--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত কণমানি পৰিবেশকৰ্মী লিচিপ্ৰিয়া কানগুজাম৷সমগ্ৰ বিশ্বজুৰি সমাদৃত হৈছে লিচিপ্ৰিয়াৰ সাহসিকতা৷ডুবাইত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন ২০২৩ (COP28)ত ১২ বছৰীয়া ভাৰতীয় জলবায়ু কৰ্মী লিচিপ্ৰিয়া কাংগুজামে এক সাহসী কাৰ্যই বিশ্বৰ মঞ্চত স্থান লাভ কৰে।

টিমৰ লেষ্টেৰ বিশেষ দূত হিচাপে কাৰ্যনিৰ্বাহ কৰা মণিপুৰৰ পৰিৱেশবিদগৰাকীয়ে উচ্চ পৰ্যায়ৰ পূৰ্ণাংগ অধিবেশনত এটা স্পষ্ট বাৰ্তা দি বাধা দিয়ে,যত উল্লেখ আছিল-: "জীৱাশ্ম ইন্ধনৰ অন্ত পেলাওক। আমাৰ গ্ৰহ আৰু আমাৰ ভৱিষ্যত ৰক্ষা কৰক।"

কাংগুজামৰ প্ৰতিবাদত একাংশ প্ৰতিনিধিয়ে হাতচাপৰি বজাইছিল যদিও ইয়াৰ ফলত কানগুজামক আধা ঘণ্টাৰো অধিক সময় আবদ্ধ কৰি ৰখা হৈছিল।লিচিপ্ৰিয়াৰ বিক্ষোভৰ পাছত তেওঁক এস্কৰ্ট কৰি বাহিৰলৈ লৈ যোৱা হয় আৰু জনোৱা হয় যে সন্মিলনত তেওঁৰ স্বীকৃতি বাতিল কৰা হৈছে। কাংগুজামে ছ’চিয়েল মিডিয়াত নিজৰ হতাশা প্ৰকাশ কৰাৰ লগতে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্ট’নিঅ’ গুটেৰেছ আৰু চিঅ’পি২৮ৰ সভাপতি চাইমন ষ্টিলকে ধৰি ৰাষ্ট্ৰসংঘৰ বিষয়াসকলৰ সমৰ্থন আহ্বান কৰে৷

কাংগুজামে টুইট কৰি কয় যে “জীৱাশ্ম ইন্ধনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে মোৰ স্বীকৃতি বাতিল কৰাৰ কাৰণ কি? যদি আপোনালোক সঁচাকৈয়ে জীৱাশ্ম ইন্ধনৰ বিৰুদ্ধে থিয় দিছে, তেন্তে মোক সমৰ্থন কৰিব লাগিব আৰু তৎক্ষণাত মোৰ স্বীকৃতি ঘূৰাই দিব লাগিব।” উল্লেখ্য যে লিচিপ্ৰিয়াৰ বিৰুদ্ধে লোৱা পদক্ষেপসমূহ “ৰাষ্ট্ৰসংঘৰ চৌহদত শিশু অধিকাৰৰ গুৰুতৰ উলংঘা আৰু অপব্যৱহাৰ” বুলি তেওঁ যুক্তি দিয়ে, যিটো ৰাষ্ট্ৰসংঘৰ নীতিৰ বিৰোধী।

যুৱ কৰ্মীগৰাকীৰ এই আবেদনে মুক্ত মত প্ৰকাশৰ প্ৰয়োজনীয়তা আৰু শীৰ্ষ সন্মিলনত প্ৰতিবাদ নিয়ন্ত্ৰণ কৰা কঠোৰ নিয়মৰ মাজৰ উত্তেজনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।জীৱাশ্ম ইন্ধন পৰ্যায়ক্ৰমে বন্ধ কৰাৰ বিতৰ্ক জলবায়ুৰ আলোচনাৰ আগশাৰীত থকাৰ সময়তে তেওঁৰ এই কাৰ্য সংঘটিত কৰিছে,ইতিমধ্যে প্ৰায় ২০০খন দেশে এই জৰুৰী বিষয়টোক সমাধানৰ চেষ্টা কৰিছে৷লিচিপ্ৰিয়া কাংগুজামে সাত বছৰ বয়সৰ পৰাই জলবায়ুৰ সৈতে জড়িত কাৰ্যকলাপ কৰি আহিছে,লিচিপ্ৰিয়াৰ প্ৰচেষ্টাৰ বাবে বিশ্ব শিশু শান্তি বঁটাকে ধৰি বহু স্বীকৃতি আৰু বঁটা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ