--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসংকীৰ্ণতাৰ গণ্ডীৰ পৰা ওলাই  চৌদি আৰৱে এইবাৰ প্ৰথম বাৰৰ বাবে মহাকাশলৈ প্ৰেৰণ কৰিব দেশ খনৰ প্ৰথম গৰাকী মহিলা মহাকাশচাৰীক৷ নাম তেওঁৰ  ৰায়ানা বৰ্ণাৱী৷  দেশ খনৰ চৰকাৰী সংবাদ মাধ্যমে সদৰি কৰা তথ্য অনুসৰি চলিত  বৰ্ষৰ  শেষৰ ফালে চৌদি আৰবে দেশ খনৰ  প্ৰথমগৰাকী  মহিলা মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। 

দেশ খনৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী ৰায়না বাৰ্ণাৱী এজন জৈৱ চিকিৎসা গৱেষক ৷ তেওঁক চৌদি মহাকাশ আয়োগে মিছন বিশেষজ্ঞ হিচাপে এক্সিওম মিছনৰ বাবে নিৰ্বাচিত কৰিছে৷ দেশ খনৰ প্ৰথম মহিলা মহাকাশচাৰী হিচাবে  ২০২৩ চনৰ ১২ ফেব্ৰুৱাৰীত ৰায়ানাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল। 

ৰায়ানাই ওটাগো বিশ্ববিদ্যালয়ৰ পৰা জৈৱ চিকিৎসা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছে। তেওঁ আলফৈজল বিশ্ববিদ্যালয়ৰ পৰা জৈৱ চিকিৎসা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ তাত  তেওঁ স্তন কৰ্কট ৰোগৰ ষ্টেম কোষৰ বিষয়ে অধ্যয়ন কৰিছিল৷  কৰ্কট ৰোগৰ ষ্টেম কোষ গৱেষণাত তেওঁৰ ন বছৰৰ অভিজ্ঞতা আছে। বৰ্তমান তেওঁ  ৰিয়াধৰ কিং ফয়জল বিশেষজ্ঞ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰত গৱেষণা গৱেষণাগাৰৰ টেকনিচিয়ান হিচাপে কাম কৰি আছে। 


উল্লেখ্য ৰায়ানা বৰ্ণাৱীয়ে তেওঁৰ সহযোগী মহাকাশচাৰী আলী আল-কাৰ্ণিৰ সৈতে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ (আইএছএছ) যাত্ৰা কৰিব। মহাকাশ  অভিযানটো আমেৰিকাৰ পৰা আৰম্ভ কৰা হ'ব বুলি চৌদি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। চৌদি আৰৱৰ মুৰব্বী  ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে শেহতীয়াকৈ মহিলাসকলৰ বাবে আধুনিকতাৰ সকলো দুৱাৰ খুলি দিছে৷ 

দেশ খনত  ২০১৭ চনত মহিলাক  গাড়ী চলাবলৈ আৰু বিদেশ ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হৈছিল।  বিভিন্ন বিভাগ আৰু কোম্পানীত কাম কৰা  মহিলা কৰ্মচাৰীৰ সংখ্যাও এতিয়া বৃদ্ধি পাইছে। ২০১৬ চনৰ তুলনাত কোম্পানী আৰু কাৰ্যালয়ত কাম কৰা  ১৭ শতাংশৰ পৰা ৩৭ শতাংশলৈ বৃদ্ধি পাইছে৷ 

 পূৰ্বে ১৯৮৫ চনত চৌদি ৰয়েল প্ৰিন্স চুলতান বিন ছলমান বিন আব্দুল আজিজৰ সৈতে এজন বায়ু সেনাৰ পাইলটে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা আয়োজিত এক মহাকাশ অভিযানত অংশগ্ৰহণ কৰিছিল। এইবেলি পুনৰ দেশ খনৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী ৰায়ানাই দেশ খনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে৷ তেলৰ বাবে বিখ্যাত দেশ খনে এতিয়া বাহিৰৰ পৃথিৱী খনৰ সৈতেও সমানে খোজ মিলাই যোৱাৰ চেষ্টা চলাইছে৷ তাৰেই অংশ হিচাবে দেশ খনে মহাকাশলৈ প্ৰেৰণ কৰিব প্ৰথমগৰাকী মহিলা মহাকাশচাৰী৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ