--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২২ সংখ্যক কমনৱেলথ গেমছত ভাৰতীয় মহিলা দলটোৱে দ্বিতীয়খন খেলত পাকিস্তানৰ মহিলা ক্ৰিকেট দলক ৯ উইকেটত পৰাস্ত কৰি শক্তিশালী প্ৰত্যাৱৰ্তন ঘটায়। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন মেচত ৩ উইকেটত পৰাস্ত হোৱাৰ বাবে ভাৰতক এই জয়ৰ অতি প্ৰয়োজন আছিল। ভাৰতৰ এই জয়ত প্ৰথম ইনিংছত আৰু তাৰ পিছত দ্বিতীয় ইনিংছত বলাৰ, আৰু অ’পেনাৰ বেটছমেন স্মৃতি মান্ধনাৰ ডাঙৰ অৱদান আছিল। মান্ধনাই অপৰাজিত অৰ্ধশতক খেলি দলটোক জয়ৰ দিশত আগুৱাই লৈ গৈছিল আৰু কমনৱেলথ গেমছত অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হিচাপে গৌৰৱ অৰ্জন কৰিছিল।

এই খেলখনত পাকিস্তান দলে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। বৰষুণৰ বাবে এই মেচখন ১৮ অভাৰলৈ হ্ৰাস কৰা হয়, আৰু প্ৰথমে খেলি পাকিস্তানৰ দলটো ১৮ অভাৰত ৯৯ ৰানলৈ হ্ৰাস পায়। ভাৰতৰ হৈ প্ৰথম ইনিংছত স্নেহ ৰানা আৰু ৰাধা যাদৱে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ৰেণুকা সিং, মেঘনা সিং, আৰু শ্বেফালী ভাৰ্মাই এটাকৈ উইকেট দখল কৰে। পাকিস্তানৰ হৈ অ’পেনাৰ বেটছমেন মুনিবা আলীয়ে ৩৭ ৰানৰ সৰ্বাধিক ইনিংছ খেলিছিল। আনহাতে, কেপ্তেইন মাৰুফে ১৭ ৰান সংগ্ৰহ কৰে।

ভাৰতে জয়ী হ’বলৈ ১০০ ৰানৰ সহজ লক্ষ্য লাভ কৰিছিল আৰু অ’পেনাৰ বেটছমেন স্মৃতি মান্ধনাই ক্ৰীজলৈ যোৱাৰ লগে লগে নিজৰ উদ্দেশ্য প্ৰকাশ কৰিছিল। যদিও শ্বেফালি অলপ লেহেমীয়া আছিল, তথাপিও মান্ধনাই এক প্ৰকাৰে শক্তিশালী বেটিং কৰি আছিল। প্ৰথম উইকেটৰ বাবে মান্ধানা আৰু শ্বেফালীয়ে ৬১ ৰান ভাগ কৰি তাৰ পাছত শ্বেফালিয়ে ১৬ ৰানত আউট হয়। তাৰ পিছত মেঘনাই ১৪ ৰানৰ ইনিংছ খেলি ভাৰতৰ দ্বিতীয়টো উইকেট পতিত হয় যদিও মান্ধনাই এফালে ক্ৰীজত থাকি ৩টা ছয় আৰু ৮টা ফোৰৰ সহায়ত ৪২টা বলত অপৰাজিত ৬৩ ৰান খেলি ভাৰতীয় দলটোক জয়লাভ কৰায়।

স্মৃতি মান্ধানাৰ চমু জীৱনী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ খেলা এগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানা। স্মৃতিয়ে মূলতঃ বাওঁহাতেৰে বেটিং কৰে যিয়ে ২০১৭ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপতো দুটা শতক অৰ্জন কৰিছিল। ১৯৯৬ চনৰ ১৮ জুলাইত মহাৰাষ্ট্ৰৰ মুম্বাইত জন্মগ্ৰহণ কৰিছিল স্মৃতি মান্ধানাই। ২০২১ চনত স্মৃতি মান্ধনাই দ্বিতীয়বাৰৰ বাবে আই চি চিৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ খিতাপ দখল কৰে। আই চি চিয়ে তিনিওটা ফৰ্মেটতে ২০২১ চনৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হৈ আহিছে

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ