--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২৩ চনত আহমেদাবাদত কমনৱেলথ গেমছ আয়োজন কৰাৰ বাবে অলিম্পিক এছ’চিয়েশ্যনলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল।

ডিজিটেল ডেস্ক : ভাৰতে পুনৰবাৰ কমনৱেলথ গেমছ আয়োজন কৰিবলৈ সাজু হৈছে। ভাৰতীয় অলিম্পিক সন্থাই বুধবাৰে ভাৰতক কমনৱেলথ গেমছ আয়োজন কৰিবলৈ আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে।


২০২৩ চনত আহমেদাবাদত কমনৱেলথ গেমছ আয়োজন কৰাৰ বাবে অলিম্পিক এছ’চিয়েশ্যনলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল।এতিয়া ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত নিবিদাৰ বাবে ভাৰতে প্ৰস্তাৱ দাখিল কৰিব লাগিব।


কোনখন চহৰত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ২০৩০?


ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ যুটীয়া সম্পাদক কল্যাণ চৌবেয়ে বিশেষ সাধাৰণ সভাত কয় যে ভাৰতে কমনৱেলথ গেমছ আয়োজন কৰাত সৰ্বসন্মতিক্ৰমে অনুমোদন জনোৱা হৈছে। এতিয়া ভাৰতে ইয়াৰ বাবে সম্পূৰ্ণ শক্তিৰে প্ৰস্তুতি চলাব। ২০৩০ চনত ভাৰতত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছ আহমেদাবাদত অনুষ্ঠিত হ’ব। ভাৰতৰ লগতে ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ বাবে কানাডাই আবেদন কৰিছিল যদিও এই দেশখন বাদ পৰাৰ পিছত এতিয়া ভাৰতৰ নাম চূড়ান্ত কৰা হৈছে।


কাৰ্যবাহী পৰিষদৰ সদস্য ৰোহিত ৰাজপালে কয় যে সেই সকলোবোৰ খেল কমনৱেলথ গেমছ ২০৩০ত অন্তৰ্ভুক্ত কৰা হ’ব য’ত আমাৰ পদক লাভৰ সম্ভাৱনা বেছি। ৰোহিত ৰাজপালে আৰু কয় যে ২০২৬ চনত গ্লাছগোত কমনৱেলথ গেমছ অনুষ্ঠিত হ’ব, য’ত হকী, মল্লযুঁজ, বেডমিণ্টন আৰু শ্বুটিং অন্তৰ্ভুক্ত কৰা হোৱা নাই আৰু ইয়াৰ আঁৰত দিয়া কাৰণটো হ’ল এইবোৰৰ খৰচ বেছি। ৰাজপালে কয় যে এই প্ৰতিযোগিতাত খেলসমূহ তিনিটা গ্ৰুপত ৰখা হৈছে। প্ৰথমে সেইবোৰ খেল যিবোৰ সদায় অনুষ্ঠিত হৈ আহিছে। দ্বিতীয়তে যিবোৰ আয়োজক দেশখনে বাছি ল’ব পাৰে। আৰু তৃতীয় অতিৰিক্ত খেল, য’ত পৰম্পৰাগত আৰু থলুৱা খেলসমূহ অন্তৰ্ভুক্ত কৰিব পাৰি।


২০১০ চনত দিল্লীত কমনৱেলথ গেমছ অনুষ্ঠিত হৈছিল


ভাৰতে ২০১০ চনত কমনৱেলথ গেমছ দেশৰ ৰাজধানী দিল্লীত আয়োজন কৰিছিল। এতিয়া ২০ বছৰৰ পাছত ভাৰতত আকৌ এবাৰ কমনৱেলথ গেমছৰ আয়োজন হ’বলৈ গৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু