--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসংকীৰ্ণতাৰ গণ্ডীৰ পৰা ওলাই  চৌদি আৰৱে এইবাৰ প্ৰথম বাৰৰ বাবে মহাকাশলৈ প্ৰেৰণ কৰিব দেশ খনৰ প্ৰথম গৰাকী মহিলা মহাকাশচাৰীক৷ নাম তেওঁৰ  ৰায়ানা বৰ্ণাৱী৷  দেশ খনৰ চৰকাৰী সংবাদ মাধ্যমে সদৰি কৰা তথ্য অনুসৰি চলিত  বৰ্ষৰ  শেষৰ ফালে চৌদি আৰবে দেশ খনৰ  প্ৰথমগৰাকী  মহিলা মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। 

দেশ খনৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী ৰায়না বাৰ্ণাৱী এজন জৈৱ চিকিৎসা গৱেষক ৷ তেওঁক চৌদি মহাকাশ আয়োগে মিছন বিশেষজ্ঞ হিচাপে এক্সিওম মিছনৰ বাবে নিৰ্বাচিত কৰিছে৷ দেশ খনৰ প্ৰথম মহিলা মহাকাশচাৰী হিচাবে  ২০২৩ চনৰ ১২ ফেব্ৰুৱাৰীত ৰায়ানাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল। 

ৰায়ানাই ওটাগো বিশ্ববিদ্যালয়ৰ পৰা জৈৱ চিকিৎসা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছে। তেওঁ আলফৈজল বিশ্ববিদ্যালয়ৰ পৰা জৈৱ চিকিৎসা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ তাত  তেওঁ স্তন কৰ্কট ৰোগৰ ষ্টেম কোষৰ বিষয়ে অধ্যয়ন কৰিছিল৷  কৰ্কট ৰোগৰ ষ্টেম কোষ গৱেষণাত তেওঁৰ ন বছৰৰ অভিজ্ঞতা আছে। বৰ্তমান তেওঁ  ৰিয়াধৰ কিং ফয়জল বিশেষজ্ঞ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰত গৱেষণা গৱেষণাগাৰৰ টেকনিচিয়ান হিচাপে কাম কৰি আছে। 


উল্লেখ্য ৰায়ানা বৰ্ণাৱীয়ে তেওঁৰ সহযোগী মহাকাশচাৰী আলী আল-কাৰ্ণিৰ সৈতে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ (আইএছএছ) যাত্ৰা কৰিব। মহাকাশ  অভিযানটো আমেৰিকাৰ পৰা আৰম্ভ কৰা হ'ব বুলি চৌদি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। চৌদি আৰৱৰ মুৰব্বী  ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে শেহতীয়াকৈ মহিলাসকলৰ বাবে আধুনিকতাৰ সকলো দুৱাৰ খুলি দিছে৷ 

দেশ খনত  ২০১৭ চনত মহিলাক  গাড়ী চলাবলৈ আৰু বিদেশ ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হৈছিল।  বিভিন্ন বিভাগ আৰু কোম্পানীত কাম কৰা  মহিলা কৰ্মচাৰীৰ সংখ্যাও এতিয়া বৃদ্ধি পাইছে। ২০১৬ চনৰ তুলনাত কোম্পানী আৰু কাৰ্যালয়ত কাম কৰা  ১৭ শতাংশৰ পৰা ৩৭ শতাংশলৈ বৃদ্ধি পাইছে৷ 

 পূৰ্বে ১৯৮৫ চনত চৌদি ৰয়েল প্ৰিন্স চুলতান বিন ছলমান বিন আব্দুল আজিজৰ সৈতে এজন বায়ু সেনাৰ পাইলটে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা আয়োজিত এক মহাকাশ অভিযানত অংশগ্ৰহণ কৰিছিল। এইবেলি পুনৰ দেশ খনৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী ৰায়ানাই দেশ খনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে৷ তেলৰ বাবে বিখ্যাত দেশ খনে এতিয়া বাহিৰৰ পৃথিৱী খনৰ সৈতেও সমানে খোজ মিলাই যোৱাৰ চেষ্টা চলাইছে৷ তাৰেই অংশ হিচাবে দেশ খনে মহাকাশলৈ প্ৰেৰণ কৰিব প্ৰথমগৰাকী মহিলা মহাকাশচাৰী৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ