--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চোৰাং বেহা তথা অবৈধ সামগ্ৰীৰ সৰবৰাহৰ বাবে নিৰাপদ পথত যেন পৰিণত হৈছে চেন্নাই বিমানবন্দৰ। বিগত কিছুদিন ধৰি বিমানবন্দৰটো বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীকে ধৰি মাৰণাস্ত্ৰ তথা জীৱ-জন্তু সৰবৰাহৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে। এনে ঘটনাৱলীৰ বাবে বিমানবন্দৰটোৰ জৰিয়ে অবৈধ কাৰবাৰৰ এক সুষম পথ হৈ পৰা বুলি সন্দেহ ঘনীভূত হৈ পৰিছে। এনে চৰ্চাৰ মাজতে আজি পুনৰ বিমানবন্দৰটোত এগৰাকী যাত্ৰীৰ পৰা ৫ টাকৈ বল পাইথন উদ্ধাৰ কৰিছে এয়াৰ ইণ্টেলিজেঞ্চ বিভাগে।

শুল্ক বিভাগৰ মুখ্য আয়ুক্ত কে আৰ উদয় ভাস্কৰে সোমবাৰে জানিবলৈ দিয়া মতে চেন্নাইৰ এয়াৰ ইণ্টেলিজেঞ্চ বিষয়াসকলে যোৱা ২ ছেপ্টেম্বৰত বেংককৰ পৰা অহা এজন যাত্ৰীৰ পৰা পাঁচটা বল পাইথন জব্দ কৰে। অবৈধভাৱে জীৱিত সৰীসৃপসমূহ কঢ়িয়াই নিয়াৰ বাবে যাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

ধৃত যাত্ৰীগৰাকী তামিলনাডুৰ ডিণ্ডিগুল জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি শুক্ৰবাৰে বিমানবন্দৰত কৰ্তব্যৰত শুল্ক বিভাগৰ বিষয়াসকলে চোৰাংচোৱা ইনপুটৰ ভিত্তিত বেংককৰ পৰা অহা যাত্ৰীগাকীক বাধা দিছিল। তাৰ পিছতেই লাগেজ পৰীক্ষাৰ সময়ত যাত্ৰীগৰাকীৰ বেগৰ ভিতৰত বন্যপ্ৰাণীকেইটাৰ উপস্থিতি ধৰা পেলায় বিষয়াসকলে।

বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ৰ লগতে শুল্ক আইন, ১৯৬২ ৰ অধীনত জীৱিত বল পাইথনকেইটা জব্দ কৰা হয়। বল পাইথন কেইটা ইতিমধ্যে ৩ ছেপ্টেম্বৰত থাইলেণ্ডলৈ ঘূৰাই পঠোৱা হৈছে এক বিবৃতি যোগে বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

উল্লেখ্য যে চেন্নাই বিমানবন্দৰত এনে চোৰাং বেহাৰ ঘটনা ধৰা পৰাৰ উদাহৰণ এয়াই প্ৰথম নহয়। বিগত কেইটামান মাহত ড্ৰাগছকে ধৰি বহু চোৰাং ব্যৱসায়ৰ ঘটনা চেন্নাই বিমানবন্দৰত ধৰা পৰিছে। যোৱা মাহত বিমানবন্দৰটোত কেবিনবেগত লুকুৱাই অনা ১১১.৪১ কোটি টকা মূল্যৰ ১০ কিলোগ্ৰামৰো অধিক নিচাজাতীয় সামগ্ৰী জব্দ কৰিছিল শুল্ক বিভাগে। তাৰ পূৰ্বেও বিমানবন্দৰটোত ১১ কোটি টকা মূল্যৰ আন কিছু নিচাজাতীয় সামগ্ৰী জব্দ কৰিছিল শুল্ক বিভাগে।

আনহাতে কিছুদিন পূৰ্বে শতাধিক বন্য জীৱ-জন্তুৰ সৈতে বেংককৰ এটা বিমানবন্দৰত গ্ৰেপ্তাৰ হৈছিল এটা ভাৰতীয় দম্পতী। বেগৰ ভিতৰত সোমোৱাই অনা এই জীৱ-জন্তু সমূহৰ সৈতে দম্পতীহাল চেন্নাই অভিমুখী বিমানত উঠাৰ আগে আগে গ্ৰেপ্তাৰ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু