--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত পশ্চিমবংগৰ ভাৰোত্তোলনকাৰী অচিন্ত্য শ্বেউলীয়ে কৰিলে চমৎকাৰ প্ৰদৰ্শন। ৭৩ কেজিৰ ওজন শাখাত সোণৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে অচিন্ত্যই। কমনৱেলথ গেমছত ভাৰতৰ এয়া তৃতীয়টো সোণৰ পদক। এতিয়ালৈকে ভাৰতে ছটা পদক লাভ কৰিছে। ৩১৩ কেজি উত্তোলন কৰি প্ৰথম স্থান দখল কৰা অচিন্ত্য শ্বেউলীৰ বাবে ভাৰোত্তোলনত কেৰিয়াৰ গঢ়ি তোলাটো একেবাৰে সহজ নাছিল। ২০০১ চনৰ ২৪ নৱেম্বৰত পশ্চিমবংগৰ হাওৰাত অচিন্ত্যৰ জন্ম হৈছিল। পৰিয়ালক খুৱাবলৈ দেউতাকে ৰিক্সা চলাইছিল। ৰিক্সা চলোৱাৰ উপৰিও তেওঁ শ্ৰমিক হিচাপেও কাম কৰিছিল। ২০১১ চনত প্ৰথমবাৰৰ বাবে ভাৰোত্তোলনৰ বিষয়ে জানিব পাৰিছিল অচিন্ত্যই। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১০ বছৰ। অচিন্ত্যৰ ডাঙৰ ভাতৃয়ে স্থানীয় জিমত প্ৰশিক্ষণ লৈছিল। ভাৰোত্তোলনৰ কথা তেওঁ ভায়েক অচিন্ত্যক কৈছিল। 

অচিন্ত্যৰ বাবে পেছাদাৰী প্ৰশিক্ষণ লোৱাটো কঠিন আছিল। কাৰণ তেওঁলোকৰ পৰিয়ালত টকা-পইচাৰ যথেষ্ট অভাৱ আছিল। ২০১৩ চনত পিতৃৰ মৃত্যুত পৰিস্থিতি অধিক বেয়া হৈ পৰে। পিতৃৰ মৃত্যুৰ পিছত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল অচিন্ত্যৰ ককায়েক আলোক। অচিন্ত্যৰ মাতৃ পূৰ্ণিমাইও সৰু সৰু কাম কৰি পৰিয়ালটো পোহপাল দিছিল। পিতৃৰ মৃত্যুৰ পিছত মাতৃ পূৰ্ণিমাৰ সৈতে এম্ব্ৰডাইৰেৰীৰ কাম কৰিব লগা হৈছিল কিশোৰ অচিন্ত্যই। 

২০১২ চনত এখন জিলা মিটত ৰূপৰ পদক লাভ কৰে অচিন্ত্যই। অচিন্ত্যই ২০১৫ চনত সেনাবাহিনীৰ ক্ৰীড়া প্ৰতিষ্ঠানৰ ট্ৰাইলত নিৰ্বাচিত হৈছিল, য’ত তেওঁ ২০১৫ চনত নামভৰ্তি কৰিছিল। তেওঁৰ সামৰ্থ্যই তেওঁক একে বছৰতে ভাৰতীয় জাতীয় শিবিৰত যোগদান কৰাত সহায় কৰিছিল। ২০১৬ আৰু ২০১৭ চনত সেনা ক্ৰীড়া প্ৰতিষ্ঠানত প্ৰশিক্ষণ অব্যাহত ৰাখিছিল। ২০১৮ চনত তেওঁ ৰাষ্ট্ৰীয় শিবিৰলৈ গুচি যায়।২০১৮ চনটো তেওঁৰ বাবে এটা স্মৰণীয় বছৰ হিচাপে প্ৰমাণিত হয়। জুনিয়ৰ আৰু চিনিয়ৰ কমনৱেলথ চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰে। ২০১৯ চনত এছ এ এফ গেমছত আন এক সোণৰ পদক লাভ কৰিছিল। 

অচিন্ত্যই ২০১৯ চনত ১৮ বছৰ বয়সত চিনিয়ৰ নেচনেলছত সোণৰ পদক লাভ কৰিছিল।ক’ৰোনা মহামাৰীৰ পিছত ২০২১ চনত কমনৱেলথ চিনিয়ৰ চেম্পিয়নশ্বিপত এইগৰাকী যুৱ খেলুৱৈয়ে প্ৰথম স্থান লাভ কৰিছিল। একে বছৰতে জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰিছিল। এতিয়া ২০২২ চনত তেওঁ কমনৱেলথ গেমছৰ চেম্পিয়ন হৈ পৰিছে। অতি দুখ-কষ্টৰ মাজেৰে নিজৰ জীৱনটো গঢ়ি তোলা ২০ বছৰীয়া অচিন্ত্যই মাৰিবলৈ সক্ষম হৈছে সাফল্যৰ হাঁহি। এতিয়া অচিন্ত্য শ্বেউলী দেশৰ হিৰ'। অচিন্ত্য শ্বেউলীৰ বাবে সমগ্ৰ পশ্চিমবংগতে বৈছে আনন্দৰ ঢল। প্ৰাগ নিউজৰ ফালৰ পৰাও অচিন্ত্য শ্বেউলীৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement