--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত পশ্চিমবংগৰ ভাৰোত্তোলনকাৰী অচিন্ত্য শ্বেউলীয়ে কৰিলে চমৎকাৰ প্ৰদৰ্শন। ৭৩ কেজিৰ ওজন শাখাত সোণৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে অচিন্ত্যই। কমনৱেলথ গেমছত ভাৰতৰ এয়া তৃতীয়টো সোণৰ পদক। এতিয়ালৈকে ভাৰতে ছটা পদক লাভ কৰিছে। ৩১৩ কেজি উত্তোলন কৰি প্ৰথম স্থান দখল কৰা অচিন্ত্য শ্বেউলীৰ বাবে ভাৰোত্তোলনত কেৰিয়াৰ গঢ়ি তোলাটো একেবাৰে সহজ নাছিল। ২০০১ চনৰ ২৪ নৱেম্বৰত পশ্চিমবংগৰ হাওৰাত অচিন্ত্যৰ জন্ম হৈছিল। পৰিয়ালক খুৱাবলৈ দেউতাকে ৰিক্সা চলাইছিল। ৰিক্সা চলোৱাৰ উপৰিও তেওঁ শ্ৰমিক হিচাপেও কাম কৰিছিল। ২০১১ চনত প্ৰথমবাৰৰ বাবে ভাৰোত্তোলনৰ বিষয়ে জানিব পাৰিছিল অচিন্ত্যই। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১০ বছৰ। অচিন্ত্যৰ ডাঙৰ ভাতৃয়ে স্থানীয় জিমত প্ৰশিক্ষণ লৈছিল। ভাৰোত্তোলনৰ কথা তেওঁ ভায়েক অচিন্ত্যক কৈছিল। 

অচিন্ত্যৰ বাবে পেছাদাৰী প্ৰশিক্ষণ লোৱাটো কঠিন আছিল। কাৰণ তেওঁলোকৰ পৰিয়ালত টকা-পইচাৰ যথেষ্ট অভাৱ আছিল। ২০১৩ চনত পিতৃৰ মৃত্যুত পৰিস্থিতি অধিক বেয়া হৈ পৰে। পিতৃৰ মৃত্যুৰ পিছত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল অচিন্ত্যৰ ককায়েক আলোক। অচিন্ত্যৰ মাতৃ পূৰ্ণিমাইও সৰু সৰু কাম কৰি পৰিয়ালটো পোহপাল দিছিল। পিতৃৰ মৃত্যুৰ পিছত মাতৃ পূৰ্ণিমাৰ সৈতে এম্ব্ৰডাইৰেৰীৰ কাম কৰিব লগা হৈছিল কিশোৰ অচিন্ত্যই। 

২০১২ চনত এখন জিলা মিটত ৰূপৰ পদক লাভ কৰে অচিন্ত্যই। অচিন্ত্যই ২০১৫ চনত সেনাবাহিনীৰ ক্ৰীড়া প্ৰতিষ্ঠানৰ ট্ৰাইলত নিৰ্বাচিত হৈছিল, য’ত তেওঁ ২০১৫ চনত নামভৰ্তি কৰিছিল। তেওঁৰ সামৰ্থ্যই তেওঁক একে বছৰতে ভাৰতীয় জাতীয় শিবিৰত যোগদান কৰাত সহায় কৰিছিল। ২০১৬ আৰু ২০১৭ চনত সেনা ক্ৰীড়া প্ৰতিষ্ঠানত প্ৰশিক্ষণ অব্যাহত ৰাখিছিল। ২০১৮ চনত তেওঁ ৰাষ্ট্ৰীয় শিবিৰলৈ গুচি যায়।২০১৮ চনটো তেওঁৰ বাবে এটা স্মৰণীয় বছৰ হিচাপে প্ৰমাণিত হয়। জুনিয়ৰ আৰু চিনিয়ৰ কমনৱেলথ চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰে। ২০১৯ চনত এছ এ এফ গেমছত আন এক সোণৰ পদক লাভ কৰিছিল। 

অচিন্ত্যই ২০১৯ চনত ১৮ বছৰ বয়সত চিনিয়ৰ নেচনেলছত সোণৰ পদক লাভ কৰিছিল।ক’ৰোনা মহামাৰীৰ পিছত ২০২১ চনত কমনৱেলথ চিনিয়ৰ চেম্পিয়নশ্বিপত এইগৰাকী যুৱ খেলুৱৈয়ে প্ৰথম স্থান লাভ কৰিছিল। একে বছৰতে জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰিছিল। এতিয়া ২০২২ চনত তেওঁ কমনৱেলথ গেমছৰ চেম্পিয়ন হৈ পৰিছে। অতি দুখ-কষ্টৰ মাজেৰে নিজৰ জীৱনটো গঢ়ি তোলা ২০ বছৰীয়া অচিন্ত্যই মাৰিবলৈ সক্ষম হৈছে সাফল্যৰ হাঁহি। এতিয়া অচিন্ত্য শ্বেউলী দেশৰ হিৰ'। অচিন্ত্য শ্বেউলীৰ বাবে সমগ্ৰ পশ্চিমবংগতে বৈছে আনন্দৰ ঢল। প্ৰাগ নিউজৰ ফালৰ পৰাও অচিন্ত্য শ্বেউলীৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু