--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিচাৰপীঠে কয় যে ১৯৫০ চনৰ আদেশৰ তিনি নম্বৰ ধাৰাত কোৱা হৈছে যে নির্দিষ্ট ধর্মসমূহৰ বাবে আন কোনো ধর্মলৈ ধৰ্মান্তৰকৰণ হ'লে জন্ম নির্বিশেষে অনুসূচিত জাতিৰ মৰ্যাদা লগে লগে হেৰুৱাব।

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে কালি এটা ঐতিহাসিক ৰায়ত কয় যে হিন্দু, শিখ বা বৌদ্ধ ধৰ্মৰ পৰা ধৰ্মান্তৰিত হোৱা কোনো ব্যক্তিয়ে অনুসূচিত জাতিৰ (এছচি) মর্যাদা নাপাব। ন্যায়ালয়ে লগতে কয় যে হিন্দু, শিখ বা বৌদ্ধ ধর্ম পালন কৰা কোনো ব্যক্তি খ্রীষ্টান, ইছলাম বা আন ধৰ্মলৈ ধৰ্মান্তৰিত হ'লে তেওঁ লগে লগে এছ চিৰ মর্যাদা হেৰুৱাব।ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে অন্ধ্র প্রদেশ উচ্চ ন্যায়ালয়ে এই সম্পর্কত দিয়া এটা ৰায়ো বাহাল ৰাখে। 


উচ্চ ন্যায়ালয়ে উক্ত ৰায়টোত কয় যে যদি কোনো ব্যক্তিয়ে খ্রীষ্টান ধৰ্ম গ্ৰহণ কৰে আৰু সক্রিয়ভাৱে এই ধর্ম মানি চলে বা পালন কৰে তেতিয়া তেওঁক অনুসূচিত জাতি সম্প্ৰদায়ৰ সদস্য বুলি গণ্য কৰা নহ'ব। ন্যায়াধীশ প্রশান্ত কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ এন ভি অঞ্জাৰিয়াক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে অন্ধ্র প্রদেশ উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখি কয় যে অনুসূচিত জাতিৰ সৈতে সম্পর্ক থকা কোনো এজন ব্যক্তিয়ে যদি আন ধর্মলৈ ধৰ্মান্তৰকৰণ কৰে তেতিয়া তৎক্ষণাৎ আৰু সম্পূৰ্ণৰূপে তেওঁ নিজৰ এছ চিৰ মৰ্যাদা হেৰুৱাব। 


বিচাৰপীঠে কয় যে ১৯৫০ চনৰ আদেশৰ তিনি নম্বৰ ধাৰাত কোৱা হৈছে যে নির্দিষ্ট ধর্মসমূহৰ বাবে আন কোনো ধর্মলৈ ধৰ্মান্তৰকৰণ হ'লে জন্ম নির্বিশেষে অনুসূচিত জাতিৰ মৰ্যাদা লগে লগে হেৰুৱাব। আদালতে কয়, 'কোনো এজন ব্যক্তি যি তিনি নম্বৰ ধাৰাৰ অধীনত অনুসূচিত জাতিৰ সদস্য বুলি গণ্য কৰা নহয়, তেওঁ সংবিধান বা সংসদ অথবা ৰাজ্য বিধান মণ্ডলসমূহে প্ৰণয়ন কৰা কোনো আইনৰ অধীনত কোনো বিধিগত লাভ, সংৰক্ষণ বা অধিকাৰ লাভ নকৰে আৰু ইয়াৰ সুবিধা তেওঁক দিবও নোৱাৰে।


ই পূর্ণ পৰ্যায়ৰ নিষেধাজ্ঞা আৰু ইয়াত কোনো ধৰণৰ ৰেহাই দিয়া নহয়। কিয়নো এজন ব্যক্তিয়ে একেলগে তিনি নম্বৰ ধাৰাৰ অধীনত নির্দিষ্ট ধর্মকেইটাৰ বাদে আন কোনো ধর্ম মানি চলিলে, পালন কৰিলে বা প্ৰচাৰ কৰিলে অনুসূচিত জাতিৰ বুলি দাবী কৰিব নোৱাৰে।' 


উল্লেখযোগ্য যে ১৯৫০ চনত ৰাষ্ট্ৰপতিয়ে সংবিধানৰ ৩৪১ নম্বৰ অনুচ্ছেদৰ অধীনত জাৰি কৰা এটা গুৰুত্বপূৰ্ণ নির্দেশত কোন কোন জাতিয়ে অনুসূচিত জাতিৰ মৰ্যাদা পাব, সেই কথা স্পষ্ট কৰি দিছিল। এই আদেশৰ উদ্দেশ্য আছিল যিবিলাক জাতি ঐতিহাসিকভাবে সামাজিক ভেদভাৱ আৰু

অস্পৃশ্যতাৰ সন্মুখীন হৈছিল, সেই জাতিসমূহৰ তালিকা প্ৰস্তুত কৰা। এই আদেশত প্ৰথমতে কেৱল হিন্দু ধৰ্মৰ দলিতসকলক অনুসূচিত জাতিৰ মৰ্যাদা দিয়া হৈছিল।


পাছত শিখ আৰু বৌদ্ধ ধৰ্মৰ দলিতসকলকো ইয়াত অন্তর্ভুক্ত কৰা হয়। আন কথাত কোনো দলিত ব্যক্তিয়ে খ্রীষ্টান বা ইছলাম ধর্মলৈ ধৰ্মান্তৰকৰণ কৰিলে এছ চিৰ মৰ্যাদা নাপাব। উল্লেখযোগ্য যে খ্রীষ্টান আৰু বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা ব্যক্তিৰ এছ চিৰ মৰ্যাদাক লৈ দীর্ঘদিন বিতর্ক চলি আহিছিল। আজি উচ্চতম ন্যায়ালয়ে এই কথা স্পষ্ট কৰি দিয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু