--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত কণমানি পৰিবেশকৰ্মী লিচিপ্ৰিয়া কানগুজাম৷সমগ্ৰ বিশ্বজুৰি সমাদৃত হৈছে লিচিপ্ৰিয়াৰ সাহসিকতা৷ডুবাইত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন ২০২৩ (COP28)ত ১২ বছৰীয়া ভাৰতীয় জলবায়ু কৰ্মী লিচিপ্ৰিয়া কাংগুজামে এক সাহসী কাৰ্যই বিশ্বৰ মঞ্চত স্থান লাভ কৰে।

টিমৰ লেষ্টেৰ বিশেষ দূত হিচাপে কাৰ্যনিৰ্বাহ কৰা মণিপুৰৰ পৰিৱেশবিদগৰাকীয়ে উচ্চ পৰ্যায়ৰ পূৰ্ণাংগ অধিবেশনত এটা স্পষ্ট বাৰ্তা দি বাধা দিয়ে,যত উল্লেখ আছিল-: "জীৱাশ্ম ইন্ধনৰ অন্ত পেলাওক। আমাৰ গ্ৰহ আৰু আমাৰ ভৱিষ্যত ৰক্ষা কৰক।"

কাংগুজামৰ প্ৰতিবাদত একাংশ প্ৰতিনিধিয়ে হাতচাপৰি বজাইছিল যদিও ইয়াৰ ফলত কানগুজামক আধা ঘণ্টাৰো অধিক সময় আবদ্ধ কৰি ৰখা হৈছিল।লিচিপ্ৰিয়াৰ বিক্ষোভৰ পাছত তেওঁক এস্কৰ্ট কৰি বাহিৰলৈ লৈ যোৱা হয় আৰু জনোৱা হয় যে সন্মিলনত তেওঁৰ স্বীকৃতি বাতিল কৰা হৈছে। কাংগুজামে ছ’চিয়েল মিডিয়াত নিজৰ হতাশা প্ৰকাশ কৰাৰ লগতে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্ট’নিঅ’ গুটেৰেছ আৰু চিঅ’পি২৮ৰ সভাপতি চাইমন ষ্টিলকে ধৰি ৰাষ্ট্ৰসংঘৰ বিষয়াসকলৰ সমৰ্থন আহ্বান কৰে৷

কাংগুজামে টুইট কৰি কয় যে “জীৱাশ্ম ইন্ধনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে মোৰ স্বীকৃতি বাতিল কৰাৰ কাৰণ কি? যদি আপোনালোক সঁচাকৈয়ে জীৱাশ্ম ইন্ধনৰ বিৰুদ্ধে থিয় দিছে, তেন্তে মোক সমৰ্থন কৰিব লাগিব আৰু তৎক্ষণাত মোৰ স্বীকৃতি ঘূৰাই দিব লাগিব।” উল্লেখ্য যে লিচিপ্ৰিয়াৰ বিৰুদ্ধে লোৱা পদক্ষেপসমূহ “ৰাষ্ট্ৰসংঘৰ চৌহদত শিশু অধিকাৰৰ গুৰুতৰ উলংঘা আৰু অপব্যৱহাৰ” বুলি তেওঁ যুক্তি দিয়ে, যিটো ৰাষ্ট্ৰসংঘৰ নীতিৰ বিৰোধী।

যুৱ কৰ্মীগৰাকীৰ এই আবেদনে মুক্ত মত প্ৰকাশৰ প্ৰয়োজনীয়তা আৰু শীৰ্ষ সন্মিলনত প্ৰতিবাদ নিয়ন্ত্ৰণ কৰা কঠোৰ নিয়মৰ মাজৰ উত্তেজনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।জীৱাশ্ম ইন্ধন পৰ্যায়ক্ৰমে বন্ধ কৰাৰ বিতৰ্ক জলবায়ুৰ আলোচনাৰ আগশাৰীত থকাৰ সময়তে তেওঁৰ এই কাৰ্য সংঘটিত কৰিছে,ইতিমধ্যে প্ৰায় ২০০খন দেশে এই জৰুৰী বিষয়টোক সমাধানৰ চেষ্টা কৰিছে৷লিচিপ্ৰিয়া কাংগুজামে সাত বছৰ বয়সৰ পৰাই জলবায়ুৰ সৈতে জড়িত কাৰ্যকলাপ কৰি আহিছে,লিচিপ্ৰিয়াৰ প্ৰচেষ্টাৰ বাবে বিশ্ব শিশু শান্তি বঁটাকে ধৰি বহু স্বীকৃতি আৰু বঁটা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান