--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই পৃথিৱীৰ বিভিন্ন প্ৰান্তত কিমান সমূদ্ৰ তীৰ আছে, হিচাপ নাই। কিছুমান তীৰ আছে যিবোৰৰ তীব্ৰ আকৰ্ষণে পৰ্যটকসকলক মোহিত কৰে। তেনে এটা তীৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডাৰ হ’ল’ভাৰ বীচ। এই বীচত য'তেই মন যায় তাতেই উলংগ হৈ ঘূৰি ফুৰিব পাৰি।

বিশ্বৰ অন্যতম বিখ্যাত বীচ এই হল’ভাৰ। সাগৰত উলংগ হৈ সাঁতুৰিব পাৰি। কিন্তু 'সকলো' কৰিব নোৱাৰি। অৰ্থাৎ উলংগ হোৱাৰ অনুমতি পালেও কিছুমান নিষেধাজ্ঞা মানি চলিব লাগিব।

এই সমূদ্ৰ তীৰক আগুৰি আছে সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য্যই। আপুনি কাপোৰ পিন্ধিব পাৰে বা নিপিন্ধবও পাৰে। সকলো আপোনাৰ ওপৰত নিৰ্ভৰশীল।

আমেৰিকাত কেইটামান সমূদ্ৰ তীৰ আছে য’ত নগ্নতা বৈধ। ইয়াৰ ভিতৰত ফ্ল’ৰিডাৰ এই তীৰো অন্তৰ্ভুক্ত। প্ৰতি বছৰে এই বিললৈ ১০ লাখতকৈ অধিক পৰ্যটকৰ সমাগম হয়।

এই বীচত উলংগ হৈ ঘূৰি ফুৰাৰ স্বাধীনতা আছে। কিন্তু, ইয়াৰ বাবে পৰ্যটকসকলে কঠোৰ নিষেধাজ্ঞা মানি চলিব লাগিব। উলংগ হোৱাৰ অনুজ্ঞাপত্ৰৰ অৰ্থ মুক্ত যৌন সম্পৰ্ক নহয়।

ইয়াৰ ভিতৰত অন্যতম হৈছে তাত কাকো একেথৰে চাই থাকিব নোৱাৰিব। আপোনজনৰ শৰীৰ স্পৰ্শ কৰা বা নিজৰ যৌনাংগ স্পৰ্শ কৰা - এনে কৰ্ম কঠোৰভাৱে নিষিদ্ধ। গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।

এই সমূদ্ৰ তীৰত কেৱল নগ্নতাক ৰেহাই দিয়া হৈছে, কিন্তু যৌনতাক নহয়। আৰু সেইবাবেই যদি পুৰুষে যৌন উত্তেজনা লাভ কৰে তেন্তে তেওঁৰ যৌনাংগ বালি বা টাৱেলেৰে ঢাকি ৰাখিব লাগে। বা সাগৰলৈ নামিও যাব পাৰে।

ইমানবোৰ নিষেধাজ্ঞা মানি চলাৰ বাবেই এই সমূদ্ৰ তীৰ পৰিয়ালৰ বাবে অনুকূল। অৰ্থাৎ পৰ্যটকসকলে গৈ গোটেই পৰিয়ালটোৰ সৈতে ভাল সময় কটাব পাৰে।

বহুতে বগা বালিত ৰ’দ শুহিবলৈ এই ফ্ল’ৰিডাৰ বীচখন বাছি লয়। কামৰ মাজত অবসৰৰ বাবে বহু পৰ্যটকৰ প্ৰিয় সমূদ্ৰ তীৰ এই হালভাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ