--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ আলফাৰ শিবিৰত মৃত্যু হ’ল দুজন অসমীয়াৰ৷সোমবাৰে অসম আৰক্ষীৰ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত এগৰাকী মহিলাকে ধৰি দুজন কেডাৰক মৃত্যুদণ্ড দিয়া হয় বুলি তথ্য সদৰী হয়৷মৃত আলফা কেডাৰ কেইজন লাচিত হাজৰিকা ওৰফে চেলিম আলী আৰু বৰ্ণালী অসম ওৰফে নয়নমনি চেতিয়া বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি লাচিত হাজৰিকা অসমৰ লখিমপুৰ জিলাৰ বিহপুৰীয়া নিবাসী আছিল। ২০০৪ চনত সংঘটিত হোৱা চাঞ্চল্যকৰ ধেমাজি বোমা বিস্ফোৰণৰ কাণ্ডৰ অন্যতম প্ৰধান অভিযুক্ত বুলি অনুমান কৰা হৈছিল  আৰু তেতিয়াৰ পৰাই তেওঁক পলাতক বুলি ঘোষণা কৰা হৈছিল।টিৰাপ জিলাত আছাম ৰাইফলছ আৰু অৰুণাচল প্রদেশ আৰক্ষীৰ লোকে আটক কৰা দুজন আলফা কেডাৰে দুয়োজন কেডাৰক ফাঁচী দিয়াৰ কথা ইতিমধ্যে নিশ্চিত কৰিছে৷

নিৰাপত্তাৰক্ষীয়ে কেডাৰ দুজনৰ হাতত এটা ০.৩২ এম এম পিষ্টল আৰু এটা ৯ এম এম পিষ্টল উদ্ধাৰ কৰে।আটকাধীন কেডাৰ দুজনৰ নাম মঞ্জিত গগৈ ওৰফে নিলোৎপল অসম আৰু ৰোহিনী গগৈ ওৰফে উপেন অসম।ইফালে তিনিচুকীয়া নিবাসী মৃত নয়নমণি চেতিয়াই আৰু দুজন সহযোগীৰ সৈতে যোৱা বছৰ এই নিষিদ্ধ আলফাত যোগদান কৰা বুলি জানিব পৰা গৈছে।তদুপৰি এইটোও উল্লেখ কৰিব লাগিব যে নিষিদ্ধ আলফাৰ দুই কেডাৰে এতিয়ালৈকে মৃত্যুদণ্ড লাভ কৰাৰ সন্দৰ্ভত ইতিমধ্যে আনুষ্ঠানিক ঘোষণা কৰিছে।আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে এক বিবৃত্তি প্ৰকাশৰ জড়িয়তে দুইজনকে মৃত্যুদণ্ড বিহা বুলি ঘোষণা কৰে ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু