ডলৈ ঘূৰাই পঠোৱা হৈছে এক বিবৃতি যোগে বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

উল্লেখ্য যে চেন্নাই বিমানবন্দৰত এনে চোৰাং বেহাৰ ঘটনা ধৰা পৰাৰ উদাহৰণ এয়াই প্ৰথম নহয়। বিগত কেইটামান মাহত ড্ৰাগছকে ধৰি বহু চোৰাং ব্যৱসায়ৰ ঘটনা চেন্নাই বিমানবন্দৰত ধৰা পৰিছে। যোৱা মাহত বিমানবন্দৰটোত কেবিনবেগত লুকুৱাই অনা ১১১.৪১ কোটি টকা মূল্যৰ ১০ কিলোগ্ৰামৰো অধিক নিচাজাতীয় সামগ্ৰী জব্দ কৰিছিল শুল্ক বিভাগে। তাৰ পূৰ্বেও বিমানবন্দৰটোত ১১ কোটি টকা মূল্যৰ আন কিছু নিচাজাতীয় সামগ্ৰী জব্দ কৰিছিল শুল্ক বিভাগে।

আনহাতে কিছুদিন পূৰ্বে শতাধিক বন্য জীৱ-জন্তুৰ সৈতে বেংককৰ এটা বিমানবন্দৰত গ্ৰেপ্তাৰ হৈছিল এটা ভাৰতীয় দম্পতী। বেগৰ ভিতৰত সোমোৱাই অনা এই জীৱ-জন্তু সমূহৰ সৈতে দম্পতীহাল চেন্নাই অভিমুখী বিমানত উঠাৰ আগে আগে গ্ৰেপ্তাৰ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement