--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিচাৰপীঠে কয় যে ১৯৫০ চনৰ আদেশৰ তিনি নম্বৰ ধাৰাত কোৱা হৈছে যে নির্দিষ্ট ধর্মসমূহৰ বাবে আন কোনো ধর্মলৈ ধৰ্মান্তৰকৰণ হ'লে জন্ম নির্বিশেষে অনুসূচিত জাতিৰ মৰ্যাদা লগে লগে হেৰুৱাব।

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে কালি এটা ঐতিহাসিক ৰায়ত কয় যে হিন্দু, শিখ বা বৌদ্ধ ধৰ্মৰ পৰা ধৰ্মান্তৰিত হোৱা কোনো ব্যক্তিয়ে অনুসূচিত জাতিৰ (এছচি) মর্যাদা নাপাব। ন্যায়ালয়ে লগতে কয় যে হিন্দু, শিখ বা বৌদ্ধ ধর্ম পালন কৰা কোনো ব্যক্তি খ্রীষ্টান, ইছলাম বা আন ধৰ্মলৈ ধৰ্মান্তৰিত হ'লে তেওঁ লগে লগে এছ চিৰ মর্যাদা হেৰুৱাব।ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে অন্ধ্র প্রদেশ উচ্চ ন্যায়ালয়ে এই সম্পর্কত দিয়া এটা ৰায়ো বাহাল ৰাখে। 


উচ্চ ন্যায়ালয়ে উক্ত ৰায়টোত কয় যে যদি কোনো ব্যক্তিয়ে খ্রীষ্টান ধৰ্ম গ্ৰহণ কৰে আৰু সক্রিয়ভাৱে এই ধর্ম মানি চলে বা পালন কৰে তেতিয়া তেওঁক অনুসূচিত জাতি সম্প্ৰদায়ৰ সদস্য বুলি গণ্য কৰা নহ'ব। ন্যায়াধীশ প্রশান্ত কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ এন ভি অঞ্জাৰিয়াক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে অন্ধ্র প্রদেশ উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখি কয় যে অনুসূচিত জাতিৰ সৈতে সম্পর্ক থকা কোনো এজন ব্যক্তিয়ে যদি আন ধর্মলৈ ধৰ্মান্তৰকৰণ কৰে তেতিয়া তৎক্ষণাৎ আৰু সম্পূৰ্ণৰূপে তেওঁ নিজৰ এছ চিৰ মৰ্যাদা হেৰুৱাব। 


বিচাৰপীঠে কয় যে ১৯৫০ চনৰ আদেশৰ তিনি নম্বৰ ধাৰাত কোৱা হৈছে যে নির্দিষ্ট ধর্মসমূহৰ বাবে আন কোনো ধর্মলৈ ধৰ্মান্তৰকৰণ হ'লে জন্ম নির্বিশেষে অনুসূচিত জাতিৰ মৰ্যাদা লগে লগে হেৰুৱাব। আদালতে কয়, 'কোনো এজন ব্যক্তি যি তিনি নম্বৰ ধাৰাৰ অধীনত অনুসূচিত জাতিৰ সদস্য বুলি গণ্য কৰা নহয়, তেওঁ সংবিধান বা সংসদ অথবা ৰাজ্য বিধান মণ্ডলসমূহে প্ৰণয়ন কৰা কোনো আইনৰ অধীনত কোনো বিধিগত লাভ, সংৰক্ষণ বা অধিকাৰ লাভ নকৰে আৰু ইয়াৰ সুবিধা তেওঁক দিবও নোৱাৰে।


ই পূর্ণ পৰ্যায়ৰ নিষেধাজ্ঞা আৰু ইয়াত কোনো ধৰণৰ ৰেহাই দিয়া নহয়। কিয়নো এজন ব্যক্তিয়ে একেলগে তিনি নম্বৰ ধাৰাৰ অধীনত নির্দিষ্ট ধর্মকেইটাৰ বাদে আন কোনো ধর্ম মানি চলিলে, পালন কৰিলে বা প্ৰচাৰ কৰিলে অনুসূচিত জাতিৰ বুলি দাবী কৰিব নোৱাৰে।' 


উল্লেখযোগ্য যে ১৯৫০ চনত ৰাষ্ট্ৰপতিয়ে সংবিধানৰ ৩৪১ নম্বৰ অনুচ্ছেদৰ অধীনত জাৰি কৰা এটা গুৰুত্বপূৰ্ণ নির্দেশত কোন কোন জাতিয়ে অনুসূচিত জাতিৰ মৰ্যাদা পাব, সেই কথা স্পষ্ট কৰি দিছিল। এই আদেশৰ উদ্দেশ্য আছিল যিবিলাক জাতি ঐতিহাসিকভাবে সামাজিক ভেদভাৱ আৰু

অস্পৃশ্যতাৰ সন্মুখীন হৈছিল, সেই জাতিসমূহৰ তালিকা প্ৰস্তুত কৰা। এই আদেশত প্ৰথমতে কেৱল হিন্দু ধৰ্মৰ দলিতসকলক অনুসূচিত জাতিৰ মৰ্যাদা দিয়া হৈছিল।


পাছত শিখ আৰু বৌদ্ধ ধৰ্মৰ দলিতসকলকো ইয়াত অন্তর্ভুক্ত কৰা হয়। আন কথাত কোনো দলিত ব্যক্তিয়ে খ্রীষ্টান বা ইছলাম ধর্মলৈ ধৰ্মান্তৰকৰণ কৰিলে এছ চিৰ মৰ্যাদা নাপাব। উল্লেখযোগ্য যে খ্রীষ্টান আৰু বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা ব্যক্তিৰ এছ চিৰ মৰ্যাদাক লৈ দীর্ঘদিন বিতর্ক চলি আহিছিল। আজি উচ্চতম ন্যায়ালয়ে এই কথা স্পষ্ট কৰি দিয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ